অসমৰ নৃ-গোষ্ঠীয় প্ৰেক্ষাপটত বিহু

সংস্কৃতি

হীৰক জ্যোতি বৰা

বিহু সমন্বয়ৰ উৎসৱ। অসমীয়া জাতিটো যেনেকৈ আৰ্যভিন্ন জাতিৰ সংমিশ্ৰণত গঢ় লোৱা জাতি, ঠিক তেনেকৈ ইয়াৰ সংস্কৃতিৰ ক্ষেত্ৰতো আৰ্য্য, মংগোলীয়, অষ্ট্ৰিক গোষ্ঠীৰ সংমিশ্ৰণ থকা দেখা যায়। তলত অসমৰ কেইটামান নৃ গোষ্ঠীৰ বিহুৰ পৰম্পৰা সম্পৰ্কে আলোচনা কৰা হৈছে।

অসমৰ এক প্ৰধান জনগোষ্ঠী বড়ো-কছাৰী সম্প্ৰদায়ৰ লোকসকলে পালন কৰা ব'হাগ বিহুক বৈশাগু বুলি জনা যায়। গৰু বিহু আৰু মানুহ বিহু দুয়োটা বিহুৱেই তেওঁলোকে পালন কৰে। চ'ত মাহৰ সংক্ৰান্তিৰ দিনা গৰুক পুখুৰী বা নৈলৈ গা ধুৱাৱলৈ নিয়া হয় আৰু তাৰ পূৰ্বে গৰুৰ শিং আৰু খুৰাত সৰিয়হৰ তেল ঘঁহা হয়। গা ধু্ৱোৱাৰ পূৰ্বে বড়ো-কছাৰী গৰখীয়াহঁতে গৰুক লাও-বেঙেনাৰ মালা পিন্ধাই, দীঘলতিৰে কোবাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰি নানা গীত গায়।

মানুহ বিহুৰ দিনা, অৰ্থাৎ নৱবৰ্ষৰ প্ৰথমদিনা ৰাতিপুৱাই বড়োসকলে খেৰাই পূজাৰ ছত্ৰাওলি সুৰৰ বাঁহী বজাই নৱবৰ্ষক আদৰণি জনায়। বিহুৰ দিনা বড়ো লোকসকলে চোতালৰ দক্ষিণ দিশে পৰিয়ালৰ মৃত পূৰ্বপুৰুষসকলক উদ্দেশ‍্য কৰি পূজা আগবঢ়ায়। এই পূজাৰ পাছত খুংখা নামৰ এবিধ তিতা বনৰীয়া শাকৰ লগত কুকুৰা চৰাইৰ মঙহ ভাজি পৰিয়ালৰ সকলোৱে খাই পুৰণি বছৰক বিদায় জনায়। দ্বিতীয় বিহুৰ দিনা ডেকা-গাভৰুৰ লগতে বয়সীয়া মুনিহ-তিৰোতায়ো বৈশাগু নৃত্য কৰে।

অসমৰ ভৈয়াম অঞ্চলৰ আন এক বৃহৎ জনগোষ্ঠী সোণোৱাল কছাৰীসকলৰ বিভিন্ন উৎসৱ-পাৰ্বণৰ ভিতৰতো ব'হাগ বিহুৱেই প্ৰধান। বিহুৰ সময়ত গাঁৱৰ নামঘৰত আনুষ্ঠানিক ভাৱে হুচৰি আৰম্ভ কৰি পাছত ঘৰে-ঘৰে হুচৰি গায়। হুচৰি দলটোৱে লগত লৈ যোৱা দীঘল বাঁহডাল গৃহস্থৰ চোতালত তিনিটা খুঁটাৰ ওপৰত ৰাখি সেইডাল বিহু নামৰ তালে তালে বজায়। ব'হাগ বিহুৰ সাতদিনৰ আগতে সোণোৱাল কছাৰীসকলে হগ্ৰা নৃত্যৰ আয়োজন কৰে। আনহাতে প্ৰতি বছৰে বা প্ৰতি দুবছৰৰ মূৰে মূৰে ব'হাগ মাহৰ সাত দিনৰ দিনা বিহু উৰুওৱাৰ পাছত অষ্টম দিনা ''বহুৱা নৃত্য''ৰ আয়োজন কৰা হয়।

অসমৰ ৰাভা সম্প্ৰদায়ৰ লোকসকলে ব'হাগ বিহুটো "বিছুৱা" হিচাপে পালন কৰে। বিছুৱাৰ উৰুকাত কেইবিধমান বনৰীয়া গছ-পাত আৰু আলু (জাব্ৰে) ঘৰে-চোতালে বান্ধি দি বতাহ-বৰষুণ আৰু অপায়-অমংগলৰ পৰা হাত সাৰিবলৈ প্ৰাৰ্থনা কৰে। গৰু বিহুৰ দিনা সেই জাব্ৰেৰে কোবাই গৰুক গা ধুৱায়। ঘৰৰ গৃহিণীগৰাকীয়ে সেইদিনাই বাহী চোতাল সৰা-মচা কৰি পুৰণি খদা এটাত এখদা গোবৰ লৈ দহিকটা সূতা বুটী বাঢ়নীটাৰেৰে সৈতে পদুলিমুখত পেলাই দি পুৰণি বছৰটোক বিদায় দিয়ে। ব'হাগৰ প্ৰথম দিনটোত পূৰ্বপুৰুষক স্মৰণ কৰি তেওঁলোকৰ নামত মদ-ভাত অৰ্পণ কৰা হয়। ব'হাগৰ প্ৰথমটো সপ্তাহত বয়সস্থ বা আদহীয়া পুৰুষ-মহিলাসকলে বহুৰাঙী বা বগেজাৰী গীত গাই , নাচি-বাগি বিছুৱা উৎসৱটি পালন কৰে।

অসমৰ দেউৰী জনগোষ্ঠীৰ লোকসকলেও তিনিওটা বিহুৱেই পালন কৰে। "জামা চাজেবা বিচু" বুলি জনাজাত ব'হাগ বিহুৰ উৰুকা পালন কৰা হয় ব'হাগৰ সংক্ৰান্তিৰ পাছৰ প্ৰথমটো বুধবাৰে। এসপ্তাহ জুৰি অতি উলহ-মালহেৰে এই বিহু পালন কৰি পাছৰটো বৃহস্পতিবাৰে বিহুৰ সামৰণি মৰা হয়। এই বিহুৰ কালত ডেকা-গাভৰুসকলে ঘৰে ঘৰে গৈ হুঁচৰি গায় আৰু বিহু নাচে। দেউৰীসকলৰ বিহুত কণী যুঁজ, বোকা খেল আদি পৰম্পৰাৰ প্ৰচলন আছে।

অসমৰ তিৱা সম্প্ৰদায়ৰ লোকসকলেও নিজস্ব ৰীতি-নীতিৰে বিহু বা "বিচু" উৎসৱ পালন কৰে। ব'হাগ বিহুৰ দিনা নাঙল, যুঁৱলি, মৈ আদি কৃষিৰ সঁজুলিবোৰ ভালকৈ ধুই প্ৰতিটো বংশৰ এজন বিশিষ্ট লোকৰ ভঁৰালৰ সমুখত জমা কৰি থয় আৰু গধূলি কুকুৰা কাটি পূজা দি কুকুৰাৰ তেজ সেই সঁজুলিবোৰৰ ওপৰত ছটিয়াই দিয়ে। আনহাতে, ফেব্ৰুৱাৰী মাহৰ শেষত বা মাৰ্চ মাহৰ আৰম্ভণিতে তিৱাসকলে "ছগ্ৰা মি ছাৱা" নামৰ বসন্তোৎসৱ পালন কৰে।

কাৰ্বিসকলৰ গৰু বিহুক "দ'মাহীপে" (বৰ দোমাহী) বুলি জনা যায়। গৰু বিহুৰ আগদিনা ভালেমান গৰখীয়া লগ হৈ গৰু বিহুৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন গছ-লতা সংগ্ৰহ কৰে। বিহুৰ দিনা গৰুবোৰৰ গাত মাহ-হালধি ঘঁহি দোঙৰ পাৰলৈ গা ধুৱাবলৈ নিয়া হয়। গা ধুওৱাৰ আগতে দোংটোৰ পানী ভেটি ৰখা হয়। বৰ গৰখীয়া আৰু সৰু গৰখীয়াই জলকোঁৱৰ আৰু জলকুঁৱৰীৰ উদ্দেশ্যে তামোল-পাণ আগবঢ়াই ভেঁটাটো খুলি দিলেহে ৰাইজে গৰুবোৰ পানীত নমায় আৰু নতুন লাহনিৰে গৰুৰ গালৈ 'বাছেৰা'' অৰ্থাৎ বাঁহৰ কাঠিত গাঁথি নিয়া লাউ-বেঙেনা মাৰে। উল্লেখযোগ্য যে সাধাৰণতে কাৰ্বি ৰাইজে গাঁৱৰ বাংথে বা ৰজাজনক আগস্থান দিলেও গৰু বিহুৰ দিনা বৰ গৰখীয়াজনকহে আগস্থান দিয়া নিয়ম। দ'মাহীত গোৱা কাৰ্বি বিহুগীতসমূহক 'দ'মাহীআলুন' বুলি জনা যায় আৰু এই গীত-মাতবোৰত কাৰ্বি সমাজ জীৱনৰ ছবি প্ৰস্ফূটিত হয়। উল্লেখযোগ্য যে এই কাৰ্বি বিহুগীতসমূহ "লুনফাৰৱ" (বনগীত) ৰূপেও স্বীকৃত।

অসমৰ ঘাইকৈ তিনিচুকীয়া জিলাত বাস কৰা মৰাণ সম্প্ৰদায়ৰ লোকসকলে বহাগ মাহৰ প্ৰথম মংগলবাৰটো উৰুকা আৰু বুধবাৰটোত গৰু বিহু পালন কৰে। মৰাণসকলৰ ৰাতি বিহুৰ এক অনন্য বৈশিষ্ট্য আছে। মাৰ্জিত আৰু পৰিশীলিত ৰূপত পালন কৰা এই ৰাতি বিহুত গাঁৱৰ ডেকা-গাভৰুসকলে ওৰে নিশা নৃত্য-গীত কৰে। কাষৰীয়া গাঁৱৰ ডেকাসকলেও এই ৰাতি বিহুত ভাগ ল'ব পাৰে।

বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজেৰে বিহু অসমৰ সমাজত চিৰ প্ৰবাহমান হৈ থাকক। অনক্যক মাজত ঐক্যৰ বাতৰি কঢ়িয়াই বিহু হৈ পৰক মিলনৰ অমোঘ মন্ত্ৰ।

(হীৰক জ্যোতি বৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় (নগাঁও)-ৰ অসমীয়া বিভাগৰ ছাত্ৰ)