গাঁৱৰ মানুহবোৰ
কবিতা


দেউতা, গাঁৱৰ মানুহবোৰ বৰ সৰল অ',
সিহঁতে সপোন দেখে জোনাক নিশা
আকাশৰ তৰাবোৰক লগত লৈ।
দেউতা, সিহঁতৰ হাঁহিত কৃত্ৰিমতা নাই,
কপালৰ ঘাম মাটিত পেলালেহে
ভাত-মুঠি পায়।
দুখত হাঁহে — মনৰ কথা কাকো নেদেখুৱায়।
দেউতা, গাঁৱৰ মানুহবোৰৰ সুখ বোলে ধাননি পথাৰ,
সিহঁতে বতাহৰ সুৰত গীত গায়,
বৰষুণত নাচে, পানীত খেলে,
কপালৰ ঘাম খেতিত পেলায়,
মনৰ মাজত এবোকা সপোন ৰচে।
এনে বহু মানুহ দেখিছোঁ, দেউতা,
যি বুকুৰ আপোন গামোচাখন উৎসৱতহে উলিয়ায়।
গাঁৱৰ মানুহবোৰে কিন্তু গামোচাখন সদায় গৌৰৱেৰে লয়।
ধন নাথাকিলেও মৰমৰে পৰিপূৰ্ণ,
সঁচাই দেউতা, গাঁৱৰ মানুহবোৰ বৰ সৰল অ'।
(ৰঞ্জন বৰা লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰ)