এটা শূন্য প্লেটফৰ্ম

২য় বছৰ, ১ম সংখ্যা

কবিতা

উৎপল দাস

চৌপাশ অন্ধকাৰ-নিৰ্জন!

অথচ প্লেটফৰ্মত পোহৰ

ফ্লাড লাইটৰ ঢল

হাড় কঁপাই যোৱা এজাক বতাহ

আন্ধাৰ আকাশ ভাঙি সৰি পৰা বৰষুণ

এই বিদায় ক্ষণত মোৰ বুকু শূন্য, কৰুণ।

এটা শূন্য প্লেটফৰ্ম!

দূৰৈত এখন চলন্ত ৰেলৰ উকি ।

প্লেটফৰ্মৰ চুকৰ এখন চকীত

কুচি মুচি বহা অকলশৰীয়া এজনী নাৰী ।।

অলপ পাছতেই পাবহি ৰেলখনি,

এটি বিকট উকি মাৰি

কঢ়িয়াই লৈ যাব সেই নিৰলা নাৰীক

প্লেটফৰ্মৰ বুকু কৰি শুদা।

কিয়নো আহিলি লোহাৰ ৰেলগাড়ী

বৰষুণে ধোৱা ৰাতি,

নেপালিনে তই পোহৰৰ বুকুত

ঠিকনা তোৰ বিচাৰি?

নে শূন্য প্লেটফৰ্মত বিচাৰি ফুৰ,

ভঙা হিয়াৰ কৰুণ কাহিনী?

একলম

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত

ekolom2025@gmail.com

+917575909540

© 2025. All rights reserved.