ফৰাচী ঐতিহ্য আৰু এলিয়টৰ কাব্যভাৱনাৰ পোহৰত অজিৎ বৰুৱাৰ 'ব্ৰহ্মপুত্ৰ'

২য় বছৰ, ১ম সংখ্যা

সাহিত্য সমালোচনা

স্বপ্নমজ্যোতি কলিতা

আধুনিক অসমীয়া কবিতাক অভিনৱ বিষয়বস্তু আৰু আংগিকেৰে বৈচিত্ৰ্য দান কৰা অজিৎ বৰুৱা (১৯২৬-২০১৫)ৰ কাব্যদৃষ্টি অত্যন্ত চমকপ্ৰদ। কিছুমান পদ্য আৰু গান (১৯৮২) আৰু ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য (১৯৮৯) এই দুখন কবিতা পুথিৰ জড়িয়তে অজিৎ বৰুৱাই কবিতাৰ সাধনাত অভূতপূৰ্ব সিদ্ধি লাভ কৰিছে।

প্ৰাচ্য-পাশ্চাত্যৰ কাব্যিক ঐতিহ্যৰ পঠনেৰে কবিতাৰ পৰিমণ্ডল গঢ় দিয়া অজিৎ বৰুৱাই ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য-ৰ 'মুখ-বন্ধ'ত স্বীকাৰুক্তি দিছে এনেদৰে— "...ফৰাচী কবি ছেন্ট জন পেৰ্চৰ অনুকৰণে মোক আটাইতকৈ বেছি উপকাৰ কৰিছে। অসমৰ গাঁৱৰ নৈসৰ্গিক দৃশ্য আৰু জীৱন যাত্ৰাৰ উপাদানত মই মোৰ এই প্ৰিয় কবিজনৰ ৰচনাকৌশল অতি সচেতনভাৱে প্ৰয়োগ কৰিছোঁ।"

আকৌ লিখিছে, "...ইংৰাজী ভাষাৰ কবি টি.এছ এলিয়টৰ পৰা মই চেষ্টা কৰিছোঁ গঠন কৌশল আয়ত্ত কৰিবৰ।"

অন্যহাতে, প্ৰাচ্যতত্ত্ব বিশেষকৈ প্ৰাচ্যৰ আলংকাৰিক আচাৰ্য কুন্তকৰ 'বক্ৰোক্তিবাদ'ৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ প্ৰসংগক তেওঁ স্বীকাৰ কৰি গৈছে। ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে অজিৎ বৰুৱাৰ কবিতাত পাশ্চাত্য ঐতিহ্য সন্দৰ্ভত দুটা দিশ নিৰ্দেশ কৰিছে—

ক) হপকিন্সৰ সাধনাৰ সেই দৃশ্য বা অনুভৱৰ অনন্যতা প্ৰকাশৰ উপযোগী এক অভিনৱ ভাষাৰ সন্ধান।

খ) আধুনিক ইঙ্গ-মাৰ্কিন কবিতা আৰু কাব্যভাবনাই গুৰুত্ব দিয়া ক্ৰিয়াশীলতা।

ইয়াৰ বিপৰীতে এম. কামালুদ্দিন আহমেদে দেখুৱাইছে—

ক) টি. এছ এলিয়টৰ আৰ্হিত বস্তুগত সহগৰ ব্যৱহাৰৰ জড়িয়তে ব্যঞ্জনাধৰ্মীতাৰ সৃষ্টি।

ভাৰতীয় তথা কামৰূপকেন্দ্ৰিক সংস্কৃতিৰ ধ্বজাবাহক, ব্ৰহ্মপুত্ৰকেন্দ্ৰিক অসমৰ সু-প্ৰাচীন ঐতিহ্য বহনকাৰী 'ব্ৰহ্মপুত্ৰ' কবিতাটোৰ মাজেদি অজিৎ বৰুৱাই কেৱল মাত্ৰ ব্ৰহ্মপুত্ৰৰ অতীত বুৰঞ্জী সন্ধানতে নিৱিষ্ট হৈ থকা নাই, বৰং এক অতীতসন্ধানী ভৱিষ্যতদৃষ্টিও নিক্ষেপ কৰিছে। প্ৰকৃতাৰ্থত 'ব্ৰহ্মপুত্ৰ' কবিতাটো ব্ৰহ্মপুত্ৰকেন্দ্ৰিক অসমৰ ইতিহাসৰ এছোৱা দীঘলীয়া সময়ৰ জীৱন্ত দলিল। কবিতাটোৰ বিষয়বস্তু যিমান মহত্বপূৰ্ণ সিমানেই অভিনৱ কবিতাটোৰ নিৰ্মাণ কৌশলো। কবিতাত স্বতঃস্ফূৰ্ত আৱেগৰ বহিঃপ্ৰকাশ ঘটোৱাৰ বিপৰীতে কবিতাৰ নিৰ্মাণৰ প্ৰতি এক সুতীব্ৰ আকৰ্ষণ বক্তাৰ প্ৰতিটো কবিতাতেই লক্ষ্যণীয়। 'ব্ৰহ্মপুত্ৰ' কবিতাটোও একান্তই নিৰ্মিতি, যʼত প্ৰাচ্য আৰু পাশ্চাত্যৰ কাব্যিক পৰম্পৰাৰ সমন্বয় সাধিত হৈছে।

ফৰাচী ঐতিহ্য স্বতঃস্ফূৰ্ত আত্মপ্ৰকাশৰ ৰোমান্টিচিজ্‌মৰ ধাৰণাৰ বিৰোধী; ক্লাছিচিজ্‌মকহে তেওঁলোকে প্ৰশ্ৰয় দিয়ে। প্ৰভাত বৰাৰ মতে--

"অজিৎ বৰুৱাৰ কেৱল কবিতাকে নহয়, তেখেতৰ মানসিকতাকো ফৰাচী সাহিত্যৰ অধ্যয়নে গভীৰভাৱে প্ৰভাৱিত কৰিছে। আনকি তেখেতৰ কুন্তকৰ প্ৰতি আসক্তিও বʼদেলেʼৰৰ ৰচনাৰাজি অধ্যয়নৰ পৰাই অহা যেন লাগে। 'পদ্যৰ পাছত কাব্য'ত 'অৱন্তী নগৰ'ৰ আলোচনাত তেখেতে উদ্ধৃত কৰা কুন্তকৰ শ্লোক দুটা আৰু গদ্যৰ লিখিত টীকাৰ অংশটোৱে বʼদেলেʼৰে ডেলাক্ৰয়(Delacroix)-ৰ ছবি সন্দৰ্ভত কোৱা কথাখিনি আমাক মনত পেলাই দিয়ে।"

অজিৎ বৰুৱাৰ ব্ৰহ্মপুত্ৰ কবিতাটোত থকা 'মুক্তিত নিস্পৃহ যিটো' শীৰ্ষক অংশটোৰ আংগিক অসমীয়া 'ক্লাছিক সাহিত্য'ৰ ভেঁটিত নিৰ্মিত। যথা—

"শ্ৰীমাধৱ জন্মিলন্ত/মোহোৰ উত্তৰ তীৰে

মঞি ভৈলো অতি হৰষিত

যেহিসে উত্তৰ তট/সেহিসে দক্ষিণ তট

মোহোৰ প্ৰব্ৰজ্যা আচৰিত

যতমানে তীৰবাসী/তাহান বাক্যৰ নিষ্ঠা

ৰাখিবাহা হৃদয়ে সঞ্চিত

... ... ...

"হৰিৰ গৃহৰ দ্বাৰে/বেত্ৰৰ প্ৰহাৰ যোগ্য"

এই হেন উপমা স্ৰজিলা

মাধৱৰ নামসিংহ"/ইহেন কল্পনা যাৰ

কাব্য কৰ্ম তাহাঙ্ক শোভিলা।"

ইয়াত 'Metaphysical concept' হিচাপে 'ক্লাছিক সাহিত্য'ৰ ভূমিকা তাৎপৰ্যপূৰ্ণ। ভাষাৰ পিনৰ পৰাও ই পুৰণি অসমীয়া ভাষাৰ ঐতিহ্যবাহী। তদুপৰি কাব্যাংশত বৰ্ণিত মহাপুৰুষজনাও অসমীয়া ক্লাছিকেল সাহিত্যৰ অন্যতম পুৰুধা। কাব্যাংশৰ আংগিক বৈচিত্ৰ্যও মন কৰিবলগীয়া, যʼত অসমীয়া কবিতাৰ ছান্দিক কৌশল ৰক্ষিত হৈছে। মাধৱ পুৰুষৰ জীৱনৰ অন্যতম কীৰ্তিস্তম্ভ 'নামঘোষা'ৰ ছবি(৮+৮+১০) ছন্দৰ ঘোষা—

"ভগৱন্ত ভক্তিযুক্ত/পুৰুষৰ আত্মাৰাম

মাধৱৰ প্ৰসাদে মিলয়।

কৃষ্ণৰ কৃপাত জানা/গুচয় সংসাৰ বন্ধ

এহিমানে গীতাৰ নিৰ্ণয়।।"

ইয়াৰ লগত তুলনীয় ফৰাচী কবিতাৰ শেহতীয়া ধাৰা 'লিৰিকেল (lyrical) আৱেগ'ৰ উপস্থিতিও কবিতাটোত ধৰা পৰে—

জপমালা গণি তেওঁ বাটকুৰি বায়

শ্বিগাট্‌চে চহৰ তেওঁ বাওঁফালে পায়

জায়ুল চুৰ হাত ধৰি বাওঁফালে যায়

ৰহস্য সন্ধানী কাঠৰ টুকুৰাবোৰ

উটি যায় নিৰুদ্দেশ হৈ

ৰহস্য ৰহস্য ৰয়

টচাংপো টচাংপো।

আকৌ,

পানী বৈ যাব আকাশলৈ

গান বৈ যাব বতাহলৈ

ছবি বৈ যাব নেদেখালৈ

মাটিৰ দেহাটি মাটিতে মিলিব

প্ৰাণ যাব শূইনৰ পৰা—

শূন্যতালৈ।

অক্টাভিঅʼ পাজ-ও ফৰাচী কবিতাৰ এই লিৰিকেল আৱেগৰ বশৱৰ্তী হৈছিল। আধুনিক ইংৰাজী কবিতাকো এনে চেতনাই ঢৌৱাই গৈছিল। প্ৰভাত বৰাই কৈছে— "কবি পাউল ৱালেʼৰিৰ ৰচনা সম্পূৰ্ণ সচেতন, প্ৰায় নৈৰ্ব্যক্তিক, তাৰ উপাদানসমূহ ব্যক্তিজীৱনৰ পৰা আহৰিত।"

অজিৎ বৰুৱাৰ 'ব্ৰহ্মপুত্ৰ' শীৰ্ষক কবিতাটোতো ৰচনাশৈলীত ৰোমান্টিক উচ্ছাস আৰু 'Rhetoric'ক নাকচ কৰি মননশীল ৰূপায়ণৰ প্ৰচেষ্টা কৰা হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি-শৃংগ দুটাক বক্তাই প্ৰেমৰ ইন্দ্ৰিয়গ্ৰাহ্য স্বৰূপলৈ ৰূপায়ণ কৰিছে—

গিয়ালা পেৰি নামচা বাৰ্‌বা

হীৰক-বৰাহীৰ উত্তুংগ স্তনলৈ চকুৰ মণি মোৰ

হাতৰ পতাৰ ছাঁ।

সেই 'উত্তুংগ স্তন'ৰ মাজেদি বৈ অহা 'কাঁচি জোনৰ মৌজোল' অৰ্থাৎ উৰ্বৰতাৰ প্ৰতীক নদী আৰু নাৰীক সমান্তৰাল ৰূপত তুলি ধৰিছে। ইয়াৰ পাছৰ অংশখিনি তাৎপৰ্যপূৰ্ণ—

"যৌথ অৱচেতনত

প্ৰতিশ্ৰুত দেশ প্ৰত্যেক জাতিৰ— কাঁচি জোনৰ মৌজোল

প্ৰতিশ্ৰুত অধ্যায় প্ৰত্যেক জীৱনৰ। প্ৰিয়াৰ ওঁঠৰ সোণালী ৰাংপতা

শেষ হয় কেঁকনিত।"

অসমৰ সভ্যতা আৰু সংস্কৃতিৰ সৈতে অসমৰ পূবৰ পৰা পশ্চিমলৈ বৈ যোৱা ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত। অনাদি কালৰ পৰা এই ব্ৰহ্মপুত্ৰই ব্ৰহ্মপুত্ৰকেন্দ্ৰিক অসমৰ সভ্যতা-সংস্কৃতিৰ উত্থান-পতন দেখিছে। দেখিছে অসীম সম্ভাৱনা। নদীয়ে পেলোৱা পলসক আশ্ৰয় কৰিয়েই এটা জাতিৰ শস্যশালী বৰ্তমান আৰু ভূত-ভৱিষ্যৎ নিৰ্ভৰ কৰে। সেয়েহে নদীৰ ওচৰত প্ৰতিশ্ৰুত প্ৰত্যেক দেশ আৰু জাতি; প্ৰত্যেক জীৱনৰ অধ্যায়। কিন্তু ইয়াৰ লগত 'প্ৰিয়াৰ ওঁঠৰ সোণালী ৰাংপতা শেষ হয় কেঁকনিত' বাক্যশাৰীৰ অৰ্থ কি? বক্তাই ব্ৰহ্মপুত্ৰৰ শক্তিশালী জলধাৰাৰ লগত ৰিজনি বিচাৰি পাইছে ব্যক্তিগত অনুষংগৰ, যʼত প্ৰিয়াৰ উত্তেজনা কেঁকনিৰে শাম কটা আৰু গুজৰি-গুমৰি অহা বানৰ গ্ৰাসত পৰা শস্যময় পথাৰৰ মনোবেদনা একাকাৰ হৈ পৰিছে। ই আমাক টি. এছ এলিয়টৰ 'The Love Song of J. Alfred Prufrock'লৈ মনত পেলাই দিয়ে—

And I have known the arms already, known them all

Arms that are braceleted and white and bare

(But in the lamplight, downed with light brown hair!)

অজিৎ বৰুৱাই ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি-শৃংগ দুটাক প্ৰিয়াৰ উত্তুংগ স্তনৰ লগত সংযোগ কৰি চোৱাৰ অথবা প্ৰিয়াৰ উত্তেজনাৰ কেঁকনি আৰু ব্ৰহ্মপুত্ৰৰ গুজৰি-গুমৰি অহা বানৰ সংহাৰী ৰূপৰ সʼতে সংগতি বিচাৰি পোৱাৰ লেখিয়াকৈ এলিয়টৰ কবিতাতো কেনেদৰে গহীন ভাৱচেতনাৰ লগত চপল-চঞ্চল ভাৱৰ সংমিশ্ৰণ ঘটিছিল সেয়া এফ. আৰ. লীৱিচেও প্ৰত্যক্ষ কৰিছিল।

এলিয়টৰ প্ৰখৰ ইতিহাস চেতনাই অজিৎ বৰুৱাৰ 'ব্ৰহ্মপুত্ৰ' কবিতাকো প্ৰভাৱিত কৰিছে। গতিকে ব্ৰহ্মপুত্ৰকেন্দ্ৰিক প্ৰাচীন অসমৰ ইতিহাস অনুসন্ধানৰ প্ৰেৰণাও কবিতাৰ বক্তাই এলিয়টৰ পৰাই আহৰণ কৰা বুলি কʼব পাৰি।

'ব্ৰহ্মপুত্ৰ' কবিতাটো পৰোক্ষ উল্লেখেৰে ওপচি আছে। প্ৰসংগক্ৰমে এলিয়টেও তেওঁৰ কবিতাত কাব্য-ঘনত্ব প্ৰদান কৰিবলৈ এই পদ্ধতিৰ ব্যৱহাৰ কৰা দেখা যায়। এলিয়টে প্ৰায়ে সাহিত্যিক ৰচনা, ধৰ্মীয় গ্ৰন্থ, পৌৰাণিক কাহিনী আৰু ঐতিহাসিক পৰিঘটনাৰ ইংগিতসূচক উক্তি ব্যৱহাৰ কৰি এক উচ্চস্তৰীয় আৰু আটিল কাব্যিক অভিজ্ঞতা সৃষ্টি কৰে। এলিয়টে সঘনাই ডান্টে, শ্বেইক্সপীয়েৰ, জেমছ জয়েছৰ দৰে আন লেখকৰ ৰচনাৰ ইংগিত দিয়ে। উদাহৰণস্বৰূপে, তেখেতৰ 'The Love Song of J. Alfred Prufrock' কবিতাটো আৰম্ভ হৈছে ডান্টেৰ 'Inferno'ৰ উল্লেখেৰে। অজিৎ বৰুৱাৰ 'ব্ৰহ্মপুত্ৰ' কবিতাটোত ব্যৱহৃত পৰোক্ষ উল্লেখৰ ভিতৰত তিনিটা উদাহৰণ হৈছে—

          "ৰাগা ৰাগা পোহৰৰ মৰণত"

এয়া ইংৰাজ কবি ভিলান টমাছৰ এফাঁকি কবিতাৰ অনুবাদ।

          "সৰ্ৱং ব্ৰহ্মাৰ্পণং ভৱতু"

ই তান্ত্ৰিক সাধনাৰ পূৰ্বাৰ্ধৰ শেষত উচ্চাৰ্ঘ মন্ত্ৰ। আকৌ,

         "তষ্মাদিমাং সুৰাং দেৱীম্ পূৰ্ণোহং তাং পিবাম্যহম্"

অৰ্থাৎ বাল্মিকীৰ ৰামায়ণৰ 'যুদ্ধকাণ্ড'ৰ পৰা ইয়াক অজিৎ বৰুৱাই গ্ৰহণ কৰিছে বুলি কবিতাটোৰ টোকাত উল্লেখ কৰিছে। উল্লেখ্য যে, এলিয়টেও তেওঁৰ কবিতাত এনেধৰণৰ পৰোক্ষ উল্লেখৰ ব্যৱহাৰ কৰিছিল।

আচলতে অজিৎ বৰুৱাৰ কাব্যিক পৰিমণ্ডল কেৱলমাত্ৰ প্ৰাচ্য-পাশ্চাত্য ঐতিহ্যৰ বাহক নহয়। ইয়াৰ লগত বৰুৱাৰ স্বকীয় ভাববস্তু, মৌলিক কাব্যবস্তু আৰু ৰসবস্তু নিহিত হৈ আছে। দৰাচলতে এই সকলোবোৰৰ সানমিহলি সৃষ্টি অজিৎ বৰুৱাৰ কাব্য-দৃষ্টি।

প্ৰসংগসূত্ৰঃ

—আহমেদ, কামালুদ্দিন। আধুনিক অসমীয়া কবিতা । গুৱাহাটী, ১ম সংস্ক. ২০০৫, পৃ. ৬৮-৮৪

—দেৱ গোস্বামী, ৰঞ্জিত। প্ৰবন্ধ । লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ২য় সংস্ক. ২০১৯, পৃ. ১২২

—বৰুৱা, অজিৎ। ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য । গুৱাহাটীঃ বনলতা, ২য় সংস্ক. ১৯৯২, পৃ. ৬-২৫

—বৰা, প্ৰভাত। যথাৰীতি । আঁক-বাঁকঃ গুৱাহাটী, ১ম সংস্ক. ২০১৩, পৃ. ৫৫-৬৩

একলম

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত

ekolom2025@gmail.com

+917575909540

© 2025. All rights reserved.