কিতাপৰ বৰ্ষ - ২০২৫
গ্ৰন্থ

২০১৭ চনৰ বিশ্বৰ দেশবোৰত এটা সমীক্ষা চলোৱা হৈছিল। এই সমীক্ষাটোত পোৱা গৈছিল যে ভাৰতবৰ্ষৰ নাগৰিকে প্ৰতি সপ্তাহত গড়ে ২০ ঘন্টা ৪২ মিনিট সময় কিতাপ পঢ়াৰ নামত খৰচ কৰে। আমাৰ বাবে ই নিশ্চয়কৈ অতি সুখবৰ। কিন্তু তাৰ লগতে বৰ্তমান সময়ত দেখা গৈছে মানুহৰ কিতাপ পঢ়াৰ প্ৰতি ধাউতি দিনে দিনে কমি আহিছে। লক্ডাউনে কোঙা কৰা যুৱ প্ৰজন্মই এতিয়া এন্ড্ৰইড্ মোবাইলতে দৃষ্টি নিবদ্ধ ৰাখি সময় অপচয় কৰিব ধৰিছে।
কোৱা হয় যে যি পঢ়িব-লিখিব পাৰে তাৰ চকু চাৰিটা। তাৰোপৰি যি আখৰ চিনি নাপায় সি চকু থাকিও অন্ধ। সত্যনাথ বৰাই কৈছিল, "পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ ঘাই উপায়। পঢ়নৰ পৰা দূৰৈৰ মণিক হাততে পোৱা যায় । মানুহৰ সংগৰ নিচিনা পুথিৰ সংগয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য্য কৰে ।"
অসম চৰকাৰে ২০২৫ বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে স্বীকৃতি দিছে। এই স্বীকৃতি অসমীয়াৰ বাবে ইতিবাচক খবৰ। অলপতে হৈ যোৱা অসম গ্ৰন্থমেলাতো ৮ কোটি টকাতকৈও অধিক মূল্যৰ কিতাপ বিক্ৰী হৈছে। পঢ়াৰ শেষ নাই।
আমি কিতাপ কিয় পঢ়িব লাগে? কিতাপে বৌদ্ধিক সামৰ্থ্য বঢ়ায়, মানুহক আত্মবিশ্বাসী কৰি তোলে। হোমেন বৰগোঁহাঞিয়ে "কিতাপ পঢ়াৰ আনন্দ" শীৰ্ষক কিতাপখনত লিখিছে যে যিদিনাৰ পৰা মানুহে কিতাপ লিখিবলৈ আৰু পঢ়িবলৈ লʼলে সেইদিনাৰপৰাই মানুহ সত্যৰ গৰাকী হʼল। ছপাশাল আৱিষ্কাৰ হোৱাৰ পূৰ্বে সকলো সাহিত্য মুখে মুখেই প্ৰচলিত আছিল। সেয়া আছিল মৌখিক সাহিত্যৰ যুগ। কিন্তু আজিৰ দিনত বজাৰত কিতাপৰ অভাৱ নাই । নতুন বুজি পাবলৈ আমি পুৰণি কিতাপ পঢ়িব লাগিব, কাৰণ পুৰণিৰ শিপাতহে নতুনৰ পোখা মেলে। বিভিন্ন বিদেশী ভাষাৰ কিতাপে আমাক মানুহ হোৱাত প্ৰভুতভাৱে সহায় কৰে।
২০২৫ চনটো "কিতাপৰ বৰ্ষ" বুলি কওঁতে জানো বুজাই যে আমি এই গোটেই বৰ্ষটো কিতাপ পঢ়িয়েই কটাব লাগিব? কেতিয়াও নুবুজায়। ই বুজায় যে এই বছৰটোত আমি কিতাপৰ গুৰুত্বক নতুনকৈ উপলব্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব।
প্ৰতি বছৰে পৃথিৱীত কোটি কোটি কিতাপ ছপা হৈছে, বিক্ৰী হৈছে। ইয়াৰে কেতবোৰ কিতাম মানুহে কিনে চোবাবলৈ, কেতবোৰ কিনে সোৱাদ ল'বলৈ, আৰু কেতবোৰ কিনে হজম কৰিবলৈ। ইংৰাজ দাৰ্শনিক বেকনে কৈছিল, "কিছুমান কিতাপৰ সোৱাদ লʼব লাগে, কিছুমান গোগ্ৰাসে লাগে গিলিব আৰু কিছু সংখ্যক কিতাপ ভালদৰে চোবাই হজম কৰিব লাগে।"
পিচে আমি যদি কেৱল কিনিব লাগে বুলি চখতে কিতাপ কিনো, তেন্তে আমাৰ আলমাৰিটো হয়তো দেখাত ধুনীয়া লাগিব, কিন্তু সেই কিতাপবোৰ তাতেই পৰি থাকিব। সেই কিতাপবোৰ মাথোঁ লোকক দেখুওৱাহে হ'ব।
কিতাপ ভৱিষ্যতৰ সোণোৱালী ৰাজআলি। ই মানুহক মৃত্যুৰ পাছতো যুগ যুগলৈ জীয়াই ৰাখে। কিতাপে আমাৰ মনৰ বোধিবৃক্ষত নতুন পোখা মেলায়, জীৱনৰ ন ন দিগন্তৰ দুৱাৰ মুকলি কৰে।
আহঁক, এই কিতাপৰ বৰ্ষত সকলোৱে কিতাপ পঢ়োঁ আৰু আমাৰ মনক আৰু মগজুক এক সুস্বাস্থ্য প্ৰদান কৰোঁ।
(চুমি বৰা লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ ছাত্ৰী)