জুবিন বিহীন বহাগ

২য় বছৰ, ১ম সংখ্যা

কবিতা

স্বাগতা নন্দা ভূঞা

বহাগ আহি পালে

পলাশে জ্বলালে ৰঙৰ দীপ,

কিন্তু হৃদয়ত যেন নিস্তব্ধ নীৰৱতাৰ স্নিগ্ধ সীমনা।

ঢোলৰ তালত নানাচে নাচনী

গীতত নাজাগে প্ৰাণ,

ত হেৰাল সেই স্বৰমধুৰ গান?

সকলোতে কিবা এক শূন্যতা,

বতাহত উৰিছে গীত,

কিন্তু নাই সুৰৰ গভীৰতা।

ৰঙালী উল্লাসতো হিয়াৰ বিষাদ-ছাঁ,

সুৰবিহীন সপোনে

খেপিয়াই বিচাৰে অন্ধ পথছোৱা।

কপৌফুলে হাঁহে, বসন্তই সজায় ধৰা,

তথাপিও উকা বহাগৰ এই পৃষ্ঠা।

কণ্ঠৰ সেই জ্যোতি, যি জাগ্ৰত কৰে মন,

তাৰ অবিহনে পৃথিৱী নিঃসঙ্গ-নিঃস্বৰ।

জুবিন বিহীন প্ৰথমটো বহাগে

শিকাই যায় এক গভীৰ সত্য

সময় বৈ যায়,

কিন্তু সঁচা সুৰৰ জোকাৰণি হৃদয়ত বাজি ৰয় চিৰকাল চিৰদিন...

একলম

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত

ekolom2025@gmail.com

+917575909540

© 2025. All rights reserved.