শুই নপৰা এটি সুৰ
২য় বছৰ, ১ম সংখ্যা
কবিতা


এটি চিৰসেউজ সুৰ,
এটি সুৰীয়া আৱেগ
এখনি ভাগৰি নপৰা
অন্তহীন সাগৰ
এটি জীৱন জীৱন গীত
অসমীৰ হিয়াৰ আমঠু,
প্ৰাণদায়িনী শক্তি।
যি নিঃস্বাৰ্থ
যাৰ কোনো
জাতি নাই
ধৰ্ম নাই
এটি মুক্ত অসীম সত্ত্বা
আকাশৰ দৰে
বিশাল যাৰ হৃদয়
সাগৰৰ দৰেই নিভাঁজ
যাৰ গভীৰতা
হাঁহি এটি পিন্ধা
এটি ৰং
শেষ নোহোৱা
অবিৰাম স্পন্দন
শালিকী পুৱাৰ এজাক মিঠা ৰ'দ,
এটি আপোনসুৰীয়া হাঁহি
জীৱন জীৱন যেন
অদ্বিতীয়, অবিস্মৰণীয়, মৰণবিহীন
জুবিন।
একলম
লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত
ekolom2025@gmail.com
+917575909540
© 2025. All rights reserved.
