শগুণ বান্ধৱ ফুলেশ্বৰী দত্ত

পৰিৱেশ

নিভা বৰা

"পৰিৱেশ" আৰু "সজাগতা" শব্দ দুটাৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। পৰিৱেশ সজাগতা বা পৰিৱেশ সচেতনতা বিজ্ঞান আৰু প্ৰযুক্তিৰ উত্তৰণৰ ফলস্বৰূপে সৃষ্টি হোৱা এক আপেক্ষিক ধাৰণা। পৰিৱেশ সজাগতাই প্ৰকৃতিৰ উপাদানসমূহৰ মাজত সমতুল সম্পৰ্ক গঢ়ি তুলি বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিৱেশ ৰক্ষা কৰিবলৈ চেষ্টা কৰে। এনেধৰণে পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ল বিপন্নপ্ৰায় প্ৰাণীসমূহক সুৰক্ষা প্ৰদান কৰি মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰা। বৰ্তমানৰ পৃথিৱীত তেনেদৰে বিপন্ন হৈ পৰা এবিধ প্ৰাণী হৈছে শগুণ।

প্ৰকৃতিৰ সুষমাৰ সৈতে একাত্ম হৈ পৰিৱেশ সজাগতা বৃদ্ধি কৰাত আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বৰ্তাই ৰখাত লখিমপুৰ জিলাৰ ঢকুৱাখনা নিবাসী ফুলেশ্বৰী দত্তৰ ভূমিকা অতুলনীয়। আৰ্থিক দীনতা, সামাজিক ককৰ্থনা নেওচি তেখেত অকলেই নিঃস্বাৰ্থভাৱে পৰিৱেশৰ হকে কাম কৰি গৈছে।

১৯৮৯ চন। সেই বছৰেই ঢকুৱাখনাৰ কঢ়া গাঁৱৰ নিৱাসী ফুলেশ্বৰী দত্তৰ বাৰীত শগুণে প্ৰথমটো বাহ সাজিছিল। বৰ্তমান তেখেতৰ বাৰীত ৫ টা বাহত ১০ টা বগা পিঠিয়া শগুন (white rumped vulture) আছে। প্ৰতিবছৰে পৰিভ্ৰমী Himalayan Griffon নামৰ শগুণবিধে আহি তেখেতৰ বাৰীতে আশ্ৰয় লয়। যোৱা বছৰ তেখেতৰ বাৰীত ৭০ টা পৰ্যন্ত Griffon গণনা কৰা হৈছিল আৰু ২০২৫ চনত এই সংখ্যা হৈছে ৫০ টা। একমাত্ৰ ঢকুৱাখনাৰ ফুলেশ্বৰী দত্তৰ বাৰীতহে এনে শগুণৰ চুবুৰী আছে।

ফটো: বিমান সন্দিকৈ, বাগিছা গাঁও, ঢকুৱাখনা

অসমীয়া সমাজত প্ৰচলিত জনবিশ্বাস অনুসৰি শগুণে ঘৰৰ চৌহদত বাহ সজাটো অমংগলীয়া কথা। সেয়েহে ফুলেশ্বৰী দত্তকো গাঁৱৰ মানুহে শগুণে বাহ সজা গছবোৰ কাটি পেলাবলৈ কৈছিল। কিন্তু তেখেতে সেই কাম নকৰিলে। বৰং তেখেতে শগুণকেইটাক আশ্ৰয়হে দিলে। সমাজৰ বিৰুদ্ধে যোৱাৰ অপৰাধত ওচৰ-চুবুৰীয়াই শ্ৰীমতী দত্তক ঘিণ কৰাৰ উপৰি ওচৰ-পাঁজৰৰ গছ-গছনিবোৰো কাটি পেলাইছিল, শগুণে বাহ সাজিব নোৱৰাকৈ। চুবুৰীয়াই ব্যৱহাৰ কৰা বিহ খাই ২৪ টা শগুন মৃত্যুমুখতো পৰিছিল। সেই দিনটোত এই চৰাইবিধৰ বাবে নিৰৱে, অকলে কাম কৰি যোৱা মহিলাগৰাকীয়ে তিনি দিন লঘোন খাটিছিল।

২০০৬ চনত ফুলেশ্বৰী দত্তৰ স্বামী বিয়োগ ঘটে আৰু তেওঁলোকৰ সন্তান দুটিৰ ভাৰো শ্ৰীমতী দত্তৰ কান্ধতে পৰে। নিজৰ সাধাৰণ জীৱিকাটোৰে ফুলেশ্বৰী দত্তৰ বাবে পৰিয়ালৰ আৰ্থিক অনাটন দূৰ কৰাটোৱেই আছিল টান, তথাপিতো তেখেতে নিজ সন্তান জ্ঞান কৰি শগুণকেইটাৰ পোহপালৰ দায়িত্বলৈও পিঠি দিয়া নাছিল। অনাটনৰ সময়ত পৰিস্থিতিয়েই তেখেতক অধিক সাহসী কৰি তুলিছিল আৰু কাঠৰ বেপাৰীয়ে চৰা দাম দিয়াৰ পাছতো তেখেতে নিজৰ বাৰীৰমূল্যবান গছবোৰ বিক্ৰী নকৰি শগুণৰ বাবে সংৰক্ষণ কৰি ৰাখিছিল।

এই লেখাটোৰ বাবে মই শ্ৰীযুতা ফুলেশ্বৰী দত্তৰ লগত ফোনযোগে কথা পাতিছিলোঁ। এই বাৰ্তালাপৰ পৰা এই কথা উপলব্ধি কৰিলোঁ যে প্ৰকৃতি প্ৰেমৰ বাবে ডিগ্ৰী-ডিপ্লোমা বা বিশেষ শিক্ষা-দীক্ষাৰ প্ৰয়োজন নাই। প্ৰয়োজন কেৱল নিস্বাৰ্থভাৱে পৰিৱেশক ভাল পোৱা এটা মনৰ। শ্ৰীযুতা ফুলেশ্বৰী দত্তৰ পৰিৱেশ-প্ৰেমৰ শিপা নিজৰ ঘৰতে। তেখেতৰ সময়ত স্ত্ৰী-শিক্ষাৰ প্ৰচলন কম আছিল যদিও তেখেতে তাৰ মাজতো আনুষ্ঠানিক শিক্ষাৰ সুবিধা পাইছিল। তাৰোপৰি নিজৰ পিতৃৰপৰা লাভ কৰা অমৃততুল্য শিক্ষাৰেও তেখেত সমৃদ্ধ হৈছিল।

ফুলেশ্বৰী দত্ত ধনেৰে নহ’লেও মনেৰে চহকী আছিল। তেওঁৰ মতে, "ৰামায়ণত জটায়ু পক্ষীয়ে ৰাৱণে সীতাক হৰণ কৰাৰ বাতৰি ৰামক দিছিল। গতিকে এই পক্ষীবিধো মংগলৰ প্ৰতীক, অমংগলৰ নহয়।” উল্লেখযোগ্য যে জটায়ু পক্ষীক পণ্ডিতসকলে শগুণ বুলি চিনাক্ত কৰে।

সমাজৰ সকলো মানুহলৈ ফুলেশ্বৰী দত্তৰ এয়াই আহ্বান যে পৃথিৱীখন কেৱল মানুহৰ বাবেই নহয়, তাত প্ৰকৃতিৰ সকলো জীৱ-জন্তুৰে বাস আৰু সকলোৰে সমান অধিকাৰ। সেইবাবে সকলোৱে এক প্ৰকৃতিমুখী চিন্তা-চেতনাৰ আঁত ধৰি জীৱকুল ৰক্ষাৰ বাবে ওলাই আহিব লাগে। ইয়াৰদ্বাৰা আমাৰ ধৰাখনৰ পৰিৱেশটো অধিক সুন্দৰ হৈ উঠিব।

শগুণৰ বাবে তেখেতৰ এই অফুৰন্ত প্ৰেমৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে যোৱা ৩ এপ্ৰিল ২০২৫ তাৰিখে শ্ৰীযুতা ফুলেশ্বৰী দত্তক “অসম গৌৰৱ" বঁটাৰে সন্মানিত কৰে। এই স্বীকৃতি শ্ৰীযুতা ফুলেশ্বৰী দত্তৰ প্ৰকৃততে প্ৰাপ্য। কিন্তু তেখেতে এই স্বীকৃতি লাভ কৰাৰ পাছতে তেখেতৰ ঘৰলৈ শুভাকাংক্ষীৰ লগতে সংবাদ মাধ্যমৰ মানুহৰ সোঁত ব’বলৈ ধৰিছে। কেমেৰাৰ পোহৰ, মানুহৰ কোলাহলত এই শগুণবোৰ শ্ৰীযুতা দত্তৰ বাৰীখনৰ পৰা আঁতৰি গৈছে। এইখিনিতে সংবাদ মাধ্যমৰ পাৰিপাৰ্শ্বিক দায়িত্ববোধ সম্পৰ্কেও প্ৰশ্নৰ উদয় হয়। পৰিৱেশ সংৰক্ষণত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেনে ক্ষেত্ৰত সাংবাদিকে বাতৰি পৰিৱেশত কৰিবলৈ যাওতে পশু-পক্ষীয়ে নিজৰ বাসস্থান এৰি যাবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱাটো কিদৰে কাম্য?

পৰিৱেশ তন্ত্ৰৰ সুস্বাস্থ্য বৰ্তাই ৰখাত শগুণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।এই পক্ষীবিধে মৃত জীৱ-জন্তু খায়, আৰু ফলত এন্‌থ্ৰেক্স, জলাতংক, যক্ষ্মা আদি ৰোগৰ বিস্তাৰ ৰোধ হয়। শগুণবোৰ নাইকিয়া হৈ গ’লে মৃতদেহবোৰ পচিবলৈ বেছি সময় লাগিব। ফলত ক্ষতিকাৰক বেক্টেৰিয়া আৰু ভাইৰাছবোৰ বিয়পাৰ সম্ভাৱনা বহুগুণে বাঢ়ি যাব। ই মানুহৰ আৰু অন্য প্ৰাণীৰ জীৱনলৈ শংকা নমাই আনিব আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য বিনষ্ট কৰিব। কিন্তু ইমান গুৰুত্ব থকা সত্ত্বেও মানুহৰ কাৰ্যকলাপৰ ফলত শগুণৰ সংখ্যা ভয়ংকৰ হাৰত হ্ৰাস পাইছে। পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা আৰু অন্য প্ৰাণীৰ স্বাস্থ্য সুৰক্ষাৰ বাবে এই আপুৰুগীয়া পক্ষীবিধক সুৰক্ষা দিয়া আৰু সজাগতা সৃষ্টি কৰাটো অতি আৱশ্যক।

বৰ্তমান সময়ত শগুণৰ প্ৰতি প্ৰচণ্ড ভাবুকিৰ সৃষ্টি হৈছে। এই ভাবুকি আহিছে মূলতঃ মানুহৰ কাৰ্যকলাপৰ বাবে। শগুণৰ মৃত্যুৰ এটা প্ৰধান কাৰণ হৈছে বিষক্ৰিয়া। পশুৰ চিকিৎসাত প্ৰায়ে ডাইক্লফেনাক নামৰ ঔষধ এবিধ ব্যৱহাৰ হয়। যেতিয়া শগুণে এই ঔষধেৰে চিকিৎসা কৰা পশুৰ মৃতদেহ ভক্ষণ কৰে তেতিয়া শগুণৰ বৃক্ক বিকল হৈ পৰে আৰু সিহঁত মৃত্যুমুখত পৰে। পৃথিৱীৰ কিছুমান দেশত ডাইক্লফেনাক নিষিদ্ধ কৰা হৈছে যদিও ইয়াৰ অবৈধ ব্যৱহাৰ অব্যাহত আছে।

ইয়াৰ উপৰিও শগুণে বিষক্ৰিয়া হৈ মৃত্যু বৰণ কৰা বনৰীয়া কুকুৰ, মেকুৰীৰ মৃতদেহ, কীটনাশক দ্ৰব্যৰ উপস্থিতি থকা মৃতদেহ আদি ভক্ষণ কৰিও অকালতে মৃত্যুমুখত পৰিব পাৰে। তাৰোপৰি দ্ৰুতগতিৰ নগৰায়ন আৰু বনাঞ্চল ধ্বংসৰ ফলত শগুণৰ বাস কৰা আৰু খাদ্য গোটোৱা স্থান হ্ৰাস পাইছে। বিদ্যুৎ পৰিবাহী তাঁৰ আৰু বতাহৰ টাৰবাইনেও এই চৰাইবিধৰ প্ৰতি বিপদৰ সৃষ্টি কৰে, কিয়নো শগুণে প্ৰায়ে এইবোৰৰ লগত সংঘৰ্ষ হৈ মৃত্যু বৰণ কৰে। সেইবাবে এই প্ৰাণীবিধৰ অস্তিত্ব সংকটৰ গৰাহলৈ আগবাঢ়ি যাব ধৰিছে।

ফুলেশ্বৰী দত্তই বছৰৰ পিছত বছৰ, দশকৰ পিছত দশক নিস্বাৰ্থভাৱে কাম কৰি অসম্ভৱকো সম্ভৱ কৰি তুলিছে। তেখেতৰ এই কামৰদ্বাৰা অনুপ্ৰাণিত হৈ সৃষ্টি হওঁক হাজাৰগৰাকী ফুলেশ্বৰী দত্তৰ। সেয়াই আমাৰ গভীৰ প্ৰত্যাশা।

(নিভা বৰা লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী।)