অসমীয়া ভাষা-সাহিত্য চৰ্চালৈ হেমচন্দ্ৰ গোস্বামীৰ অৱদান

সাহিত্য সমালোচনা

স্বপ্নমজ্যোতি কলিতা

ঊনবিংশ শতিকাৰ আশী-নব্বৈ দশকৰ পৰা বিংশ শতিকাৰ ত্ৰিশৰ দশক পৰ্যন্ত অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাকাৰীসকলৰ ভিতৰত হেমচন্দ্ৰ গোস্বামী (১৮৭২-১৯২৮) অন্যতম। 'আসাম বন্ধু' (১৮৮৫-৮৬)-ৰ পাততে প্ৰবন্ধ আৰু কবিতা লেখা হেমচন্দ্ৰ গোস্বামীয়ে ১৮৮৮ চনত উচ্চশিক্ষাৰ বাবে কলিকতালৈ গমন কৰে। হেমচন্দ্ৰক "পণ্ডিত হেমচন্দ্ৰ গোস্বামী" হিচাপে গঢ় দিয়াত ই এক উল্লেখযোগ্য ঘটনা। কলিকতাত গোস্বামী আৰু কেইবাজনো ব্যক্তিৰ সহযোগত অসমীয়া ভাষা উন্নতি সাধিনী (অঃ ভাঃ উঃ সাঃ) সভাৰ গঠন হয় আৰু ১৮৮৯ চনত সেই সভাৰ মুখপত্ৰ হিচাপে 'জোনাকী'ৰ প্ৰকাশে অসমীয়া ভাষা-সাহিত্যত নৱন্যাস আন্দোলনৰ সূচনা কৰে।

হেমচন্দ্ৰ গোস্বামীয়ে অঃ ভাঃ উঃ সাঃ সভাৰ দ্বিতীয় বাৰ্ষিক অধিবেশনত 'অসমীয়া ভাষা' বিষয়ক এখনি ৰচনা পাঠ কৰে। এয়ে গোস্বামীৰ অসমীয়া ভাষা চৰ্চাৰ প্ৰথম উকমুকনি। পাছলৈ 'জোনাকী' আলোচনীৰ পাতত ৮টা খণ্ডত ইয়াৰ প্ৰকাশ হয়। জোনাকীৰ পাততে হেমচন্দ্ৰ গোস্বামীয়ে শৃংখলাবদ্ধভাৱে অসমীয়া ভাষা-সাহিত্যৰ যুগ বিভাজনৰ প্ৰচেষ্টা হাতত লৈছিল। অৱশ্যে ইয়াৰ আগতে যদিও গুণাভিৰাম বৰুৱাই আসাম বন্ধুৰ পাতত সাহিত্যৰ যুগ বিভাজন কৰিছিল তাৰ মাজত শৃংখলাবদ্ধতাৰ অভাৱ ঘটিছিল। হেমচন্দ্ৰ গোস্বামীৰ এনে অনুসন্ধানেই পৰৱৰ্তী সময়ত 'অসমীয়া সাহিত্যৰ চানেকি'ৰ দৰে অসমীয়া স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰথমখন বিদ্যায়তনিক পুথি সম্পাদনাৰ পটভূমি আছিল।

ইয়াৰ উপৰিও হেমচন্দ্ৰ গোস্বামীয়ে 'পুৱা', 'কাকো আৰু হিয়া নিবিলাওঁ', 'ধৰা পৰা', 'প্ৰিয়তমাৰ চিঠি' আদি কবিতাৰ জড়িয়তে অসমীয়া কাব্য পৰিক্ৰমাত এক অভূতপূৰ্ব শিহৰণ তুলিলে, ৰসিকজনৰ ভাৱনাৰ পৰিমণ্ডলত বিস্ময়ৰ সৃষ্টি কৰিলে। বিশেষকৈ পেট্ৰাৰ্কীয় চনেটৰ আৰ্হিৰে প্ৰথম অসমীয়া চনেট কবিতা 'প্ৰিয়তমাৰ চিঠি' ৰচনা কৰি তেখেতে অভিলেখ ৰচিলে। কবিতাৰ ক্ষেত্ৰত হেমচন্দ্ৰই ঐতিহ্যৰ পৰা লাভ কৰা আধ্যাত্মিক তথা নৈতিক দৃষ্টিভংগী আৰু আদৰ্শক নিষ্ঠা সহকাৰে মানি লৈও পৰম্পৰা সলনি কৰি, নতুন জীৱন-দৃষ্টি গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। তেখেতৰ একমাত্ৰ কবিতাপুথি 'ফুলৰ চাকি'(১৯০৭)-ৰ পাতনিত সেয়ে কবিয়ে লিখিছে — "ইয়াৰ ভিতৰত কেইবাটাও কবিতা লেখকৰ ১৩/১৪ বছৰ বয়সতে লেখা আৰু তেতিয়াৰ লেখকে আৰ্হি লʼবৰ নিমিত্তে অসমীয়া ভাষাত গীতি কবিতা (Lyrical) আৰু চৈধ্যপদী কবিতাৰ (Sonnet) চানেকিত নাছিল। তেনেস্থলত তাত কিবা দোষ থাকিলে পাঠকসকলে যেন মাৰ্জনা কৰিব।"

সাহিত্যিক অৱদানখিনিৰ বাদেও হেমচন্দ্ৰ গোস্বামীৰ ভাষা চৰ্চাকাৰী হিচাপে এক সুকীয়া পৰিচয় আছে। কিন্তু দুৰ্ভাগ্যৰ কথা যে গোস্বামীদেৱক কবি হিচাপে, অৰ্থাৎ এগৰাকী সাৰ্থক কবি হিচাপে মূল্যায়ন কৰাত আমাৰ সমালোচকসকল যিমানদূৰ সফল হৈছে, সিমানেই তেওঁলোক ব্যৰ্থ হৈছে গোস্বামীদেৱৰ আনবোৰ দিশ মূল্যায়ন কৰাত। সমালোচকসকলৰ কিন্তু যৎপৰোনাস্তি চেষ্টা যে কেৱল গোস্বামীদেৱৰ কবিতাৰ মূল্য-নিৰ্ণয়ৰ ক্ষেত্ৰখনত যেন আমাৰ চকুত পৰে। তদ্ৰুপ যদি তেওঁলোকে গোস্বামীদেৱক আন দিশবোৰৰ মূল্যায়নৰ ক্ষেত্ৰতো সমানে গুৰুত্ব দিলেহেঁতেন তেন্তে কবিতাৰ দৰে তেখেতৰ প্ৰতিভাৰ আনবোৰ দিশো আজি সৰ্বজনবিদিত হ'লহেঁতেন।

হেমচন্দ্ৰ গোস্বামীয়ে কাব্য-কল্পনাৰ ৰাজ্যত বিচৰণ কৰাৰ সমান্তৰালভাৱে অসমৰ হেৰাই যাব ধৰা পুৰণি সম্পদৰ সন্ধানতো দেহে-কেহে খাটিছিল। চৰকাৰী চাকৰি লাভৰ পিছত গোস্বামীয়ে কবিতাৰ কল্পনাময় ক্ষেত্ৰখন এৰি প্ৰত্নতত্ত্ব আৰু বুৰঞ্জীৰ অনুসন্ধানত মনোনিৱেশ কৰে। তেওঁ ব্ৰিটিছ গৱৰ্ণমেণ্টৰ দ্বাৰা নিযুক্ত হৈ ১৯১২-১৩ চনত পুৰণি পুথি অনুসন্ধান আৰু উদ্ধাৰৰ কাৰ্যত লিপ্ত থাকে আৰু বহুতো পুৰণি অসমীয়া আৰু সংস্কৃত পুথি তথা সাঁচিপতীয়া পুথি, লিপি সংগ্ৰহ কৰি আনে। কামৰূপ অনুসন্ধান সমিতিৰ তেওঁ আছিল অন্যতম প্ৰতিষ্ঠাতা। তেওঁৰদ্বাৰা সংগৃহীত পুথিসমূহ সমিতিয়ে সংৰক্ষণৰ দিহা কৰে। এই অনুসন্ধান সমিতিৰ যোগদি তেওঁ বিভিন্ন পুৰণি পুথিৰ পুনৰ্মুদ্ৰণো কৰিছিল। তদুপৰি ঊষা, বাঁহী, আদি আলোচনী-কাকততো তেওঁৰ ভালেখিনি বুৰঞ্জীমূলক আৰু প্ৰত্নতত্ত্বমূলক প্ৰৱন্ধ আৰু চমু জীৱনী প্ৰকাশ হৈছিল। লগতে তেওঁ বহুতো ৰজাদিনীয়া পুৰণি ফলি উদ্ধাৰ কৰি সেইসমূহৰ পাঠোদ্ধাৰ কৰি প্ৰকাশো কৰিছিল। তেখেতৰ এনে অনুসন্ধান তথা অনুসন্ধিৎসাই কবিতাৰ মাজত ভুমুকি মাৰিছে এনেদৰে—

"সৌন্দৰ্যৰ বুকুৰ কাঁচলি উদঙাই প্ৰকৃতিৰ ছোঁ-ঘৰ চালোঁ পিত্ পিত্

কুকুৰাঠেঙ্গীয়া এই আখৰকিটিত যি অমিয়া ঘঁহা আছে কʼতো আৰু নাই।"

                                                    — প্ৰিয়তমাৰ চিঠি

গোস্বামীৰ এই কবিতাটোক শ্ৰেষ্ঠ অসমীয়া প্ৰেমৰ কবিতাৰ মাজত স্থান দিয়া হয়। দৰাচলতে এই পংক্তিকেইটাই ভাষা চৰ্চাকাৰী হেমচন্দ্ৰ গোস্বামীজনকো সমানে তুলি ধৰে। তেওঁ বহু সময়ত পুৰণি ফলি উদ্ধাৰৰ কামত ব্যস্ত আছিল। "কুকুৰাঠেঙ্গীয়া সেই আখৰকিটি" পুৰণি ফলিৰ আখৰৰ অমিয়াও হ'ব পাৰে। "সৌন্দৰ্যৰ কাঁচলি" উদঙোৱাই পাঠোদ্ধাৰৰ প্ৰসংগকো ব্যঞ্জিত কৰিব পাৰে।

এডৱাৰ্ড গেইটে তেওঁৰ A History of Assam প্ৰণয়ন কৰোঁতে তেওঁৰ প্ৰধান সমল যোগাওতা আছিল হেমচন্দ্ৰ গোস্বামী। গোস্বামীদেৱৰ পুৰণি পুথিৰ অনুসন্ধান তথা অনুসন্ধিৎসাৰ উৎকৃষ্ট নিদৰ্শন হ'ল Descriptive Catalogue of Assamese Manuscript (১৯৩০) শীৰ্ষক গ্ৰন্থখন। এই গ্ৰন্থখন অসমীয়া ভাষাৰ পুৰণি পুথিৰ এক বিৱৰণাত্মক তালিকা সন্নিৱিষ্ট এক বহুমূলীয়া দলিল। অৱশ্যে তেওঁ জীৱদ্দশাত পুথিখন প্ৰকাশ হৈ ওলোৱা দেখিবলৈ নাপালে।

আৰ্চডেল আৰ্ল আৰু পি. আৰ. টি. গৰ্ডন চাহাবে সহানুভূতি তথা উদাৰতা প্ৰদৰ্শন কৰি চাকৰিৰ সমান্তৰালভাৱে গোস্বামীদেৱক মুঠ ছমাহৰ বাবে বিশেষ কৰ্তব্যত ৰাখি পুৰণি পুথি সংগ্ৰহৰ কামত পঠিয়াইছিল। তেওঁ মুঠ ২৩৩-খন পুথি বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰি কেটেলগত অন্তৰ্ভুক্ত কৰিছিল। দৰাচলতে তদানীন্তন সময়ছোৱাত সম্পাদন কৰা এনে এটা কাম মহত্ত্বপূৰ্ণই নাছিল বৰং আছিল বহুগুণবিশিষ্ট। কিয়নো প্ৰাক্‌-আধুনিক অসমীয়া পুথিৰ পাঠোদ্ধাৰ তথা পুৰণি অসমীয়া পুথিৰ সংগ্ৰহৰ লগতে ভাষা-সাহিত্যৰ সেই সমলবোৰৰ লগত জনমানসক চিনাকি কৰাই দিয়াটো‌ আছিল এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আচলতে অসমীয়া ভাষাসত্তা তথা জাতিসত্তাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো এই কেটেলগখনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

হেমচন্দ্ৰ বৰুৱাৰ 'হেমকোষ' (১৯০০)-ৰ উদ্ধাৰ তথা প্ৰকাশো হেমচন্দ্ৰ গোস্বামীৰ ভাষা চৰ্চাৰ এক উল্লেখযোগ্য অংশ। ১৮৯৭ চনৰ বৰভূঁইকঁপত হেমকোষৰ পাণ্ডুলিপি আৰু আৰ্হিকাকত সকলো মাটিৰ তলত পোত গৈছিল। ফলত পাতবোৰ নষ্ট হোৱাৰ উপক্ৰম হৈছিল। ফলস্বৰূপে হেমকোষৰ এই পাণ্ডুলিপি উদ্ধাৰ কৰি প্ৰকাশ কৰাৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামী যথেষ্ট দুৰ্গতিৰ সন্মুখীন হৈছিল। এই প্ৰসংগত বেণুধৰ শৰ্মাৰ মন্তব্য প্ৰণিধানযোগ্য — "হেমকোষ'ৰ পাতবোৰ মিলাওঁতে মিলাওঁতে আখৰবোৰ দোহাৰি নকল কৰোঁতে কৰোঁতে হেম গোঁসাই বামতে সাতুৰি ফুৰিবলগীয়া হৈছিল।" অৱশ্যে গেইট চাহাবৰ সহানুভূতি আৰু উদাৰতাৰ অবিহনে গৱৰ্ণমেণ্টৰদ্বাৰা এই অভিধানখন প্ৰকাশ কৰিব পৰা নগ'লহেঁতেন।

অসমীয়া ভাষাৰ প্ৰতি থকা অকৃত্ৰিম আনুগত্যৰ বাবেই গোস্বামীয়ে গোৱালপাৰাত স্কুল-আদালতত অসমীয়া ভাষাৰ প্ৰচলনৰ বাবেও চেষ্টা কৰিছিল আৰু এই প্ৰচেষ্টাত সফলো হৈছিল। অসমীয়া ভাষাৰ পূৰ্ণ-স্বতন্ত্ৰতা অৰ্জন কৰিবলৈও তেওঁ ভালেমান কাম কৰিছিল। বিশেষকৈ ১৯০৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ বি.এ. শ্ৰেণীত অসমীয়া ভাষা পাঠ্যৰূপে অন্তৰ্ভুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত হেমচন্দ্ৰ গোস্বামী আৰু পদ্মনাথ গোহাঞিবৰুৱাই যুটীয়াভাৱে 'নʼট অন দি আচামীজ লেংগৱেজ' নাম দি 'মনগ্ৰাফ'ৰ পুস্তিকাখন প্ৰস্তুত কৰি গৱৰ্ণমেণ্টলৈ পঠিয়াইছিল। এনেবোৰ কাৰ্যৰ মূলতে আছিল হেমচন্দ্ৰ গোস্বামীৰ ভাষাচৰ্চা।

অসমীয়া সাহিত্যত এগৰাকী সম্পাদক হিচাপেও গোস্বামী স্মৰণযোগ্য। 'জোনাকী'ৰ দ্বিতীয়-তৃতীয় বছৰৰ সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামী। শিশু আলোচনী 'অকণ'(১৯১৫)-ৰ সম্পাদক আৰু তাৰ প্ৰবন্ধ লেখক হিচাপেও গোস্বামীৰ এক সুকীয়া স্থান আছে। এই 'অকণ' আলোচনীত লʼৰা-ছোৱালীয়ে সহজতে বুজিব পৰাকৈ লিখা প্ৰবন্ধবোৰৰ ভাষা তেখেতৰ সৰল গদ্যশৈলীৰ পৰিচায়ক।

'দৰং ৰাজবংশাৱলী', 'পুৰণি অসম বুৰঞ্জী', 'কামৰত্নতন্ত্ৰ', 'অঙ্কীয়া নাট বা অঙ্কীয়া বাৰনাট', 'কথা ভাগৱত', 'ঘোঁৰা নিদান', 'হস্তীবিদ্যাৰ্ণৱ', 'শ্ৰীহস্ত মুক্তাৱলী', 'যোগিনীতন্ত্ৰ' আদি প্ৰাক্-আধুনিক পুথিসমূহৰ পাঠোদ্ধাৰ আৰু সম্পাদনা কৰি প্ৰকাশ কৰাটোও হেমচন্দ্ৰ গোস্বামীৰ অসমীয়া ভাষা-সাহিত্য চৰ্চালৈ এক অন্যতম অৱদান। পুৰণি পুথিৰ অনুসন্ধানমূলক কাম-কাজেই আছিল এনেবোৰ কামৰ মূল পৃষ্ঠভূমি।

কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ পুথি প্ৰণয়নৰ ক্ষেত্ৰত উপাচাৰ্য আশুতোষ মুখাৰ্জীক গৰ্ডন চাহাবে হেমচন্দ্ৰ গোস্বামী উপযুক্ত বুলি নিৰ্বাচন কৰি দিয়াৰ মূলতে আছিল গোস্বামীৰ ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চা। হেমচন্দ্ৰ গোস্বামীয়েও অতি উৎসাহেৰে এমাহৰ ভিতৰতে 'অসমীয়া সাহিত্যৰ চানেকি' নামেৰে এখন আঁচনি প্ৰস্তুত কৰি অসমীয়া সাহিত্যৰ ইতিহাসক ছটা ভাগত ভাগ কৰি খ্ৰীষ্টাব্দ ৬০০ৰ পৰা ১৯০০ চনৰ সময়ছোৱালৈকে অসমীয়া সাহিত্যৰ সমল সমূহক অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯১৮ চনৰ শেষৰফালে আৰম্ভ কৰি ১৯২১ চনৰ শেষৰফালে তেওঁ ২৫০০ পৃষ্ঠাৰ এই গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়ায়। কিন্তু বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক বিভাগে যথাসময়ত অনুমোদন জনোৱা সত্বেও আৰ্থিক সংকটৰ বাবে গ্ৰন্থখন প্ৰকাশ কৰাত যথেষ্ট আহুকালে দেখা দিছিল। কিন্তু ভোলানাথ বৰুৱাৰ অৰ্থ সাহায্যত সেই সংকট দূৰ হয় আৰু ১৯২৩ চনৰ পৰা ১৯২৯ চনৰ ভিতৰত সাতটা খণ্ডত প্ৰকাশ হৈ ওলায়। তদুপৰি পুথিখন প্ৰকাশৰ বাবে কেইবাটাও অসমীয়া আখৰ মুখাৰ্জীয়ে নিৰ্মাণ কৰাই আনিব লগা হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ ভোলানাথ বৰুৱা, আশুতোষ মুখাৰ্জী আৰু ১৯২৮ চনত হেমচন্দ্ৰ গোস্বামীৰো মৃত্যু হোৱাত তেওঁলোক তিনিওজনৰ কোনো এজনেই 'অসমীয়া সাহিত্যৰ চানেকি' সম্পূৰ্ণ প্ৰকাশ হৈ ওলোৱা দেখিবলৈ নাপালে।

(স্বপ্নমজ্যোতি কলিতা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ)