লাখপতি বাইদেউৰ স্মাৰ্ট ছাগলী
২য় বছৰ, ১ম সংখ্যা
ৰস ৰচনা


গাঁৱৰ চম্পাৱতী এতিয়া আৰু চম্পাৱতী হৈ থকা নাই। চৰকাৰী ফৰ্মত চহী কৰাৰ পৰা তাই নিজকে “মিচেছ লাখপতি” বুলিহে চিনাকি দিয়ে। চম্পাই ঠিক কৰিলে যে চৰকাৰৰ পৰা পোৱা টকাৰে তাই আধুনিক পশুপালন কৰিব। এই পশুপালন হ’ব সমূলি সুকীয়া।
চম্পাই ভাবিলে যে সাধাৰণ ছাগলী পুহি লাখপতি হোৱা নাযাব। গতিকে তাই মনতে এটা নতুন বুদ্ধি পাঙিলে। তাই বজাৰৰ পৰা দুটা বগা ছাগলী কিনি আনি সিহঁতৰ খুউব যত্ন ল’বলৈ ধৰিলে। ছাগলী দুটাক তাই ঘিউৱে-মৌৱে খুওৱাৰ লগতে সিহঁতক প্ৰায়ে বিউটি পাৰ্লাৰলৈও নিবলৈ ধৰিলে।
চম্পাৰ যুক্তি — লাখপতি বাইদেউৰ ছাগলীও লাখপতি যেন দেখিব লাগে। তাই ছাগলী দুটাৰ ডিঙিত ৰঙীন ফিটা বান্ধি দিলে আৰু গাত অলপ পাউদাৰো সানি দিলে যাতে চৰকাৰী অফিচাৰে পৰিদৰ্শন কৰিবলৈ আহিলে ছাগলী দুটাক ‘স্মাৰ্ট’ দেখা পায়।
এদিন জিলাৰ পৰা অফিচাৰ আহিল পৰিদৰ্শন কৰিবলৈ। চম্পাই আগতীয়াকৈ বুদ্ধি পাঙি থৈছিল। তাই ছাগলী দুটাক লিপষ্টিক-পাউদাৰ সানি ধুনীয়া কৰি এটা ছাগলীৰ ডিঙিত সৰু ব্লুটুথ স্পীকাৰ এটা লুকুৱাই বান্ধি দিলে। অফিচাৰে সুধিলে, "বাইদেউ, আপোনাৰ ছাগলীৰ বিশেষত্ব কি?" চম্পাই গহীনত ক’লে, "ছাৰ, এইয়া লাখপতি বাইদেউৰ ছাগলী। ইহঁতে বে বে নকৰে, ইহঁতে গান গায়!"
অফিচাৰ অবাক! ক’লে শুনোচোন ইহঁতে কেনেকুৱা গান গায়। চম্পায়ো মনে মনে মোবাইলৰপৰা ব্লুটুথত এটা জনপ্ৰিয় বিহু গান বজাই দিলে। ছাগলী দুটাই ঘাঁহ চোবাই থাকোঁতে এনে লাগিল যেন সিহঁতে মূৰ জোকাৰি জোকাৰি গানহে গাইছে। অফিচাৰ হতভম্ব! তেওঁ ৰিপৰ্টত লিখিলে— "অত্যন্ত প্ৰগতিশীল আৰু সাংস্কৃতিক মনোভাৱৰ ছাগলী!"
আঁচনিৰ প্ৰথম কিস্তিৰ ধনখিনি সোমোৱাৰ পিছত চম্পাৰ উৎসাহ দুগুণে বাঢ়িল। তাই ভাবিলে এইবাৰ তাই ছাগলী দুটাক ‘ট্ৰেইনিং’ দি চহৰলৈ লৈ যাব। ভবা মতেই কাম। কিছুদিনৰ পিছতে চম্পাই চহৰৰ চৰকাৰী সভা এখনলৈ তাইৰ ছাগলী দুজনী লৈ গ’ল। স্মাৰ্ট ছাগলীৰ গৰাকী হিচাবে চম্পাই সভাৰ আগশাৰীতে বহিল। যথা সময়ত মন্ত্ৰী মহোদয়ে ভাষণ দিবলৈ আৰম্ভ কৰিলে। মন্ত্ৰী মহোদয়ে মাইকত ক’বলৈ ধৰিছিলহে, "আমাৰ লাখপতি বাইদেউসকলে দেশৰ অৰ্থনীতি সলনি কৰিব...", ঠিক তেনে সময়তে চম্পাৰ মোবাইললৈ কাৰোবাৰ ফোন আহিল। চম্পাই ফোনটো ৰিচিভ কৰাৰ লগে লগে ব্লুটুথ স্পীকাৰ অন হৈ গ’ল আৰু মন্ত্ৰীৰ ছিৰিয়াছ ভাষণৰ মাজতে ছাগলীৰ ডিঙিৰ পৰা অতি উচ্চস্বৰত বাজি উঠিল— "ঐ টুকটুকীৰ মাক, বোলো ঘৰত আছ নে নাই..."।
গোটেই সভা কাঁহ পৰি জীণ গ’ল! এই আছহুৱা শব্দ শুনি ছাগলী দুটাই লৰ মাৰি গৈ মঞ্চত উঠি লৈ ভয়তে এনেকৈ জঁপিয়াবলৈ ধৰিলে যে মন্ত্ৰীৰ টেবুলত থকা পানীৰ গিলাচটো উলটি পৰিল। মন্ত্ৰীয়েও ছাগলীৰ জাঁপ দেখি পেপুৱা লাগিল। চম্পাই মোবাইলটো অফ কৰিবলৈ চেষ্টা কৰোঁতে ভুলবশতঃ স্পীকাৰৰ ভলিউম বাঢ়ি গ’ল আৰু সিফালৰ পৰা গিৰিয়েক ধৰ্মেশ্বৰ চিঞৰ ভাঁহি আহিল – "ঐ চম্পা! তইযে ছাগলী কিনিবলৈ দিয়া টকাৰে সোণৰ কাণফুলি গঢ়ালি, সেই কথা অফিচাৰে গম পাইছে নেকি? মিছা কথাৰ বেপাৰ বেছিদিন নচলে দেই!"
গোটেই সভাতে হাঁহিৰ ৰোল উঠিল। অফিচাৰে চম্পাৰ ফালে চালে, চম্পাই ছাগলীৰ ফালে চালে, আৰু ছাগলী দুটাই মন্ত্ৰীৰ ফালে চাই সমবেত কণ্ঠেৰে চিঞৰিলে— "মে-এ-এ-এ!"
একলম
লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত
ekolom2025@gmail.com
+917575909540
© 2025. All rights reserved.
