ইতিহাসৰ জলঙাৰে মৰঙীয়াল গাঁও
২য় বছৰ, ১ম সংখ্যা
ইতিহাস


যোৰহাট জিলাৰ দক্ষিণ-পূৰ্ব প্ৰান্তত নগাপাহাৰৰ পাদদেশত অৱস্থিত এখন বৃহত্তৰ গাঁও হৈছে মৰঙীয়াল গাওঁ। এই গাঁওখন যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ নকছাৰি মৌজাৰ অন্তৰ্গত। একালৰ অসম নাগালেণ্ড সীমান্তৱৰ্ত্তী বৃহত্তৰ তৰাতলি অঞ্চলটো পৰৱৰ্তী সময়ত নকছাৰি, দেবেৰাপাৰ আৰু মৰিয়নি মৌজাত বিভক্ত হৈ পৰিছিল। সেই দেবেৰাপাৰ মৌজাৰ অন্তৰ্গত এখন গাঁও আছিল এই মৰঙীয়াল গাঁও। পাছলৈ দেবেৰাপাৰ মৌজাটো নকছাৰি মৌজাৰ লগত চামিল কৰাত মৰঙীয়াল গাঁও নকছাৰি মৌজাত অন্তৰ্ভুক্ত হৈ পৰে।
পূব দিশে নামচেচু নৈ আৰু পশ্চিমে ধলি নৈৰ মাজত অৱস্থিত এই তৰাতলি অঞ্চলটো আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল চুহুংমুং দিহিঙীয়া ৰজাৰ দিনত। তাৰ পাছতে নগা পাহাৰৰ দাঁতি-কাষৰীয়া অঞ্চলৰ প্ৰজাক বৰ্হিশত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ এই ঠাইত এটা কোঠ পাতি বচা বচা কিছুমান সৈন্যক তাত নিয়োগ কৰা হৈছিল। জনশ্ৰুতি অনুসৰি এই কোঠটো আছিল পাহাৰৰ নামনিত, আৰু তাত মোতায়েন সৈন্য দলটো গঠিত হৈছিল টিং, টং,টিমং, ইমক্ আৰু মাটিংচা নামৰ পাঁচজন চৰবচা অৰ্থাৎ সকলো যুদ্ধ কলাত পাকৈত সৈন্যৰে। পিছলৈ কোঠটোত সৈন্যৰ ৰদ-বদল হৈছিল আৰু ন ন সৈন্যৰ আহ-যাহ চলি আছিল। কাষৰ পাহাৰীয়া জাতিসমূহৰ লগত যুঁজ-বাগৰ আহোম ৰাজ্যৰ যুঁজ-বাগৰ চলিছিল, আৰু পুনৰ মিত্ৰতাৰ পাশেৰে আৱদ্ধ হৈ দেশৰ বৈদেশিক নীতি মজবুত কৰিছিল।
ইয়াৰ পৰৱৰ্তী সময়ত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই গাঁও গঠন কৰোঁতে এই ঠাইত নতুনকৈ গাঁৱৰ ভেটি স্থাপন হয়। ১৬৭২ চনত আহোম প্ৰশাসনৰ এজন বৰবৰুৱা লেচাই ডেবেৰাই এই ঠাইতেই বৰবৰুৱাৰ চ’ৰা স্থাপন কৰিছিল। ফলত ঠাইখন ডেবেৰা বৰবৰুৱাৰ নামেৰে হোৱা ডেবেৰাপাৰ খাটৰ অন্তৰ্ভুক্ত হৈ পৰে। বৰবৰুৱা ডেবেৰাৰ পিছত অন্য এজন বৰবৰুৱা মৰঙী আৰু তেওঁৰ সহযোগীসকলে এই ঠাইত বাহৰ পতা হেতুকে পৰৱৰ্তী সময়ত ডেবেৰাপাৰ খাটৰ অন্তৰ্গত এই ঠাইখনৰ নাম মৰঙীয়াল হৈ পৰে।
১৮ শতিকাৰ দ্বিতীয় ভাগত মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে দিচৈ নৈৰ আগাৰীৰ নগাপাহাৰৰ দাঁতিত সৈন্যৰ কোঠ স্থাপন কৰি মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ চেষ্টা কৰি আছিল। তেওঁ মৰঙীয়াল গাঁৱৰ কাষতে শিঙৰিজানত এটা সৈন্যৰ কোঠ বহুৱাই এজন চহৰীয়াক তেওঁলোকৰ নেতা অৰ্থাৎ বৰুৱা পাতিছিল (তুংখুঙীয়া বুৰঞ্জী, ড° সূৰ্য্যকুমাৰ ভূঞা; আহোম আৰু অসম, ড° সোমেন্দ্ৰনাথ বুঢ়াগোহাঁই)।
ওঠৰ শতিকাত বৃটিছ কোম্পানীৰ বিৰুদ্ধে গোমধৰ কোঁৱৰৰ নেতৃত্বত আৰম্ভ হোৱা অসমৰ প্ৰথম স্বাধীনতা বিদ্ৰোহৰ মূল ঘাটি আছিল এই তৰাতলি অঞ্চলটো। লাহদৈগড়ৰ কাষতে গোমধৰ কোঁৱৰৰ ৰজাবাৰী থকাৰ উপৰিও নগা পাহাৰৰ কাষে কাষে তেওঁৰ সৈন্যৰ ছাউনিবোৰ আছিল। দিচৈ নৈৰ আগাৰীৰ বচাত গোমধৰ কোঁৱৰৰ দ্বিতীয়টো বাহৰ আছিল। এই ৰজাবাৰীৰ পৰা দিচৈ বচা বাহৰলৈ যাবলৈ হ’লে মৰঙীয়াল গাঁৱৰ মাজেৰেই যাবলগীয়া হৈছিল। তৰাতলীৰ চাৰিওফালৰ তিতাবৰ, কেন্দুগুৰি , কাঠকটীয়া, বচা, গাভৰু মগ্ৰৈ আদি কেইবাঠাইতো শিবিৰ পাতি অস্ত্ৰ-শস্ত্ৰ, হেংদান, হিলৈ, বৰটোপ আদি সংগ্ৰহ কৰি লৈ অসমীয়া বিদ্ৰোহীসকলে ৰণৰ আখৰা কৰাৰ তথ্য পোৱা যায়। সেই সময়তে যুদ্ধ ব্যৱহৃত বৰতোপ বৰ্তমানো মৰঙীয়াল গাঁৱৰ নামঘৰত সংৰক্ষিত হৈ আছে।
এই মৰঙীয়ালতে ডেবেৰাপাৰ তথা তৰাতলি অঞ্চলৰ আটাইতকৈ পুৰণি নামঘৰটো আছিল, যিটো নামঘৰ ১৭ শতিকাৰ সত্তৰৰ দশকত ডেবেৰা বৰবৰুৱাই এই ঠাইত বৰবৰুৱাৰ চৰা স্থাপন কৰাৰ সময়তে স্থাপন কৰা হৈছিল। সময়ৰ লগে লগে অৱশ্যে প্ৰচলিত ধৰ্মীয় পন্থাৰ কিছু সালসলনি ঘটিছিল।
গোমধৰ কোঁৱৰৰ নেতৃত্বত বৃটিছ কোম্পানীৰ অধীনত থকা ৰংপুৰ উদ্ধাৰ কৰিবলৈ যোৱা সৈন্যসকলে ১৮২৮ চনৰ ১৫ কাতিৰ দিনা এই নামঘৰৰ কাষতেই কোম্পানীৰ চিপাহীৰ সন্মুখীন হৈছিল। দুয়োপক্ষৰ মাজত এখন যু্দ্ধও সংঘটিত হৈছিল। এই যুদ্ধখনকে সন্মিলিত অসমীয়াৰ প্ৰথমখন সংগ্ৰাম আখ্যা দিয়া হয়। উক্ত যুদ্ধত অসমীয়া সৈন্যসকলে পৰাজয়ৰ মুখ দেখিছিল যদিও অসমৰ স্বাধীনতা সংগ্ৰামত ই অনন্য এক নিদৰ্শন দাঙি ধৰিছিল।
আজিৰ দিনত এই মৰঙীয়াল গাঁৱৰ চাৰিসীমা বুলিবলৈ গ’লে ইয়াৰ উত্তৰে ডেবেৰাপাৰ চাৰিআলি আৰু চমুৱা চুক; পূবে বালিজান চাহ বাগিছা; দক্ষিণে নগা পাহাৰ আৰু পশ্চিমে মাউটজুলি পথাৰ আৰু চিনাতলি গাঁও। মৰঙীয়াল গাঁৱৰ মাটিকালি প্ৰায় তিনি বৰ্গ কিলোমিটাৰ। জনসংখ্যাৰ ফালৰপৰাও এই গাঁওখন এখন জনবহুল গাঁও। ২০২১ চনৰ লোকপিয়ল অনুসৰি এই গাঁৱৰ জনসংখ্যা প্ৰায় ৯৫০ জন। গাঁওখনত বাস কৰা পৰিয়ালৰ সংখ্যা প্ৰায় ২৫০ টা।
সামাজিক দিশতো গাঁওখন একতাৰে বান্ধ খাই আছে। গাওঁখনৰ সোঁমাজত ধাৰ্মিক ১৭ শতিকাত প্ৰতিষ্ঠিত যুৰিয়া নামঘৰটি দেখা যায়। গাঁওখন আহোম মানুহৰ সংখ্যাই বেছি যদিও তাৰ বেছিভাগ নীতি-নিয়ম নৱবৈষ্ণৱ ধৰ্মৰ আৰ্হিতে পৰিচালিত। অৱশ্যে গাওঁখনত তাই-আহোম ৰীতি-নীতিৰে মে-ডাম-মে-ফি আৰু অন্য ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নামঘৰৰ কাষতে এটা ৰাজহুৱা পুখুৰী থকাৰ লগতে গাওঁত এটা ৰাজহুৱা প্ৰেক্ষাগৃহও আছে। গাওঁখনৰ দক্ষিণে এটা পুৰণি মৈদাম দেখা যায়।
গাঁওখন প্ৰধানকৈ আহোম বসতিপ্ৰধান যদিও কিছুসংখ্যক আন জনগোষ্ঠীৰ মানুহো আছে। গাঁওখনত গগৈ, বৰুৱা, দুৱৰা, ফুকন, লাহন, বড়া, চেতীয়া ফুকন, চাওদাঙ বৰুৱা আদি উপাধিৰ মানুহ পোৱা যায়। প্ৰায়সকল লোকেই আজি কেইবাশ বছৰ ধৰি গাঁওখনত সমিল-মিলেৰে বসবাস কৰি আহিছে। গাঁওৰ ৰাজহুৱা অনুষ্ঠান, সভা-সমিতি, বিবাহ,শ্ৰাদ্ধ আদি অনুষ্ঠানত সকলো ৰাইজ তথা যুৱক-যুৱতীয়ে একতাৰে অংশ গ্ৰহণ কৰে।
মৰঙীয়াল গাঁৱৰ যাতায়ত আৰু যোগাযোগৰ ব্যৱস্থা যথেষ্ট সুচল বুলিব পৰা যায়। এই গাঁৱৰ মাজেৰে ৰাজ্য চৰকাৰৰ গড়কাপ্তানী বিভাগৰ অন্তৰ্গত এটা পকী পথ আছে। প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটোৱে গাঁওখনক ইয়াৰে ব্যৱসায়িক তথা যোগাযোগৰ কেন্দ্ৰস্থল হিচাপে পৰিচিত ডেবেৰাপাৰ চাৰিআলিৰ লগত সংযোজিত কৰিছে। তাৰপৰা ধোদৰ আলিৰে আমগুৰি তথা মৰিয়নি আৰু যোৰহাট নগৰৰ লগত যোগাযোগৰ সুবিধা আছে। সেইদৰে ইয়াৰ আটাইতকৈ ওচৰৰ থকা ৰেল ষ্টেচনটো হৈছে নকছাৰি ৰেল ষ্টেচন। গাঁৱৰপৰা নকছাৰি ৰেল ষ্টেচনলৈ দূৰত্ব প্ৰায় ৫ কিলোমিটাৰ। ইয়াৰ জৰিয়তে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্য তথা দেশৰ আন ঠাইলৈ যাব পৰা যায়।
গাঁওখনৰ শিক্ষিতৰ হাৰ প্ৰায় ৮০ শতাংশ। ইয়াত যথেষ্ট সংখ্যক উচ্চশিক্ষিত ব্যক্তি থকাৰ উপৰিও বেছিভাগ লোকেই উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। কিছু সংখ্যক লোকে বিভিন্ন ধৰণৰ বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ আছে।
শিক্ষাৰ বাবে গাঁওখনত এখন প্ৰাথমিক বিদ্যালয় আৰু এখন নিম্ন প্ৰাথমিক বিদ্যালয় আছে। সেইদৰে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে গাঁৱৰ পৰা কিছু দূৰৈত কেইবাখনো উচ্চ মাধ্যমিক বিদ্যালয় আৰু এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় থকাৰ উপৰিও এখন জ্যেষ্ঠ মাধ্যমিক মহাবিদ্যালয় আৰু এখন মহাবিদ্যালয় অৱস্থিত।বহুতো ছাত্ৰ ছাত্ৰীয়ে এই আটাইকেইখন শিক্ষা প্ৰতিষ্ঠানত পঢ়ি থকাৰ উপৰিও যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ আহিছে।
জীৱিকাৰ উৎস বুলিবলৈ হ’লে গাঁৱৰ বেছিভাগ মানুহেই কৃষি কৰ্মৰ লগত জড়িত। তেওঁলোক প্ৰধানকৈ ধান খেতি আৰু চাহ খেতিৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ উপৰিও কিছুসংখ্যক লোকে ৰবি শস্যৰ খেতি কৰাও দেখা যায়ে।
এইদৰেই মৰঙীয়াল গাঁওখনে ইতিহাসৰ সাক্ষী বুকুত বহন কৰি কালৰ বুকুত খোপনি লৈ ৰৈ আছে। অনাগত দিনবোৰতো ই সময়ৰ ন ন চানেকি বুকুত বহন কৰি ৰ’ব বুলি আশা কৰিব পাৰি।
একলম
লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত
ekolom2025@gmail.com
+917575909540
© 2025. All rights reserved.
