নিস্তব্ধতাৰ সুহুৰি

২য় বছৰ, ১ম সংখ্যা

কবিতা

অনন্যা ডেকাবৰুৱা

আজি মৌনতাৰ তমসাক সামৰিলো

নিষ্টব্ধতাৰ এটি গীত গুণগুণালোঁ ,

সজালো এটি নতুন অক্লান্ত প্ৰভাত

এতিয়া মোৰ প্ৰাপ্তি এটি নিৰ্ভীক মন আৰু মই।

কেতেকীৰ মৃদু সুহুৰি আজি ভ্ৰান্ত

ফুলৰ মধুৰ স্নিগ্ধতাও নহয় প্ৰিয়,

উদ্বাউল মলয়া অকল্পনীয় এটি দণ্ড।

সংগীতৰ মিঠা সুৰতো বিৰহৰ বীজ,

কঢ়িয়াই মাথোঁ অস্বস্তিৰ বোজা,

উপহাৰ দিয়ে সি অশ্ৰুধাৰা।

এতিয়া আপোন মাথোঁ মই

আৰু এই স্বপ্নাতুৰ কায়া..।

একলম

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত

ekolom2025@gmail.com

+917575909540

© 2025. All rights reserved.