অণুগল্প

১ম বছৰ, ১ম সংখ্যা

গায়ত্ৰী নাথ

"সন্ধিয়া নামিবৰে হ'ল, এখনো গাড়ী এইফালে নাই অহাচোন!" শেৱালীয়ে মুখৰ ভিতৰতে ভোৰভোৰালে। আজিহে তাইৰ কলেজৰ কামত দেৰি হ'বলৈ পায়নে! সেই ঠাইৰপৰা তাইৰ ঘৰলৈ দূৰত্ব পাঁচ কিলোমিটাৰ। কিন্তু ইতিমধ্যে চৌপাশ অন্ধকাৰ হৈ আহিছিল। শেৱালীৰ মনটো এক অজান আশংকাই কঁপাই তুলিলে। দুৰু দুৰু বুকুৰে তাই এখোজ-দুখোজকৈ ঘৰৰ ফালে আগবাঢ়িল।

তিনিআলিটো পায়েই তাই শুনিবলৈ পালে এজাক সুৰাসক্ত ডেকাৰ কিৰিলি। আটাইৰে মুখত নানান অবাইচ মাত। সেই ঠাইখিনি সোনকালে পাৰ হ'বলৈ বুলি শেৱালীয়ে খৰকৈ খোজ দিলে। তাই ল'ৰাকেইটাৰ ওচৰ পাওঁতেই ল'ৰাজাকৰ মাজৰে এজনে তাইৰ পিছে পিছে আহি তাইক উদ্দেশ্যি ক'লে, "ঐ ছোৱালী, অলপ ৰহচোন!" এইবুলি ল'ৰাটোৱে তাইৰ হাতখনত খামোচ মাৰি ধৰিলে আৰু তাইক ওচৰৰে আধা ভঙা, পৰিত্যক্ত পঞ্চায়তৰ কাৰ্য্যালয়টোলৈ চোঁচৰাই লৈ গ'ল। শেৱালীয়ে প্ৰাণটাকি চিঞৰিবলৈ চেষ্টা কৰিলে, কিন্তু অন্য দুখনমান হাতে তাইৰ মুখত সোপা দি ধৰিলে।....

নিশাটো শেষ হৈ আহিছিল। লাহে লাহে পূব আকাশখন পোহৰ হৈ উঠিছিল। বাটে-ঘাটে ক'তো জনপ্ৰাণী এটাও নাছিল। পঞ্চায়তৰ ভঙা অফিচটোত এচুকত শেৱালীয়ে অকলশৰে কোঁচ-মোচ খাই বহি আছিল। এতিয়া তাই ভয় কৰিবলৈ বাটত কোনো নাছিল। তথাপিতো তাই ভঙা ঘৰটোৰ ভিতৰতে বহি ৰ'ল। এতিয়া তাইৰ ৰাতিৰ আন্ধাৰলৈ ভয় লগা নাছিল, লাগিছিল দিনৰ পোহৰলৈ।

(শিৱসাগৰৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী।)

একলম

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত

ekolom2025@gmail.com

+917575909540

© 2025. All rights reserved.