ঋতুৰাজ বসন্তৰ আগমনত
অনুভৱ


বসন্ত। ঋতুৰ ৰজা। ফাগুনৰ পছোৱাজাকক চেৰ পেলাই, ডালত ন কুঁহিপাত লৈ, কুলিৰ মাতৰ উন্মাদ কাৰুণ্যতাত যেন নামি আহে ঋতুৰাজ বসন্ত। বৰদৈচিলাৰ আঁচলৰ পৰশত যেন সেউজী হয় চৌদিশ।নাহৰৰ ৰাঙলী কুঁহিৰ চঞ্চলা নাচোনৰ মৌন কোলাহলত যেন কপৌৰ লাহি পাহিবোৰেও থমকি চাই ৰয়।
প্ৰকৃতিৰ আয়োজন এয়া। পিছে নাহৰৰ সুৱাসত মন উতলা হৈ নাচিবলৈ ধপলিয়াই অহা নাচনীবোৰহে যেন নোহোৱা হ'ল। ঢোলৰ চাপৰত ৰাতি বিহুৰ আমেজবোৰ বিহু মঞ্চ পালেগৈ। আৰু আমাৰ আয়োজনবোৰ? এইবোৰত যেন আন্তৰিকতাৰ বাহ্যিক প্ৰলেপ সানি উত্তাল উচ্ছাসৰ বাহ্যিক প্ৰকাশত মগ্ন হওঁ আমিবোৰ।
সময় — ক'বলৈ বা শুনিবলৈ কিমান যে এটা সহজ শব্দ! কিন্তু এই পৰিধিবিহীন সময়েই আকৌ আমাৰ জীৱবোৰৰ জীৱনৰ একোটা পৰিধি বান্ধি দিয়ে। সেয়ে চাগে ইমান হেঁপাহ, জীয়াই থকাৰ বাবে। য'ত আমাৰ চাৰিওফালটোক সামৰি গঢ়ি উঠে এখন সৰু পৃথিৱী। য'ত সৰু সৰু ভাললগাবোৰক সামৰিয়েই আমি প্ৰতিদিনে নকৈ সজাব খোজোঁ আমাৰ ক্ষুদ্ৰ জীৱনৰ বিস্তৃত পৃষ্ঠাবোৰ। সেয়ে চাগে সময়ৰ লগে লগে বাঢ়ি অহা উদাসীনতা আৰু কৰ্মৰ হেঁচাৰ মাজতে, ভিতৰি ৰং হেৰুৱাইয়ো বাহিৰত ৰঙৰ মেলা পতাৰ চেষ্টা কৰোঁ আমিবোৰে।
এইখিনিতে অনুভৱ হয়, যেন সলনি হ'লোঁ আমিবোৰো। ধৰাৰ বুকুতে এখন সৰু পৃথিৱী সাজি, নিজৰ মাজতে নিজকে সামৰি ৰখাৰ কৌশলটো যেন আমিও শিকি পেলালোঁ। সেয়ে চাগে এই উৎসৱবোৰে কঢ়িয়াই অনা মুঠি মুঠি হেঁপাহবোৰৰ মাজতো লাভ লোকচানৰ হিচাপ কৰি মন, আৱেগ আৰু বিবেকৰ হিচাপত খেলিমেলি লগাওঁ। বৰদৈচিলাৰ আঁচলত লাগি অহা ব'হাগৰ সুৱাসখিনি বিচাৰিবলৈ গৈ বিহুমঞ্চৰ উদ্দাম সংগীতত হেৰাই যাওঁ। অথচ প্ৰকৃতিৰ সৰু সৰু সুকীয়া আয়োজনবোৰত যেন জীৱনৰ গানটোৱে নতুন সুৰ এটা বিচাৰি পায়।
সেয়ে চাগে সুকীয়া এই অনুভৱ, ঋতুৰাজ বহাগৰ। ভূপেন হাজৰিকাৰ শব্দৰ ছন্দেৰে ক'বলৈ গ'লে, গণজীৱনৰ সাহ আৰু একতাৰে জাতিক বান্ধি ৰখা আয়ুস ৰেখা এয়া, যাৰ ঢোলৰ চাপৰত অনুভৱ হয় এক বিশেষ অনুভৱৰ, অসমীয়া হোৱাৰ অনুভৱৰ।
(নিভাৰাণী গগৈ লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ছাত্ৰী)