নগেন শইকীয়াৰ ভ্ৰমণ সাহিত্য : এক আলোচনা

২য় বছৰ, ১ম সংখ্যা

সাহিত্য সমালোচনা

অন্বেষা শৰ্মা

কুৰি শতিকাৰ পঞ্চাশৰ দশকৰ শেষৰ ফালে গল্প ৰচনাৰে অসমীয়া সাহিত্য জগতত প্ৰৱেশ কৰা নগেন শইকীয়াই সাহিত্যৰ প্ৰায় সকলো দিশতে বৰঙণি আগবঢ়াইছে। তেখেত একেধাৰে গল্পকাৰ, ঔপন্যাসিক, কবি, গৱেষক, নিবন্ধকাৰ, সমালোচক, ভ্রমণ-কাহিনী ৰচয়িতা আৰু বিভিন্ন গ্রন্থৰ সম্পাদক।

বর্তমানলৈ নগেন শইকীয়াৰ দুখন ভ্রমণ-কাহিনী গ্ৰন্থ প্রকাশ পাইছে। তাৰে প্রথমখন আমেৰিকা ভ্ৰমণৰ কাহিনী আৰু দ্বিতীয়খন চীন দেশ ভ্রমণৰ কাহিনী। প্রথমখনৰ নাম আমেৰিকাত দহদিন (১৯৮৮) আৰু দ্বিতীয়খনৰ নাম মহাচীনৰ দিনলিপি (১৯৯৪)। ১৯৮৮ চনত 'উত্তৰ আমেৰিকা অসম সংঘ'ৰ নিমন্ত্ৰণ ৰক্ষা কৰি 'অসমীয়া ভাষা-সাহিত্যলৈ আমেৰিকান মিছনেৰিসকলৰ অৱদান' শীর্ষক বক্তৃতা প্রদান কৰিবৰ বাবে নগেন শইকীয়া আমেৰিকালৈ গৈছিল। তেওঁৰ এই ভ্ৰমণৰ আৰম্ভণিৰ দিনটোৰে পৰা ঘূৰি অহাৰ দিনটোলৈ, লেখেৰে প্ৰায় তেৰদিনৰ সমষ্ট অভিজ্ঞতাৰ বৃত্তান্তই হ''আমেৰিকাত দহদিন'

নগেন শইকীয়াৰ চমু আমেৰিকা ভ্রমণ আৰম্ভ হয় ১৯৮৮ চনৰ ২৯ জুনৰ পুৱা বেলা। সেইদিনাৰ পৰা লেখকে আমেৰিকা ভ্ৰমণৰ প্ৰতিটো দিনৰ কথা একোটাকৈ অধ্যায়ত ভাগ কৰি বৰ্ণনা কৰিছে। মুঠ ১৪২ পৃষ্ঠা জোৰা গ্ৰন্থখনিত 'প্রথম দিনটো', 'দ্বিতীয় দিন', 'তৃতীয় দিন' - এইদৰে দহদিনৰ দহোটা অধ্যায়ৰ লগত 'অতিৰিক্ত দুদিন' বুলি একাদশ সংখ্যক অধ্যায় এটাও সংযোজিত কৰিছে। 'ষষ্ঠ দিন' শীর্ষক অধ্যায়টোৰ বাদে বাকী অধ্যায়বোৰৰ আৰম্ভণিতে একোটাকৈ কাব্য-পংক্তি তুলি দিয়া হৈছে। এই কাব্য-পংক্তিবোৰৰ নিৰ্বাচন বৈশিষ্ট্যপূর্ণ। প্রথম অধ্যায়ত তেওঁ ৰবাৰ্ট ফ্ৰষ্টৰ কবিতাৰ উক্ত পংক্তিটো উদ্ধৃত কৰিছে—

Two roads diverged in a wood, and I

Took the less travelled by

And that has made all the difference

কবিয়ে কোৱা দুটা পথৰ ভিতৰৰ যিটোৰে কম অহা-যোৱা হৈছে তাৰ কথা যাত্ৰাৰ লগ্নত শইকীয়াই যথোপযুক্তভাৱেই মনত পেলাইছে। কিয়নো আমেৰিকাৰ যাত্রাপথ তেওঁৰ বাবে অচিনাকি। দ্বিতীয় অধ্যায়ৰ আৰম্ভণিতে তেখেতে ৱালেছ স্টিভেন্‌জৰ কবিতাৰ পংক্তি তুলি ধৰিছে। ষ্টিভেন্‌জ এজন বিশিষ্ট আমেৰিকান কবি। দ্বিতীয়দিনা শইকীয়া আমেৰিকাত সোঁ-শৰীৰে উপস্থিত হৈ আমেৰিকাৰ কবি এগৰাকীৰ কথা সোঁৱৰা কথাষাৰ প্রাসঙ্গিক হৈছে। তদুপৰি 'প্রথম দিন' নামৰ প্রথম অধ্যায়টি হ'ল প্রস্তাৱনা পর্ব; দ্বিতীয় অধ্যায়তহে তেওঁ আমেৰিকাত ভৰি থৈছ। সেয়ে এনে সময়ত "The Prologues are over/ It is a question now/ of final belief" এই উপলব্ধি যথার্থ হৈছে। এইদৰেই তেওঁ আনবোৰ অধ্যায়তো ৱাল্ট হুইটমেন, এমিলি ডিকিন্‌ছন্‌, ৰবীন্দ্ৰনাথ ঠাকুৰ, ফ্ৰষ্ট, 'মাৰ্ছন, জে. আৰ. এণ্ডাৰচন আদি বিখ্যাত কবি-সাহিত্যিকৰ ৰচনাৰ উদ্ধৃতি সন্নিৱিষ্ট কৰিছে। এই উদ্ধৃতিবোৰ অৰ্থবহ আৰু বক্তব্য বিষয়ৰ লগত ৰজিতা খোৱা। ফলত এইবোৰে ভ্ৰমণ বৃত্তান্তৰ সৌন্দর্য বাৰুকৈ বৃদ্ধি কৰিছে।

শইকীয়াই 'আমেৰিকাত নামিয়েই অনুভৱ কৰা প্ৰথম বিষয়টো হ'ল পাৰিপাট্য আৰু শৃংখলা'। কেনেডী আন্তর্জাতিক বিমান বন্দৰটোৰ সুশৃংখল ৰূপ দেখি তেওঁ মুগ্ধ হৈছে। তেওঁ লক্ষ্য কৰিছে- বিমান বন্দৰৰ কৰ্মী-কৰ্মচাৰীসকল ভদ্র হাঁহিমুখীয়া। চাৰিওফালৰ ব্যস্ততাৰ মাজত ক'তো হাই উৰুমি নাই। সকলো ঠায়েই সুন্দৰ, পৰিপাটি। বিমান বন্দৰৰপৰা ওলাই আহি আমেৰিকাৰ প্রশস্ত, মসৃণ আৰু পৰিষ্কাৰ ৰাজবাট পাওঁতে তেওঁৰ মনত পৰিছে অসমৰ আলিবাটৰ দুৰৱস্থাৰ কথাঃ

আমাৰ নেচনেল হাইৱে নহয়, নেচনেল 'কেনেল' একোটা সৰু সৰু পুখুৰী একোটাৰে ভৰা, দাঁতিৰ এছফাল্ট খহি গৈছে- ক'ৰবাত হাইৱেতে দেখিব ধান ৰ'দাইছে। নহ'ব কিয়? আলিবাট বন্ধা বা মেৰামতিৰ বাবে আমাৰ ধাৰ্য ধনৰ পঞ্চাছভাগতকৈও অধিক যায় ঠিকাদাৰ আৰু বা-বিষয়াৰ পেটলৈ, ইফালে বৰষুণে বানপানীয়ে আমাৰ মাটি হ'ল পানী দিয়া কোমল চাউল যেন। এতেকে আমাৰ আলিবাটত গাঁত নহৈ আমেৰিকাত হ'বনে?

লেখকে আমেৰিকাৰ আলিবাটত হাজাৰ-বিজাৰ গাড়ী অহা-যোৱা কৰি থকা প্রত্যক্ষ কৰিছে। তেওঁ লিখিছে, "আমেৰিকাৰ গাড়ী আমাৰ তাত বাইচাইকেলৰ দৰে ব্যৱহাৰ্য যান। ইয়াত সেইবাবে দেউতাক-মাক, পুতেক-বোৱাৰীয়েক, জী-জোৱাঁই, শিক্ষক-ছাত্র, বিষয়া-শ্রমিক সকলোৰে একোখন গাড়ী।" কিন্তু গাড়ীবোৰৰ পৰা হৰ্নৰ শব্দ তেওঁ শুনা নাই। কাৰণ আমেৰিকাত হর্ন বজোৱাটো একপ্ৰকাৰ হয় অশিষ্টতাৰ পৰিচায়ক নহয় ইমার্জেন্সীৰ সংকেত।'' আমেৰিকাৰ হাইৱেত গাড়ী চলোৱাৰ বাবদ চালকসকলে আলিবাটৰ ঠায়ে ঠায়ে থকা কাউণ্টাৰত দূৰত্ব অনুসৰি টেক্স জমা দি যাব লাগে। এই টেক্সেৰেই তাৰ আলি-পদূলি, দলঙৰ মেৰামতি আৰু প্রতিপালন চলে। এনেদৰে শইকীয়াৰ দৃষ্টিত পৰা প্ৰতিটো বিষয়ৰ পুংখানুপুংখ বৰ্ণনাৰ দ্বাৰা 'আমেৰিকাত দহদিন' গ্রন্থখন সমৃদ্ধ হৈছে।

নগেন শইকীয়াৰ পৰ্যবেক্ষণ দৃষ্টি অতি সূক্ষ্ম। সেয়ে আমেৰিকাৰ ৰেডিঅ', টেলিভিছন আৰু বাতৰি কাকতৰ নিয়ন্ত্ৰকসকল ইহুদী বুলি জানিব পাৰি তেওঁ অনুমান কৰিছে ইহুদীসকলৰ দখলত থকা ইজৰাইলক আমেৰিকাই অসন্তুষ্ট নকৰাৰ কাৰণ। তেওঁ লিখিছে, "এই ত্রিশক্তি (ৰেডিঅ', টেলিভিছন আৰু বাতৰি কাকত) প্রধানকৈ ইহুদীসকলৰ দ্বাৰা নিয়ন্ত্রিত। গতিকে আমেৰিকাই ইজৰাইলক অসন্তুষ্ট কৰিব নোৱাৰাৰ ইয়ো এটা কাৰণ হ'ব পাৰে। আমেৰিকাত ইহুদীৰ সংখ্যা বেছ ডাঙৰেই। তদুপৰি, এই ত্রিশক্তিৰ বাহিৰেও বেংক, শিক্ষকৰ চাকৰি, কোম্পানীৰ উচ্চ বিষয়াৰ চাকৰি এনেবোৰ ক্ষেত্ৰতো ইহুদীসকলৰ প্রাধান্য মন কৰিবলগীয়া।"

আমেৰিকাত থকা কালত লেখক শইকীয়াই অলপ সময়ৰ বাবেও অসমৰ কথা পাহৰিব পৰা নাই। প্রায় সকলো কথাৰ বৰ্ণনাতে তেখেতে প্রত্যক্ষ বা পৰোক্ষভাৱে হ'লেও নিজৰ দেশ আৰু জাতিৰ প্ৰসঙ্গ সুমুৱাই লৈছে। আমেৰিকাৰ খেতিৰ পথাৰত যন্ত্ৰৰ ব্যাপক ব্যৱহাৰৰ কথা উল্লেখ কৰোঁতে তেখেতেঅসমৰ খেতিয়কৰ গৰুহাল আৰু নাঙলটোৰ কথা পাহৰা নাই:

ইয়াত খেতিৰ পথাৰতো যন্ত্ৰৰ ব্যৱহাৰ। মাটি চহাব লাগে যন্ত্র, বীজ সিঁচিব লাগে যন্ত্র, সাৰ-জাবৰ দিব লাগে- যন্ত্র, দৰৱ চটিয়াব লাগে- যন্ত্র, পানী দিব লাগে- যন্ত্র, শস্য কাটিব লাগে- যন্ত্র। মুঠতে যন্ত্র-যন্ত্র আৰু যন্ত্ৰ। আমাৰ খেতিয়কৰ চেৰেলা বুঢ়া গৰুহাল, সেই কৌটিকলীয়া নাঙলটো আৰু আমাৰ খেতিয়কজনৰ আঁঠুমূৰিয়া চুৰিয়াৰে নিচলা শৰীৰটো- এইবোৰলৈ চাঁৎ চাঁৎকৈ মনত পৰিছে।

এনে তুলনাই বর্ণনীয় বিষয়ক স্পষ্ট কৰাৰ লগতে লেখকৰ স্বদেশানুৰাগ প্ৰকাশ কৰিছে।

নগেন শইকীয়াই আমেৰিকা আৰু অসমৰ মাজত ভালখিনিৰ পাৰস্পৰিক বিনিময় হোৱাটো কামনা কৰে। এই ক্ষেত্ৰত আমেৰিকাবাসী অসমীয়াসকলৰ কৰণীয় আছে বুলি লেখকে তেওঁলোকক আহ্বান জনাই আহিছে। ঘৰুৱা পোনপটীয়া ভাষা, মাজে মাজে কাব্যিকতা আৰু বছা বছা তথ্য-সম্ভাৰৰ সংযোগে গ্ৰন্থখনিক বিশিষ্ট মাত্রা প্রদান কৰিছে।

নগেন শইকীয়াৰ দ্বিতীয়খন ভ্রমণ কাহিনী হ'ল- 'মহাচীনৰ দিনলিপি'। এইখন ভ্রমণ কাহিনী ৰচনাৰ আঁৰতো আছে তেখেতলৈ জনোৱা এক বিশেষ নিমন্ত্রণ। চীনৰ লেখক সংঘৰ নিমন্ত্রণক্রমে সাহিত্য অকাদেমিৰ পক্ষৰ পৰা ভাৰতীয় লেখকৰ প্ৰতিনিধি স্বৰূপে ১৯৯৩ চনৰ জুন মাহৰ ৩ তাৰিখে তেওঁ চীন দেশলৈ গৈছিল। চীন দেশত তেওঁ মাত্ৰ বাৰ দিন আছিল আৰু ১৫ জুনৰ সন্ধ্যা বেলা তাৰ পৰা উভতি আহিছিল। চীন ভ্ৰমণৰ এই দিনকেইটাৰ অভিজ্ঞতা আৰু অনুভৱৰ খতিয়নেৰেই তেওঁ'মহাচীনৰ দিনলিপি' ৰচনা কৰিছে।

প্রথমখন ভ্রমণ-কাহিনীৰ দৰেই এইখন ভ্রমণ-কাহিনীও কেইবাটাও অধ্যায়ত ভাগ কৰি ৰচনা কৰা হৈছে। প্রতিটো অধ্যায়ৰ আৰম্ভণিতে একোফাকি কবিতাৰ পংক্তি তুলি ধৰা হৈছে। এইক্ষেত্ৰত তেখেতেৰবীন্দ্ৰনাথ ঠাকুৰ, জ্যোতিপ্ৰসাদ আগৰৱালা, নলিনীবালা দেৱী আদি ভাৰতীয় কবিৰ উপৰি চীনা কবিৰ কবিতাৰ শাৰীও চয়ন কৰিছে। যাত্ৰাৰ আৰম্ভণিৰ দিনটোত চীন দেশ সম্পর্কে থকা তেওঁৰ শৈশৱৰ ধাৰণা মনলৈ আহিছে। "চীনলৈ যাবলৈ ওলাই, চেনী আৰু গাখীৰ নিমিহলোৱাকৈ চীনাসকলে খোৱা 'সেউজীয়া চাহ' গ্রীন টী, আৰু 'যুতি ফুলৰ সুগন্ধি চাহ' জেছমিন টী লৈ মনত পৰিছে।... "সেই যে সৰু কালতে চীনা মাাটিৰ পিৰিচ-পিয়লা দেখি ভাবিছিলোঁ যে চীন দেশৰ মাটিবোৰ বগা আৰু টান হ'বলা!" ইত্যাদি চীন দেশ সম্পর্কীয় নানা কথা উপস্থাপনেৰে তেওঁ ভ্ৰমণৰ কাহিনীভাগ মনোৰমভাৱে সজাই গৈছে।

চীন দেশৰ চমু ইতিহাস, সেই দেশৰ মানুহ, প্রশাসক, কবিসকল, চীনৰ প্ৰাচীৰ, সমাজ ব্যৱস্থা, দেশখনত সংঘটিত বিপ্লৱৰ ইতিহাস আদি নানা কথা গ্ৰন্থখনিৰ ঠায়ে ঠায়ে সংযোগ কৰা হৈছে। চীন দেশত উপস্থিত হৈ নগেন শইকীয়াই মুক্ত চীনৰ বিষয়ে নিজৰ উপলব্ধি প্ৰকাশ কৰিছে এইদৰে: "চীনত ভৰি দিয়েই পৰিষ্কাৰ-পৰিচ্ছন্নতা অনুভৱ কৰিলোঁ, অনুভৱ কৰিলোঁ নাৰীৰ সামাজিক স্থান, দেখিলোঁ প্রদূষণ প্রতিৰোধত দিয়া আন্তৰিক গুৰুত্ব আৰু অনুভৱ কৰিলোঁ - চীন মই ভবাতকৈ দেখোন বহুত মুকলি।"

মহাচীনৰ দিনলিপি চীনৰ খাদ্য-সম্ভাৰ, চীন দেশৰ ভাষা আৰু লিপি, গাঁও, নগৰ, চীনা-কাব্য, চিত্ৰ-কলা, লেখকসকলৰ স্বাধীনতাৰ সীমা, লেখাৰ পাৰিশ্ৰমিক, ইত্যাদি অনেক সংবাদেৰে ভৰপূৰ হৈ আছে। ভ্রমণ কালৰ শেহৰ দিনা শইকীয়াদেৱে চীন সম্পর্কে তেখেতৰ মনৰ অনুভৱ প্ৰকাশ কৰিছে এইদৰে — "এহাতে বিশালতা, এহাতে সূক্ষ্মতা এয়ে চীন। এহাতে কোমলতা, এহাতে কঠোৰতা এয়ে চীন। এহাতে সমাজবাদ, এহাতে পুঁজিবাদ এয়ে চীন। এহাতে এছীয় চৰিত্ৰ, আনহাতে মার্কিন ষ্টাইল - এয়ে চীন।"

উল্লেখযোগ্য যে চীন-ভ্রমণ সম্পর্কীয় অভিজ্ঞতাৰ উপৰি লেখকৰ মনলৈ অহা নানা ভাবনা-চিন্তাৰ প্ৰকাশ গ্ৰন্থখনিত সিঁচৰতি হৈ আছে। যথা — "আমি আকৌ এই বাটেদিয়েই কেতিয়াবা আহিম জানো? হয়তো নাহোঁ হয়তো আহিবও পাৰোঁ- কোনে জানে? কিন্তু এইটো ঠিক যে একে অভিজ্ঞতা, একে সময় আমি ঘূৰাই নাপাওঁ। মোক মাজে মাজে এই ভাবটোৱে বৰ যন্ত্ৰণা দিয়ে। জীৱনৰ প্রিয় মুহূৰ্তবোৰৰ পুনৰাবৃত্তি বিচাৰিলেও সিহঁত একে ৰূপত ঘূৰি নাহে। অভিজ্ঞতা কিয়, জীৱনটো নিজেইতো যেতিয়া যায় চিৰদিনৰ বাবে যায়।"

আমেৰিকাত দহদিন আৰু মহাচীনৰ দিনলিপি — এই দুয়োখন ভ্রমণ-কাহিনীয়েই চমু ভ্রমণৰ ওপৰতআধাৰিত। কিন্তু এই চমু সময়ৰে সদ-ব্যৱহাৰ কৰি লেখকে আমেৰিকা আৰু চীন দেশ ভ্ৰমণৰঅভিজ্ঞতা বর্ণনাৰে পাঠকৰ সৈতে মানসিক সংযোগ ৰক্ষাত সফল হৈছে। গ্ৰন্থ দুখনিৰ বৰ্ণনা-ৰীতি আৰু শব্দ-চয়ন সুন্দৰ। বৰ্ণনাৰ মাজে মাজে ইংৰাজী, বাংলা আৰু ন-পুৰণি অসমীয়া কবিতা বা গদ্যৰ অংশ প্রয়োজনবোধে তুলি দিছে। এনে উদ্ধৃতিয়ে বৰ্ণনাৰ বিষয়টো স্পষ্ট, বোধগম্য আৰু আকর্ষণীয় কৰি তোলাৰ লগতে শইকীয়াৰ পাণ্ডিত্যৰ পৰিচয় আৰু স্মৃতি শক্তিৰ প্ৰখৰতাৰো আভাস দাঙি ধৰিছে। এই আটাইবোৰ কথাই দুয়োখন গ্ৰন্থকে অসমীয়া ভ্ৰমণ সাহিত্যৰ দুই অমূল্য ৰত্নত পৰিণত কৰিছে।

(অন্বেষা শৰ্মা যোৰহাট জিলাৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰী। তেওঁৰ ৰচনা বিভিন্ন স্মৃতিগ্ৰন্থ, আলোচনী আদিত প্ৰকাশ পাইছে।)

একলম

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত

ekolom2025@gmail.com

+917575909540

© 2025. All rights reserved.