বৰ্হমথুৰি : সংস্কৃতি আৰু সম্ভাৱনা

পৰিণীতা বড়া

বৰ্হমথুৰি অসমীয়া জাতীয় জীৱনৰ লগত জড়িত এবিধ গুৰুত্বপূৰ্ণ উদ্ভিদ। সেই তাহানিৰ কালৰেপৰাই অসমীয়া সমাজৰ লগত এই উদ্ভিদবিধৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। এসময়ত অসমৰ হাবি-বননিবোৰত এই গছবিধ অতি সুলভ আছিল। কিন্তু সময়ৰ ধামখুমীয়াত পৰি এই উদ্ভিদবিধ ক্ৰমে বিলুপ্তিৰ দিশলৈ গতি কৰিছে।

বৰ্হমথুৰিৰ বৈজ্ঞানিক নাম Magnolia hodgsni । থলুৱাভাৱে ই 'লিপষ্টিক চম্পা' নামেৰেও পৰিচিত। এই গছজুপি অসমীয়া নাৰীৰ ৰূপসজ্জাৰ এক গুৰুত্বপূৰ্ণ পৰিচায়ক। সাধাৰণতে ওঁঠত ৰং বোলাবলৈ এই গছৰ ফল নাইবা কুঁহিপাত মুখত লৈ চোবোৱা হয়। বৰ্হমথুৰিৰ ফুলবোৰ সুগন্ধিযুক্ত আৰু ফলবোৰ সোৱাদত কেঁহা। বসন্ত ঋতুত এই গছবিধৰ ফল লাগে। তদুপৰি এই উদ্ভিদবিধ ঔষধি গুণসম্পন্ন।এই গছৰ পাতে দাঁতৰ বিষ উপশম ঘটোৱাৰ লগতে হজম শক্তি বঢ়ায়।

অসমীয়াৰ বাপতি সাহোন ব'হাগ বিহুটি উদ্‌যাপনৰ ক্ষেত্ৰত এই উদ্ভিদৰ যথেষ্ট গুৰুত্ব আছে। পুৰণি অসমত গছতলৰ বিহু মাৰিবলৈ যাওঁতে বিহুৱতীয়ে হাতত ৰং বুলাবলৈ জেতুকাৰ পৰিৱৰ্তে কেতিয়াবা বৰ্হমথুৰিও ব্যৱহাৰ কৰিছিল। ড° লীলা গগৈৰ 'বিহু : এটি সমীক্ষা'নামৰ গ্ৰন্থৰ বিহু এফাঁকিত বৰ্হমথুৰি সম্পৰ্কে এনেদৰে উল্লেখ আছে —

লুইতৰ পাৰৰে বৰ্হমথুৰি এজুপি

আমিনো খৰি লুৰা ঠাই।

উটুৱাই নিনিবা বৰহমপুত্ৰ দেৱতা

তামোল দি মাতোতা নাই ।।

লখিমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চলৰ এজোপা প্ৰায় ১০০ বছৰীয়া বৰ্হমথুৰি।

একালৰ গছতলৰ বিহুৰ ঠাই মঞ্চ বিহুৱে লোৱাৰ দৰে বৰ্হমথুৰিৰ ঠাই ল'লে 'লিপষ্টিক' নামৰ বজাৰত উপলব্ধ প্ৰসাধনবিধে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে অসমীয়া মানুহৰ মাজত এই উদ্ভিদবিধৰ ব্যৱহাৰিতা সম্পৰ্কীয় জ্ঞান লুপ্ত হৈ আহিব ধৰিছে। হয়তো এয়াও আধুনিকতাৰে প্ৰভাৱ।

কিন্তু আমি এই প্ৰতিকুল প্ৰভাৱক নেওচিব পাৰিলে এই উদ্ভিদবিধে এটা বিশেষ থলুৱা উদ্যোগ গঢ়ি তোলাৰ সম্ভাৱনাৰ দেখুৱায়। বিশেষকৈ অসমৰ দৰে নিবনুৱা সমস্যাৰে জৰ্জৰিত ৰাজ্যত প্ৰাকৃতিক গুণসম্পন্ন বৰ্হমথুৰিয়ে লিপষ্টিক, মেহেন্দী, বনৌষধ আদিৰ ঠাই লৈ নতুন প্ৰজন্মৰ স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিব পাৰে ।গতিকে যুৱ প্ৰজন্মই এই উদ্ভিদবিধৰ সংৰক্ষণ আৰু বিস্তাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে।

(পৰিণীতা বড়া লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী। প্ৰবন্ধটোত ব্যৱহৃত ফটোসমূহ লেখকৰ নিজৰ।)