সম্ভাৱনাৰ খিৰিকীৰে ৰামায়ণত এভুমুকি

২য় বছৰ, ১ম সংখ্যা

প্ৰবন্ধ

পদ্মেশ্বৰ নৰহ

বিখ্যাত ইতিহাসবিদ ৰাহুল সংস্কৃতায়নৰ মতে ৰামায়ণ বাস্তৱিক কাহিনী নহয়। শ্ৰীলংকাৰ পুৰণি আদিবাসীৰ লোক-কথা, লোকগীত, আখ্যান আদিত ৰামায়ণৰ উল্লেখ অনুপস্থিত। লগতে বশিষ্ঠ, বিশ্বামিত্ৰ যিবোৰ ঋষিৰ উল্লেখ ঋগবৈদিক যুগতো আছিল তেওঁলোক ৰামায়ণতো আছিল, যদিও ঋগবেদ আৰু ৰামায়ণৰ মাজৰ সময়ৰ ব্যৱধান বৃহৎ। ঋগবেদ ৰামায়ণতকৈ হাজাৰ বছৰ পুৰণি। কিন্তু আমি কব পাৰোঁ যে বিশ্বামিত্ৰ, বশিষ্ঠ, অগস্ত্য আদি ঋষিসকলৰ দৰ্শন, কৰ্মৰাজিয়ে ভাৰতীয় সভ্যতাক বিশেষ নেতৃত্ব‌ দিছিল। হয়তো সেই কাৰণেই তেওঁলোকে সকলো যুগকে প্ৰতিনিধিত্ব কৰিছিল।

ৰামায়ণ কোনো ৰজা-মহাৰজাৰ কাহিনী নহয়, বৰং এক দীঘলীয়া সভ্যতাৰ উত্থান-পতনৰ কাহিনীহে। ঋগ্বেদত সীতাক উৰ্বৰতা আৰু কৃষিৰ দেৱী হিচাপে উল্লেখ কৰিছে যি ৰামায়ণত বিদেহ ৰাজ্যৰ ৰাজকন্যা হিচাপে বৰ্ণিত হৈছে।

সীতা বাস্তৱিকতে কোনো নাৰী বা মানৱী নাছিল, উৰ্বৰ ভূমিক ৰামায়ণে নাৰীৰ ৰূপ দি ইয়াৰ ইতিহাস বৰ্ণনা কৰিছে। সীতা মানুহৰ দৰে জনম লোৱা নাছিল, সেইবাবে সীতাক হাল বোৱা সময়ত পোৱা গৈছিল বুলি উল্লেখ কৰিছে। ঠিক সেইদৰে দশৰথ ৰামৰ জৈৱিক পিতৃ নাছিল। যজ্ঞৰ যোগেদিহে তেখেতে চাৰি পুত্ৰ লাভ কৰিছিল।

সীতা বাস্তৱিকতে সিন্ধু সভ্যতাক প্ৰতিনিধিত্ব কৰিছে। সপ্তসিন্ধু উপত্যকাৰ উৰ্বৰ ভূমিত গঢ় লৈছিল মানৱ সভ্যতা। সেই উৰ্বৰ ভূমিৰ আশীৰ্বাদত প্ৰাণ পাই জীপাল হৈছিল পশুধন আৰু কৃষি শস্য। ফলত বহু দীঘলীয়া পৰিক্ৰমাৰ অন্তত নিঅ'লিথিক যুগৰ সভ্যতা, মেহৰগড় সভ্যতা আৰু পাছত সিন্ধুৰ হৰপ্পা নগৰ সভ্যতাই চূড়ান্ত ৰূপ পাইছিল। সেই ঋগবৈদিক যুগৰ ৰামক মূল চৰিত্ৰ হিচাপে লৈ সিন্ধু সভ্যতাৰ পতনৰ সময়ছোৱালৈকে সামৰি‌ দীঘলীয়া ইতিহাসক জনমানসৰ বুকুত স্থাপিত কৰিবলৈ ৰামায়ণৰ ৰচিত হৈছিল।

তামিল কবি কাম্বানৰ ৰামায়ণ আৰু বাল্মীকি ৰামায়ণ একে নহয়। কাম্বানৰ তেওঁ মহাকাব্যৰ বহুখিনি কথা সমকালিন তামিল সমাজত প্ৰচলিত লোককথাৰ পৰা গ্ৰহণ কৰিছিল বুলি ধাৰণা কৰা হয়।

অথৰ্ববেদৰ অযোধ্যাপুৰীয়ে হৰপ্পাৰ যিখন নগৰক প্ৰতিনিধিত্ব কৰিছে তাকে ৰামায়ণে ৰামৰ নগৰী হিচাপে বৰ্ণনা কৰিছে আৰু সীতা এই নগৰীত ৰামৰ পত্নী হিচাপে আহিছিল বুলি অনুমান কৰা হয়। সিন্ধু‌ সভ্যতাৰ নগৰ তাৰ ৰাজন আৰু পবিত্ৰ উৰ্বৰ ভূমিৰ মাজৰ মধূৰ সম্পৰ্ক।

ৰামায়ণৰ কাহিনী অনুসৰি সীতাই অযোধ্যাত বেছি দিন শান্তিৰে থাকিব নাপালে ৰাম আৰু লক্ষ্মণৰ লগত বনবাসত যাব লগা হল। ইয়াক কোনো কোনোৱে এই বুলি ব্যাখ্যা কৰিছে যে সিন্ধু তটৰ হৰপ্পা নগৰ সভ্যতাই বহু দিন জুৰি স্থিতি থাকিব নোৱাৰিলে। ২৬০০ খ্ৰীঃপূৰ্বত পৈণত হোৱা হৰপ্পা‌ সভ্যতা খ্ৰীঃপূৰ্ব ১৯০০পৰা পতনমুখী হল। ফলত ৰাম, সীতা, লক্ষ্মণে বনবাস খাটিব লগা হল। আন কথাত, সেই নগৰৰ প্ৰজা আৰু ৰাজপৰিয়ালে এই স্থান ত্যাগ কৰি সুৰক্ষিত স্থানলৈ প্ৰব্ৰজন কৰিবলগীয়াত পৰিল।

কোনো কোনো লোকে অনুমান কৰে যে ১৯০০ খ্ৰীঃপূৰ্ব বা তাৰ ওচৰে-পাজৰে হয়তো সিন্ধু নদীৰ উপকুলত ব্যাপক হাৰত জলবায়ু বা অন্য‌ ভূ-প্ৰাকৃতিক পৰিৱৰ্তন ঘটিছিল। ভাৰতীয় উপমহাদেশৰ পেলিঅʼক্লাইমেট অধ্যয়নৰপৰা প্ৰাপ্ত তথ্য অনুসৰি সেই যুগত ব্যাপক হাৰত মৌচুমীৰ হ্ৰাস হৈছিল আৰু ফলত গোটেই সিন্ধু অঞ্চলটোৱেই শুকান, জলহীন পৰিস্থিতিৰ সন্মুখীন হৈছিল। সেই প্ৰক্ৰিয়াকে হয়তো সাগৰৰ মাজত স্থিত লংকাৰ ৰাৱণে সীতাক হৰণ কৰা বুলি বৰ্ণিত হ'ল। জল আৰু বৃষ্টি যেন সিন্ধু ভূমি এৰি সাগৰ মাজলৈ গুচি গ'ল আৰু সমৃদ্ধিৰ সিন্ধু ভূমি শুকাই যাব ধৰিলে।

কেতিয়াবা প্ৰবল খৰাং আৰু কেতিয়াবা প্ৰবল বানপানীৰ ফলত সিন্ধিু সভ্যতাৰ স্থিতি শক্তি ক্ৰমাৎ কমি আহিছিল। অনুমান কৰা হয় যে সিন্ধু সভ্যতাৰ পতনৰ সময়তে বেদত উল্লেখিত সৰস্বতী নৈখনো শুকাই যাবলৈ ধৰে। হয়তো সেইবাবেই পুৰাণত কোৱা হয় যে গংগাই পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে সৰস্বতীয়ে পৃথিৱী ত্যাগ কৰি ব্ৰহ্মলোকলৈ যায়গে অৰ্থাৎ সিন্ধু সৰস্বতী সভ্যতাৰ পতনৰ পিছত মানৱ সভ্যতা গংগা উপত্যকাত স্থাপিত হৈছিল। বসমুতীৰ এনে এক বিপৰ্য্যয়ৰ কালতে ৰজা-প্ৰজা, মানুহ, বানৰ, ভালুক আদি সকলোৱে যেন তেওঁলোকৰ মাতৃ স্বৰূপা সিন্ধুভূমিক মা সীতাৰ ৰূপত উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল।

সিন্ধু এলেকা বসবাসৰ অনুপযোগী হৈ পৰাত এফালে গংগা উপত্যকালৈ আৰু আনফালে দাক্ষিণাত্যলৈ মানুহৰ প্ৰব্ৰজন বাঢ়িব ধৰিলে। কিন্তু এই প্ৰব্ৰজনকাৰীসকলে তেওঁলোকৰ অতীতৰ ভূমিৰ কথা নাপাহৰিলে। বনবাসৰ কালছোৱা ৰামে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত পৰিভ্ৰমণ কৰাৰ কথাক ইয়াৰে ইংগিত বুলি চাব পাৰি নেকি? সেই সময়ছোৱাত উত্তৰ ভাৰত আৰু দাক্ষিণাত্যৰ যিসকল সিদ্ধ নাৰী-পুৰুষ আছিল তেওঁলোককো ৰামায়ণে নিজৰ বুকুত বিশেষ স্থান দিছে।

এই প্ৰতিকুল প্ৰাকৃতিক পৰিৱেশৰ সৈতে সিন্ধু উপকূলবাসীৰ যি যুজঁ, তাকে হয়তো কবিয়ে ৰাম-ৰাৱণৰ যুদ্ধৰ ৰূপত কল্পনা কৰিলে। সীতাই ৰামক এৰি আই বসুমতীৰ বুকুত প্ৰৱেশ কৰাত ৰাম যেতিয়া বিহ্বল হৈ পৰিছিল তেতিয়া বাল্মীকিয়ে ৰামক বুজাইছিল যে সীতাক ৰামে পুনৰ সকেত (Saket) ধামতহে লগ পাবগৈ।

বৌদ্ধ সাহিত্য আৰু অন্যান্য উৎসৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে অযোধ্যাৰ পুৰণি নাম আছিল সকেট। পুৰাতাত্ত্বিকভাৱে চালেও বৰ্তমানৰ অযোধ্যাত অতি প্ৰাচীন নগৰৰ উপস্থিতিৰ কোনো প্ৰমাণ নাই। ঋগবেদত সৰযু নদীক সিন্ধু নদী প্ৰণালীৰ পশ্চিমে স্থিত বুলি কোৱা হৈছে। কিন্তু ৰামায়ণত আকৌ এই নদীক উত্তৰ প্ৰদেশত অৱস্থিত বুলি উল্লেখ কৰিছে। ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে হিন্দু সভ্যতা সিন্ধু উপকূলৰপৰা পৰা গংগা নৈৰ দিশেহে আগবাঢ়িছিল। লগতে এই বুলিও ধাৰণা কৰিব পাৰি যে অযোধ্যা সিন্ধু সভ্যতাৰ নগৰ আছিল আৰু সেই সভ্যতাৰ পতনৰ পিছত সকেটত পুনৰ সভ্যতাৰ উত্থান হৈছিল।

অযোধ্যা শব্দ মূল অ-যুদ্ধ” (অৰ্থাৎ য'ত যুদ্ধ নহয়) শব্দৰপৰা বিকশিত। উল্লেখযোগ্য যে সিন্ধু সভ্যতাৰ নগৰবোৰত যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰৰ কোনো প্ৰমাণ পোৱা নাযায়।

ৰামায়ণে শিৱক শ্ৰেষ্ঠ হিচাপে উল্লেখ কৰিছে। ইয়াৰো কাৰণ হয়তো এয়াই যে শিৱ সিন্ধু সভ্যতাৰো গুৰুত্বপূৰ্ণ দেৱতা আছিল। সিন্ধু‌ সভ্যতাৰ পশুপতিৰ ছীল, লিংগৰ ছবি আদিয়ে শিৱৰ এই গুৰুত্বকে বুজায়।

সীতা আছিল লক্ষ্মীদেৱীৰ অৱতাৰ। উৰ্বৰা ভূমিতহে লক্ষ্মীয়ে দেখা দিয়ে। ৰামায়ণৰ শেষত ৰাম আৰু লৱ-কুশক এৰি সীতাই আই বসুমতী গৰ্ভত প্ৰৱেশ কৰিছিল। সিন্ধু সভ্যতাৰ পৃষ্ঠভাগৰ উৰ্বৰ ভূমিও খৰাং, বানপানী আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত বসুমতীৰ বুকুত বিলীন হল।

একলম

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত

ekolom2025@gmail.com

+917575909540

© 2025. All rights reserved.