স্তব্ধতা

১ম বছৰ, ১ম সংখ্যা

অলি চাবুকধৰা

অনুভৱহীনতাত ব্যৰ্থ শব্দৰ ঝংকাৰ

বিষণ্ণ হৃদয়ৰ গভীৰত গুজৰি-গুমৰি উঠে

মৃত্যুজীৎ প্ৰতিভাৰ শোকৰ শ্লোক।

কঠোৰতাত বন্দী শব্দৰ অস্থিৰতাই

চিঞৰি ক'ব খোজে

শেৱালী ৰাতিৰ ৰূপকথা।

সংকীৰ্ণতাত ডুব যোৱা শব্দৰ বুৰঞ্জী মাথোঁ ক্লীৱতা।

সংগ্ৰামৰ আঁচোৰ, মাথোঁ নিদাৰুণ

অভিজ্ঞতাৰ ঘনীভূত উশাহ, শব্দৰ অৰণ্যত মাথোঁ

নিৰলস স্তব্ধতা !

(অলি চাবুকধৰা লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ ছাত্ৰী)

একলম

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত

ekolom2025@gmail.com

+917575909540

© 2025. All rights reserved.