পাহাৰলৈ উঠি যায় নৈ

কবিতা

প্ৰকাশ দত্ত

কি এক যাদুকৰী আঁহতত

ফুলি থাকে পৃথিৱীৰ নিয়ম!

যুক্তি নাই, স্বীকাৰ নাই

ভৈয়ামৰ পৰা পাহাৰলৈ উঠি যায় যাৰ নৈ।

কোনেও নাজানে এনে কি প্ৰত্যাশিত প্ৰত্যাশাত

অবাক ঈশ্বৰৰ বন্দনাত মুখৰিত সবাক মানু্হ,

কোনেও নাজানে কিহৰ দীনতাত জুইয়ে কৰে সাগৰক আলিংগন,

কোনেও নাজানে গছক পোছাক পিন্ধাই কিয় উলংগ হয় নাৰী!

খিৰিকীবোৰ খোলাৰ আগতেই জনাৰ প্ৰয়োজন

বাহিৰত ৰ'দ নে বৰষুণ—

তাৰ বাবে জুখিব লাগে জলঙাৰে পাৰ হোৱা সূৰুযৰ তাপ,

তাৰ বাবে শুনিব লাগে টিঙত চুৱা-চুই খেলা পানীৰ আৰ্তনাদ।

বাট লোৱাৰ আগতেই জনাৰ প্ৰয়োজন

বাটটোৱে ক'ত গৈ এৰিবগৈ লগ—

তাৰ বাবে জুখিব লাগে দীঘ আৰু প্ৰস্থ,

তাৰ বাবে শুনিব লাগে বুঢ়ালোকৰ অভিজ্ঞ বচন।

তদন্তত নোলাই—

কাৰ বাৰীত চিপ ল'লে সভ্যতা নামৰ তিৰোতা এজনীয়ে,

কাৰ ঘৰত পালিত হ'ল তাইৰ আধুনিকতা নামে দুৰ্ভগীয়া পো।

ছাইৰঙী আকাশত এটা বেৰঙী বেলি,

সুৰাত মাতাল এজাক দেৱ শিশু

আৰু মন্দিৰত ক্ৰুছবিদ্ধ যীশু—

এইবোৰ কথা ক'লেই হৈ পৰে প্ৰলাপ।

অথচ কোনেও নামানে প্ৰলাপ যিমানেই মিছা, আলাপো সিমানেই মিছা।

আচৰিত—

কি এক যাদুকৰী আঁহতত

ফুলি থাকে পৃথিৱীৰ ইমান ঘটনা!

স্বীকাৰ নাই, কাৰণ নাই

বিশাল লোকাৰণ্যত সকলো কেৱল এক মৃগতৃষা।

(প্ৰকাশ দত্ত লখিমপুৰ জিলাৰ খেৰাজখাত মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ ছাত্ৰ)