জুবিন গাৰ্গ আৰু সাম্প্ৰতিক অসমীয়া চলচিত্ৰ
২য় বছৰ, ১ম সংখ্যা
সংস্কৃতি


বিংশ শতিকাৰ শেষৰ ফালে বিশ্বায়নৰ প্ৰভাৱত অসমীয়া ভাষাটোলৈ এক গভীৰ সংকট নামি আহিছিল। তেনে সময়তে এই ভাষা-সংস্কৃতিৰ উত্তৰণত জুবিন গাৰ্গৰ ভূমিকা আছিল অপৰিসীম। তেখেতে সংগীত পৰিচালনা, প্রযোজনা, পৰিৱেশন, সুৰাৰোপণৰ উপৰি চলচ্চিত্র নিমার্ণতো অংশগ্ৰহণ কৰি অসমীয়া ভাষাটোৰ স্বকীয়তা ৰক্ষা কৰাৰ আৰু অসমীয়া সংগীত তথা চলচিত্ৰৰ চাহিদা বৃদ্ধি কৰাৰ আপ্রাণ চেষ্টা কৰিছিল। এনে সাহসী পদক্ষেপৰদ্বাৰা তেখেতে নতুন প্রজন্মৰ চলচ্চিত্র নির্মাতাসকলক অনুপ্রাণিত কৰি এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সফল হৈছে। নিজৰ চলচ্চিত্রৰ বিষয়বস্তুসমূহ তেখেতে সাধাৰণ জনসাধাৰণৰ বোধগম্য হোৱাকৈ সাৱলীলভাৱে উপস্থাপন কৰিছিল। তেখেতৰ সত্যবাদী, স্পষ্টবাদী, জাতীয়তাবাদী আৰু নির্ভীক বিপ্লৱী শিল্পীসত্ত্বা চলচ্চিত্রৰ মাধ্যমেৰেও স্পষ্টভাৱে ফুটি উঠিছিল।
জুবিন গাৰ্গ আছিল ৰূপান্তৰবাদত বিশ্বাসী। বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্রসাদ আগৰৱালা, ভূপেন হাজৰিকা আদিৰ আদর্শক সৰোগত কৰি তেখেতে অসম আৰু অসমীয়াৰ বাবে জীয়াই থাকিব বিচাৰিছিল। তেখেতৰ তেনে চিন্তা-ধাৰণাবোৰ প্ৰকাশ পাইছিল তেখেতৰ সংগীত আৰু চলচ্চিত্রৰ মাধ্যমেৰে। তেখেতৰ এই যোগদানে অসমীয়া চলচ্চিত্ৰক দিছিল আধুনিকতাৰ পৰশ, আৰু এই পৰশে আমাৰ আঞ্চলিক চলচিত্ৰক ৰাষ্ট্ৰীয় পৰ্যায়লৈ গতি কৰাত সহায় কৰিছিল। তেখেতৰ এই কামে নতুন অভিনেতা-অভিনেত্ৰী, কলা-কুশলীসকলকো দিছিল এখন মুকলি মঞ্চ।
জুবিন গাৰ্গৰ আছিল এক নির্ভীক, যুঁজাৰু সত্ত্বা। বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰি চলচ্চিত্র নির্মাণ কৰিবলৈ তেখেতে কুন্ঠাবোধ কৰা নাছিল। নতুন প্রযোজনা সংস্থাৰ সহযোগত বিগ-বাজেটৰ ছবি নিমার্ণ কৰি তেখেতে অসমীয়া চলচ্চিত্ৰৰ মান উন্নত কৰিছিল। লোকসংগীত, বৰগীত, জ্যোতি সংগীত আদি প্ৰচলিত ধাৰাৰ সৈতে আধুনিক সংগীতৰ মিশ্রণ ঘটাই তেখেতে নৱপ্ৰজন্মৰ মাজত অসমীয়া সংস্কৃতিৰ প্রসাৰ ঘটাইছিল। ‘গেংষ্টাৰ’ ছবিৰ ‘য়া-আলি’, আৰু ‘প্যাৰ কে ছাইড ইফেক্টছ’ ছবিৰ ‘জানে ক্যা ছাহে মন বাৱ্ৰা’ আদি গীতৰ জৰিয়তে তেখেতে হিন্দী ছবি জগততো বৃহৎ সফলতা লাভ কৰিছিল। তাৰ পাছতো তেখেতে মুম্বাই এৰি অসমীয়া চলচ্চিত্ৰৰ জগতলৈ উভতি আহিছিল, অসমৰ চলচিত্ৰ উদ্যোগটোক পুনৰ ঠন ধৰাই তোলাৰ উদ্দেশ্যৰেই। ইয়াৰ আঁৰত আছিল অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্রতি তেখেতৰ নিঃস্বার্থ ভালপোৱা। তেখেতৰ এই ভালপোৱা অসমীয়াৰ বাবে আজন্ম প্ৰেৰণা আৰু আদর্শ হৈ ৰ'ব।
জুবিন গাৰ্গে পৰিচালনা কৰা চলচ্চিত্ৰসমূহৰ মাজেৰেও অসমীয়া পৰিচয় আৰু সংস্কৃতিৰ প্ৰতি থকা তেখেতৰ দায়বদ্ধতা প্রকাশ পাইছিল। তেখেতৰ সংগীত পৰিচালনাৰ প্ৰতিখন ছবিতে তেখেতে কলাত্মক অখণ্ডতাক গণ আৱেদনৰ সৈতে মিশ্রিত কৰি সমসাময়িক বাস্তৱতাক প্রতিফলিত কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰিছিল। ইয়াৰ ফলত বিকশিত হৈছিল এক নতুন সাংস্কৃতিক ধাৰা। চলচ্চিত্ৰৰ ক্ষেত্ৰখনত জুবিন গাৰ্গে একেধাৰে সংগীত পৰিচালক, কণ্ঠশিল্পী, গীতিকাৰ, অভিনেতা, পৰিচালক আৰু প্রযোজক হিচাপে বিপুল সফলতা লাভ কৰিছিল।
জুবিন গাৰ্গে চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা আৰু মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰথমখন চলচ্চিত্ৰ হৈছে ‘তুমি মোৰ মাথোঁ মোৰ’। চলচ্চিত্ৰখনৰ সংগীত পৰিচালক, কন্ঠশিল্পী আৰু গীতিকাৰ হিচাপে জুবিন গাৰ্গে মুখ্য ভূমিকা পালন কৰিছিল। পৰিচালক মুনিন বৰুৱা আৰু জুবিন গাৰ্গৰ সফল যুঁটিৰ আৰম্ভণি ‘হিয়া দিয়া নিয়া’ চলচ্চিত্ৰৰ যোগেদি জুবিন গাৰ্গৰ সংগীতে দৰ্শকক পুনৰ ছবিঘৰলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছিল।


ইয়াৰ পাছতেই ‘দাগ’ ছবিখনৰ সংগীতে প্ৰমাণ কৰিছিল যে জুবিন গাৰ্গ কেৱল এজন কন্ঠশিল্পী নহয়, এজন সফল সংগীত পৰিচালকো। চলচ্চিত্ৰখনৰ বিখ্যাত গীত ‘মায়াবিনী’ আজিও প্ৰতিজন অসমীয়া শ্ৰোতাৰ হৃদয়ত স্পন্দিত হৈছে। তাৰ পাছৰ ‘কন্যাদান’ আৰু ‘নায়ক’ ছবি দুখন সাংগীতিক ভূমিকাও আছিল গুৰুত্বপূৰ্ণ। মুনিন বৰুৱাৰে পৰিচালনাৰ ‘বিধাতা’ ছবিখনৰ গীতসমূহেও জুবিন গাৰ্গৰ কন্ঠত অন্যন্য মাত্রা লাভ কৰিছিল। তেনেদৰে তেখেতে 'অগ্নিসাক্ষী' চলচ্চিত্ৰখনৰ আটাইকেইটা গীত নিজে সৃষ্টি কৰি কন্ঠদান কৰিছিল।
৫২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা 'দীনবন্ধু' ছবিখনৰ বাবে জুবিন গাৰ্গে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। জুবিন গাৰ্গে অভিনয় আৰু কন্ঠদান কৰা ‘মন যায়’ ছবিখন ২০০৮ চনত ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ইণ্ডিয়ান পেনোৰামা বিভাগলৈ নিৰ্বাচিত ২০খন শ্ৰেষ্ঠ ছবিৰ ভিতৰত অন্যতম আছিল। জুবিন গাৰ্গে পৰিচালনা আৰু কণ্ঠদান কৰা গীতসমূহৰ বলতে সেই চলচ্চিত্রসমূহেও দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছিল।
২০১৪ চনৰ ৭ নবেম্বৰত মুক্তি লাভ কৰা ‘ৰ'দৰ চিঠি’ অসমীয়া চলচ্চিত্ৰ জগতৰ এক ব্যতিক্ৰমী আৰু কাব্যিক চলচ্চিত্ৰ। ইয়াত জুবিন গাৰ্গে অভিনয়ৰ লগতে গীতসমূহত কন্ঠদানো কৰিছিল। 'অহেতুক' ছবিখনত এক বিশেষ চমু দৃশ্যত জুবিন গাৰ্গে কেমিঅ' হিচাবে দেখা দিয়াৰ লগতে ছবিখনৰ গীতত কণ্ঠও নিগৰাইছিল। মুনিন বৰুৱাৰ পৰিচালনাৰ 'প্ৰিয়াৰ প্ৰিয়' চলচ্চিত্ৰখনত জুবিন গাৰ্গে সংগীত পৰিচালনা, কন্ঠদান আৰু অভিনয়ো কৰিছিল। তেখেতৰে ‘গানে কি আনে’ এখন জনপ্ৰিয় সংগীতধৰ্মী অসমীয়া চলচ্চিত্ৰ।
প্ৰায় ২.৫ কোটি টকাৰ বাজেটেৰে অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল ছবি ‘মিছন চাইনা’ (২০১৭)। এই ছবিখনে ৬ কোটিৰো অধিক ধন লাভ কৰি এক অভিলেখৰ সৃষ্টি কৰিছিল। তেনেদৰে ২০১৯ চনত মুক্তি লাভ কৰা ‘কাঞ্চনজংঘা’ আছিল এক সামাজিক বাৰ্তা যুক্ত চলচ্চিত্ৰ। ২ কোটি টকা বাজেটেৰে নিৰ্মিত ছবিখনে প্ৰায় ৭ কোটি টকা উপাৰ্জন কৰি সেই সময়লৈ সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া ছবি হিচাপে পৰিগণিত হয়। উল্লেখ্য যে এই দুয়োখন ছবিৰে পৰিচালক আছিল জুবিন গাৰ্গ নিজে। অপৰাধ জগতৰ ক'লা অধ্যায়, ক্ষমতাৰ সংঘাত আৰু সশস্ত্ৰ সংঘাতৰ ওপৰত আধাৰিত ‘দ্য আণ্ডাৰৱৰ্ল্ড’টো জুবিন গাৰ্গে তেখেতৰ বহুমুখী প্ৰতিভা প্ৰদৰ্শন কৰিছিল। লগতে জুবিন গাৰ্গৰ কন্ঠৰ যাদুৱে 'ৰত্নাকৰ' ছবিখনকো এক অনন্য আৱেগিক মাত্ৰা প্ৰদান কৰিছিল।
১৯৬৯ চনৰ কালজয়ী অসমীয়া ছবি 'ডক্তৰ বেজবৰুৱা'ৰ ৰি-মেইক বা ছিকুৱেল 'ডক্তৰ বেজবৰুৱা-২'-এ ২০২৩ চনত মুক্তি লাভ কৰি চলচ্চিত্ৰ জগতত ইতিহাসৰ সৃষ্টি কৰিলে। জুবিন গাৰ্গে ছবিখনৰ পুৰণি কালজয়ী গীতসমূহক নতুন ৰূপত কন্ঠদান কৰিছিল। তেখেতে ২০২৩ চনতে মুক্তি লাভ কৰা ‘ৰাঘৱ’ ছবিৰ ‘মা’ আৰু ‘চাৰি চকা’ গীতকেইটিতো কণ্ঠদান কৰিছিল। একে বছৰৰে 'শ্ৰী ৰঘুপতি’ ছবিখনত জুবিন গাৰ্গে ‘তুমি আৰু মই’ শীর্ষক গীতটোত কন্ঠদান কৰাৰ লগতে অসমীয়া চলচ্চিত্ৰ উদ্দ্যোগটোৰ স্বাৰ্থত ছবিখন প্ৰচাৰৰ সয়ত ৰবি শৰ্মাক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল।
জুবিন গাৰ্গৰ অভিনয় আৰু সংগীত পৰিচালনাৰ ‘চিকাৰ’ (২০২৪) ছবিখন অসমীয়া চলচ্চিত্ৰ ইতিহাসত সৰ্বাধিক ভি এফ্ এক্স ব্যৱহৃত ছবি বুলি গণ্য কৰা হয়। ২০২৪ চনতে মুক্তি লাভ কৰা 'ৰুদ্ৰ’ ছবিখনৰ "আগলি অনুভৱে"ও জুবিন গাৰ্গৰ সোণালী কণ্ঠত প্ৰাণ পাই উঠিছিল।


২০২৫-ত মুক্তি লাভ কৰা প্ৰথমখন আধুনিক জীৱনভিত্তিক চলচ্চিত্ৰ ‘ভাইমনদা’ত জুবিন গাৰ্গে বহুমুখী ভূমিকা পালন কৰিছিল। ছবিখনত জুবিন গাৰ্গৰ চৰিত্ৰটো পাৰ্থ প্ৰতিম হাজৰিকাই অতি জীৱন্তভাৱে ৰূপায়ণ কৰিছিল। একে বছৰেই জুবিন গাৰ্গৰ অন্তিমখন আৰু মৰোণোত্তৰভাৱে মুক্তি লাভ কৰা ছবি ‘ৰৈ ৰৈ বিনালে’ই অসমীয়া চলচ্চিত্ৰ ইতিহাসত এক বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ৫ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এই ছবিখনে বৰ্তমানলৈকে ৩৬ কোটিৰো অধিক ধন উপাৰ্জন কৰি অসমীয়া চলচ্চিত্ৰ ইতিহাসত সৰ্বোচ্চ আয় লাভ কৰা ছবি হিচাপে পৰিগণিত হৈছে।
বহুমুখী প্ৰতিভাৰ অধিকাৰী জুবিন গাৰ্গ আছিল তেজ-মঙহৰ মানুহ। সেয়েহে তেখেতৰ সৃষ্টিসমূহতো ভাল-মণ্ড দুয়োটা দিশেই চকুত পৰিছিল। যেনে, আমি ক’ব পাৰোঁ যে শেহতীয়াকৈ জুবিন গাৰ্গৰ ছবিসমূহৰ সফলতা বহুলাংশে তেওঁৰ ব্যক্তিগত জনপ্রিয়তাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল। ফলত অসমীয়া বোলছবি জগতত এনে এক তাৰকা সংস্কৃতিয়ে গঢ় লৈ উঠিল য'ত বোলছবি এখনৰ কাহিনী বা পৰিচালনাতকৈ তাত জনপ্রিয় অভিনেতাৰ উপস্থিতিৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। জুবিন গাৰ্গৰ স্পষ্টবাদিতা আৰু মাজে মাজে কৰা বিতর্কিত মন্তব্যবোৰেও চলচ্চিত্রৰ কলাত্মক দিশটোৰপৰা যেন মানুহৰ দৃষ্টি আঁতৰাই নিছিল।
থোৰতে ক'বলৈ গ'লে, জুবিন গাৰ্গে অসমীয়া চলচ্চিত্ৰ ধাৰাটো ফেনে-ফোটোকাৰে বৈ থকাত যথেষ্ট অৰিহণা যোগাইছিল যদিও তাৰ ফলত চলচ্চিত্ৰৰ বাণিজ্যিক সুঁতিটোহে অধিক শক্তিশালী হৈছিল। এনে বাণিজ্যিক সফলতাৰ প্রাধান্যই অসমীয়া বোলছবিৰ কলাত্মক বিকাশৰ বাটতো যেন হেঙাৰৰ সৃষ্টি কৰিছিল। তাৰোপৰি জুবিন গাৰ্গৰ ছবিৰ সংগীত আৰু দৃশ্যসজ্জাত অত্যধিক পাশ্চাত্য শৈলীৰ প্রভাৱ পৰিলক্ষিত হোৱাত ই অসমীয়া ছবিক অসমীয়া চহা সমাজখনৰপৰা আঁতৰাই নিয়া বুলিও কোনো কোনো লোকে সমালোচনা কৰিছিল। তেখেতৰ ছবিৰ কাৰিকৰী দিশ আৰু গীত-মাতৰ ওপৰত যিমান গুৰুত্ব দিয়া হয় ছবিৰ কাহিনীৰ নিটোলতা অথবা মৌলিকতাৰ ওপৰত সিমানখিনি গুৰুত্ব দিয়া নহয় বুলিও সমালোচকসকলে অভিযোগ উত্থাপন কৰিছিল।
জুবিন গাৰ্গ আছিল আকাশৰ দৰে উদাৰ আৰু সাগৰৰ দৰে বিশাল এক ব্যক্তিত্ব। তেখেতে নিজৰ ত্ৰুটিসমূহ অকপটে স্বীকাৰ কৰিছিল আৰু কেতিয়াও সমালোচনাৰ কটু প্ৰতিক্ৰিয়া নকৰিছিল। বৰঞ্চ তেখেতে অসমীয়া চলচ্চিত্ৰৰ আসোঁৱাহসমূহ আঙুলিয়াই চলচ্চিত্র উদ্যোগটোক আগুৱাই নিবলৈহে জনসাধাৰণক আহ্বান কৰিছিল। সেইবাবেই জুবিন গাৰ্গ কেৱল এজন কণ্ঠশিল্পী বা অভিনেতাই নহয়, তেখেত আধুনিক অসমীয়া চলচ্চিত্ৰ জগতৰ এজন পথপ্ৰদৰ্শক। যি সময়ত অসমীয়া চলচ্চিত্ৰই দৰ্শকৰ অভাৱ আৰু অৰ্থনৈতিক সংকটত দিশহাৰা হৈছিল, সেই সময়ত জুবিন গাৰ্গে এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। একবিংশ শতিকাৰ প্রথমার্ধৰপৰা তেখেতৰ এই একাণপতীয়া প্ৰচেষ্টাই নতুন পৰিচালক আৰু শিল্পীসকলকো আগুৱাই নিছে।
জুবিন গাৰ্গৰ অৱদানৰ কথা উল্লেখ নকৰাকৈ আধুনিক অসমীয়া চলচ্চিত্ৰৰ আলোচনা সম্ভৱ নহয়। জুবিন গাৰ্গে অসমীয়া চলচ্চিত্ৰ জগত আৰু সাংগীতিক জগতলৈ যি অনবদ্য অৱদান আগবঢ়াইছে তাৰ বাবে তেখেত অসমৰ প্ৰতিজন লোকৰে চিৰ নমস্য হৈ ৰ'ব। জুবিন গাৰ্গৰ আদৰ্শ সৰোগত কৰি তেখেতৰ অনুপস্থিতিতো পৰিচালক আৰু কলা-কুশলীসকলে অসমীয়া চলচ্চিত্ৰৰ এই ধাৰাটো অক্ষুণ্ণ ৰাখিব বুলি সকলোৰে গভীৰ প্রত্যাশা।


একলম
লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত
ekolom2025@gmail.com
+917575909540
© 2025. All rights reserved.
