মামণি ৰয়ছম গোস্বামী : এক আলোকপাত


ড° মামণি ৰয়ছম গোস্বামী অসমীয়া সাহিত্যৰ বুৰঞ্জীত সোণালী আখৰেৰে খোদিত এটি নাম। জ্ঞানপীঠ বঁটা বিজয়ী ড° মামণি ৰয়ছম গোস্বামী ওৰফে ইন্দিৰা গোস্বামীয়ে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্য সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল। এগৰাকী সফল ঔপন্যাসিক হোৱাৰ লগতে তেখেত আছিল এগৰাকী অতি উৎকৃষ্ট গল্পকাৰ আৰু কবি।
মামণি ৰয়ছম গোস্বামীৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰ তাৰিখে, কামৰূপ জিলাত। পিতৃ উমাকান্ত গোস্বামী আৰু মাতৃ অম্বিকা দেৱীৰ স্বামীৰ সুযোগ্যা সন্তান মামণি ৰয়ছম গোস্বামীৰ পিতৃ প্ৰদত্ত নাম আছিল ইন্দিৰা গোস্বামী। গুৱাহাটী, শ্বিলং আদি ঠাইত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা গোস্বামীয়ে বিশ্ববিদ্যালয় পৰ্য্যায়লৈ অসমতে আছিল। ১৯৫৭ চনত তাৰিণী চৌধুৰী ছোৱালী বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আই. এ. পঢ়ে। পৰৱৰ্তী সময়ত তেখেতে কটন কলেজৰ পৰা অসমীয়া বিষয়ক প্ৰধান বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ১৯৭৩ চনত তেখেতে "তুলসী দাসৰ 'ৰামচৰিত মানস’ আৰু ‘মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ : এটি তুলনামূলক অধ্যয়ন" শীৰ্ষক বিষয়ত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা যশস্বী অধ্যাপক উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
অসমীয়া উপন্যাস সাহিত্যলৈ মামণি ৰয়ছম গোস্বামীৰ অৰিহণা অভূতপূৰ্ব। বিংশ শতিকাৰ এগৰাকী অন্যতম ভাৰতীয় মহিলা ঔপন্যাসিক হিচাপে খ্যাতি লাভ কৰা গোস্বামীয়ে সত্তৰ দশকৰ পৰাই স্বীকৃত লাভ কৰে। গোস্বামীয়ে অসমীয়া উপন্যাসৰ জগতত কেইবাখনো ব্যতিক্ৰমী উপন্যাস ৰচনা কৰি এটা নতুন ধাৰাৰ সৃষ্টি কৰে। ড° গোস্বামীৰ ভালেকেইখন উপন্যাস আছিল তেখেতৰ ব্যক্তিগত সংগ্ৰামময় জীৱন তথা বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত ৰচিত। বাস্তৱ জীৱনৰ ঘটনা-পৰিঘটনাক কাহিনীৰ মাজেৰে উপস্থাপন কৰাৰ সমান্তৰালকৈ গোস্বামীয়ে বিষয়বস্তুৰ নতুনত্ব আৰু গাম্ভীৰ্য্যৰে পাঠকৰ মনত গভীৰভাৱে ৰেখাপাত কৰে। সমাজৰ কু-সংস্কাৰ, নাৰীৰ বিভিন্ন সমস্যা, সামাজিক ভণ্ডামি, দুখীয়া লোকৰ যন্ত্ৰণা তথা অৰ্থনৈতিক দুৰৱস্থাৰ বিষয়ে বৰ্ণনা কৰা গোস্বামীৰ উপন্যাসৰ কথনশৈলীয়ে তেওঁৰ সৃষ্টিৰাজীক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
ড° গোস্বামীৰ লেখত ল'বলগীয়া উপন্যাস আৰু গল্পসংকলনসমূহ হ'ল ‘চেনাবৰ সোঁত’(১৯৭২), ‘নীলকণ্ঠী ব্ৰজ’(১৯৭৬), ‘অহিৰণ’(১৯৮০), ‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস’(১৯৮০), ‘দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা’(১৯৮৮), ‘উদয়ভানুৰ চৰিত্ৰ’(১৯৮৮), ‘সংস্কাৰ’(১৯৮৯), ‘ঈশ্বৰী জখমী যাত্ৰী’(১৯৯১), ‘তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা’(১৯৮৪), ‘দাশৰথীৰ খোজ’(১৯৯৯), ‘ছিন্নমস্তাৰ মানুহটো’(২০০১), ‘থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল ’(২০০৬) ইত্যাদি।
ইয়াৰে ‘মামৰে ধৰা তৰোৱাল’ উপন্যাসৰ বাবে মামণি ৰয়ছম গোস্বামীয়ে ১৯৮২ চনত সাহিত্য অকাডেমি আৰু ২০০০ চনত জ্ঞানপীঠ বঁটা লাভ কৰে।
মামণি ৰয়ছম গোস্বামী সাহিত্য সৃষ্টিৰ প্ৰতিটো প্ৰেক্ষাপটতে বৰ্ণিত কৰিছে অসমৰ লগতে ভাৰত তথা ভাৰতৰ বিভিন্ন ঠাইৰ প্ৰতিচ্ছবি। সৰ্বসাধাৰণ মানুহৰ জীৱনৰ বিভিন্ন অভিজ্ঞতাসমূহ জীৱন্তভাৱে সাহিত্যত ফুটাই উঠাব পৰা গোস্বামী হৈছে এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন লেখিকা। ২০১১ চনৰ ২৯ নৱেম্বৰত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত এইগৰাকী প্ৰতিভাসম্পন্ন লেখিকাই ইহলীলা সম্বৰণ কৰিলে। তেখেতৰ বিশাল সাহিত্য কৰ্মৰাজীয়ে অসমীয়া তথা ভাৰতীয় সাহিত্যৰ ভঁৰাল চিৰকাললৈ চহকী কৰি থৈ গৈছে।
(ৰশ্মি দত্ত লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতক মহলাৰ এগৰাকী ছাত্ৰী।)