শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়

ইতিহাস

বীণাপাণি কোঁচ

শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়খনি ১৭২২ খ্ৰীষ্টাব্দত ঢকুৱাখনাৰ মহকুমাৰ অন্তৰ্গত দেৱলীয়া নামৰ গাওঁখনত স্থাপিত হৈছিল। কিন্তু অষ্টাদশ শতিকাৰ আৰম্ভণিতে এই দেৱালয়খন বিভিন্ন স্থানত প্ৰতিষ্ঠিত হৈছিল ।

শদিয়াৰ কেঁচাইখাতি গোসাঁনীৰ ঠাল হিচাপে দেউৰী পুৰুহিত বলিকটীয়া, দোলাভাৰী , দাধৰা , পাচনীসহ নাৱেৰে ভটিয়াই আহি ঢকুৱাখনাত প্ৰতিষ্ঠিত হয়। মানৰ আক্ৰমণত থানখন ঠান-বান হয়। দেউৰীসকলে ঠাই এৰি যোৱাত ১৭২২ খ্ৰীষ্টাব্দতে আহোম ৰজা স্বৰ্গদেউ শিৱসিংহই কনৌজৰ পৰা আন এগৰাকী ব্ৰাহ্মণ পুৰুহিতৰ দ্বাৰা পূজাৰ ব্যৱস্থা কৰে আৰু তাম্ৰপত্ৰৰ দ্বাৰা ৩২৭ বিঘা মাটি দেৱালয়ক দিয়ে।

থানখনত মূলতঃ আদ্যশক্তিদেৱী শ্ৰী শ্ৰী দূৰ্গাদেৱীৰ উপাসনা কৰা হয় । দক্ষযজ্ঞত সতীয়ে আত্মহুতি দিয়াত তেওঁৰ মৃতদেহ স্বামী দেৱাদিদেৱ মহাদেৱে কান্ধত লৈ আহোঁতে সতীৰ দেহৰ অংগসমূহ গলি গলি বিভিন্ন ঠাইত পৰি গৈছিল। সেই অংগসমূহৰ পৰি যোৱা ঠাইসমূহত বিভিন্ন থানৰ সৃষ্টি হৈছিল। তেনেদৰেই এই দেৱালয়খনৰো সৃষ্টি হয় বুলি ধৰা হয়। কাৰণ জনশ্ৰুতি মতে এই স্থানত সতীৰ হাড় আৰু শিৰ অংশ পৰিছিল। সেয়েহে ইয়াত বলিপ্ৰথা চলাৰ লগতে কেঁচা তেজ পান কৰা দেখা যায়।

জনশ্ৰুতি মতে, থানখনৰ গৃহ প্ৰতিষ্ঠা কৰিবৰ বাবে এজোপা প্ৰকাণ্ড তুলসী গছ উটি আহি বৰ্তমানৰ হাৰ্হি ঘাটেৰে আহি সাপতীয়া জানেৰে গোৱালগাওঁৰ মাজেৰে দুলীয়াবৰুৱা গাওঁত পায় আৰু পূজাৰী এজনক গৃহ নিৰ্মাণৰ বাবে সপোন দেখুৱাই বুলি বিশ্বাস কৰে। পৰৱৰ্তী পৰ্যায়ত এই গছজোপাৰ পৰা কাঠ উলিয়াই গৃহ নিৰ্মাণ কৰি পূজা গৃহ নিৰ্মাণ কৰা হয়।

আন কোনো লোকৰ মতে এই দেৱালয়খনিৰ অধিস্থাত্ৰী দেৱীগৰাকীয়ে হৈছে পূৰ্বৰ চুতীয়াসকলৰ আৰাধ্য দেৱী, শদিয়াৰ বিখ্যাত তাম্ৰেশ্বৰী মন্দিৰৰ কেঁচাইখাতি গোসাঁনী বা দেৱী দিক্কৰবাসিনী। আহোম আৰু চুতীয়াৰ শেষ ৰণত চুতীয়াসকলৰ পৰাস্ত হোৱাত দেৱালয়ৰ নিৰাপত্তা লোপ পায়। ফলত তাৰ পুৰোহিতসকলে দেৱী বিগ্ৰহৰ লগতে দেৱালয়ত থকা শিৱ , দুৰ্গা , গংগা , মনসা, গণেশ আদিৰ শিলামূৰ্তি আৰু বলিকটা দা, পূজাৰ বিভিন্ন সামগ্ৰী আৰু দেৱালয়ৰ বিভিন্ন বৃত্তিধাৰী মানুহক লগত লৈ লুইতেইদি ভটিয়াই হাবুং অঞ্চল পায়। তাতেই তেওঁলোকে বিগ্ৰহাদি স্থাপন কৰি নিয়মিত পূজা-পাতল কৰিবলৈ লয়। অৱশ্যে পিছৰ পৰ্যায়ত দেৱালয়খনে আহোম ৰজাসকলৰ পৃষ্ঠপোষকতা লাভ কৰিছিল বুলি জনা যায়।

এই দেৱালয়খনত থকা উল্লেখযোগ্য সামগ্ৰীবোৰ ভিতৰত তেৰখন বলিকটা দা, সাঁচিপাতৰ এখন কীৰ্তনপুথি, শালগ্ৰাম মন্ত্ৰ পুথি, কেঁকোৰা দোলা, বিভিন্ন বাদ্যযন্ত্ৰ ইত্যাদি প্ৰধান। এই বলিকটা দা একোখনৰ ওজন দহৰ পৰা বাৰ কিলোগ্ৰাম পৰ্য্যন্ত। পূৰ্বতে এই দেৱালয়খনিত নৰবলিৰ প্ৰথাও আছিল বুলি জনা যায়।

শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত দৈনন্দিন পূজা অৰ্চনা উপৰিও শ্ৰী শ্ৰী দূৰ্গা পূজা, লক্ষ্মী পূজা, বিষ্ণুযজ্ঞ, বৰসবাহ, শিৱৰাত্ৰি আদি উদ্‌যাপন কৰি অহা হৈছে। ইয়াৰ উপৰিও দূৰ্গা পূজাৰ সময়ত সেৱকীসকলে বিভিন্ন ব্যক্তিগত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু দেওউঠা পুৰুষ-মহিলাসকলৰ দৰ্শন লাভ কৰিবলৈ হেতা-ওপৰা লগায়। তদুপৰি ভক্তসকলে বছৰটোৰ বাৰটা মাহতে দেৱালয়খনি দৰ্শন কৰিব পাৰি।

বৰ্তমান সময়ত দেৱালয়খনত পৰ্যটকৰ বাবে সুন্দৰ অতিথিশালা, যথোপযুক্ত পানী যোগানৰ ব্যৱস্থা, পোহৰৰ ব্যৱস্থা আৰু পৰ্যটকসকলৰ সুৰক্ষাৰ বাবে প্ৰশাসনিক সেৱাৰো ব্যৱস্থা কৰা হৈছে।

অসমৰ খ্যাতনামা শক্তিপীঠ কামাখ্যাৰ দৰে শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত ভক্তৰ সমাগম দিনক দিনে বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ভাৰতবৰ্ষতে এখন জাকত জিলিকা শক্তিপীঠ বুলি কলেও বঢ়াই কোৱা নহয় ।

এই দেৱালয়খন এখন ধৰ্মীয় অনুষ্ঠান সম্প্ৰতি তাক এক আকৰ্ষণীয় পৰ্যটনথলী হিচাপে গঢ় দিবলৈও চেষ্টা কৰা হৈছে। উল্লেখযোগ্য যে দেৱালয়খনলৈ অসমৰ দাঁতিকাষৰীয়া পাহাৰীয়া ৰাজ্যৰ পৰাও মাজে-সময়ে বিভিন্ন দৰ্শনাথী আহে। তালৈ চাই ক'ব পাৰি যে ভৱিষ্যতে অনুষ্ঠানটিৰ পৰ্যটন-সম্ভাৱনা অতি উজ্বল।

(বীণাপাণি কোঁচ ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)-ৰ ইতিহাস বিভাগৰ ছাত্ৰী। প্ৰবন্ধত ব্যৱহৃত ফটো  লেখকৰ।)