
পৰৱৰ্তী সংখ্যালৈ
প্ৰকাশ কৰিবলৈ লৈছোঁ একলম আলোচনীৰ পৰৱৰ্তী সংখ্যা। এই বসন্ত সংখ্যাটো ওলাব ২০২৬ চনৰ মে' মাহৰ ১ তাৰিখে (১৭ বহাগ)। ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে এই সংখ্যাৰ বাবে ২০ এপ্ৰিল ২০২৬-ৰ ভিতৰত লেখা, ফটোগ্ৰাফ, কাৰ্টুন, পেইণ্টিং আদি জমা দিব পাৰিব। লেখকসকলে তলৰ চৰ্তসমূহ মন কৰিব—
অসম তথা ভাৰতৰ যিকোনো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে আলোচনীখনলৈ লেখা প্ৰেৰণ কৰিব পাৰিব। (গৱেষক ছাত্ৰসকল এই আলোচনীৰ আওতাত নপৰিব।)
লেখাসমূহ অসমীয়া ভাষাত ৰচিত হ'ব লাগিব।
প্ৰতিটো লেখাই ইউনিক'ডত টাইপ কৰি মেছেজ আকাৰে অথবা মাইক্ৰছফ্ট ৱৰ্ড ডকুমেণ্ট হিচাবে পঠিয়াব লাগিব। হাতে লিখা লেখাৰ স্কেনড্ প্ৰতিলিপি বা PDF আকাৰে পঠিওৱা লেখা কাৰিকৰি অসুবিধাৰ বাবে গ্ৰহণ কৰা নহ'ব।
বিজ্ঞান, ইতিহাস, সাহিত্য সমালোচনা আদি বিষয়ৰ লেখা তথা অনুবাদক প্ৰাধান্য দিয়া হ'ব।
প্ৰবন্ধৰ দৈৰ্ঘ্য ৮০০-ৰ পৰা ১,২০০ শব্দৰ ভিতৰত হ'ব লাগিব।
ছাত্ৰ-ছাত্ৰীসকলে আলোচনীখনৰ বাবে পেইণ্টিং, কাৰ্টুন, নিজে তোলা ফটোগ্ৰাফ আদিও প্ৰেৰণ কৰিব পাৰিব।
ফটোগ্ৰাফ আৰু পেইণ্টিংসমূহ JPEG বা PNG ফৰ্মেটত পঠিয়াব। এখন ফটোৰ আকাৰ কমেও 2 MB হোৱাটো বাঞ্চনীয়।
কবিতাৰ বাবে অন্তত তিনিটা কবিতা জমা দিব লাগিব। এটা সংখ্যাত তাৰে মাত্ৰ এটা কবিতাহে প্ৰকাশ কৰা হ'ব। যোগ্য বিবেচিত হ'লে বাকী দুটা কবিতাও পাছৰ সংখ্যাবোৰত প্ৰকাশ কৰা হ'ব।
প্ৰতিজন লিখকে নিজৰ এক চমু পৰিচয় পঠিয়াব লাগিব। এই পৰিচয়ৰ নমুনা আলোচনীখনৰ "এই সংখ্যা সজাইছে" শীৰ্ষক পৃষ্ঠাত পাব।
এই পৰিচয়ৰ লগতে প্ৰতিজন লিখকে নিজৰ স্পষ্ট ছবি এখনো পঠিয়াব লাগিব।
তাৰোপৰি "একলম • Writers & Contributors" শীৰ্ষক হোৱাট্ছ্এপ গ্ৰুপত যোগ কৰিবলৈ প্ৰতিজন লেখকে নিজৰ হোৱাট্ছ্এপ নম্বৰো উল্লেখ কৰিব। আলোচনীখনৰ সকলো বাতৰি এই গ্ৰুপতে পোৱা যাব।
লেখাসমূহৰ মৌলিকতা নিশ্চিত কৰাৰ দায়িত্ব লেখকৰ নিজৰ। একলমৰ সম্পাদনা সমিতিয়ে তাৰ দায়িত্ব গ্ৰহণ নকৰে।


একলমৰ পৰৱৰ্তী সংখ্যাৰ বাবে লেখা, ফটো আদি পঠিওৱাৰ ঠিকনা:
ইমেইল: ekolom2025@gmail.com
হোৱাট্ছ্এপ: ৭৫৭৫৯০৯৫৪০/৯৯৫৭৩৭২৭৩৯
