অসমৰ সাম্প্রতিক প্রেক্ষাপটত বিহুৰ ঐতিহ্য বিচাৰ


অসমীয়াৰ প্ৰাণৰ বাপতি সাহোন বহাগ বিহুক সাত বিহুও আখ্যা দিয়া হয়। এই সাত বিহুৰ প্রতিটো দিনৰে একোটা নাম আছে। সেইকেইটা ক্রমে গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু বা কুটুম বিহু, চেনেহী বিহু বা তাঁতৰ বিহু, নাঙল বিহু, মেলা বিহু বা হাট বিহু আৰু চেৰা বিহু।
অসমীয়াৰ প্রতিটো বিহুৱে কৃষিৰ লগত জড়িত। লোকবিশ্বাসমতে কাতি বিহুৰ বন্তিৰ পোহৰে অসূয়া-অপ্রীতি নাশ কৰি পৃথিৱীৰ খেতিয়কক মনৰ শান্তি প্রদান কৰে। তেনেদৰে বহাগত ডেকা-গাভৰুৰ নাচোনৰ গিৰিপনীত পৃথিৱী শস্য-সম্ভৱা হৈ উঠে। খেতিয়কৰ হেঁপাহৰ ধান মুঠি সোণ জিলিকা দি জিলিকি উঠে। বিহু অসমীয়া লোকসাহিত্যৰো এটি অমূল্য সম্পদ। ইয়াৰ বুকুত আছে জাতিৰ প্ৰাণৰ স্পন্দন, জীৱনৰ ইতিহাস, সমাজৰ প্রতিচ্ছবি, ডেকা-গাভৰু, বোৱাৰী-জীয়ৰী, বুঢ়া-মেথা সকলোৰে মনৰ আনন্দ-উল্লাস, প্রেম-প্রীতিৰ সমাৱেশ।
সাম্প্রতিক সময়ত অসমীয়াৰ আবেগ-স্বৰূপ তিনিওটি বিহু যান্ত্রিকতাৰ মেৰপাকত এনেকৈ সোমাই পৰিছে যে আমি অসম ভূমিৰ প্রেক্ষাপটত ইয়াৰ ঐতিহ্য বিচাৰ কৰিবলগীয়াত পৰিছোঁহঁক। নগৰমুখী সভ্যতাৰ সম্প্ৰসাৰণৰ হেতু অসমৰ বৰভেটিৰ অমূল্য ৰতন বিহুক আমি কেৱল সামাজিক পৰম্পৰা হিচাপেহে প্রতিষ্ঠা কৰাত উঠি-পৰি লাগিছো। ফলস্বৰূপে বিহুৰ পূৰ্বৰ ঐতিহ্যৰ ওপৰত এক প্রশ্নবোধক চিহ্ন ওলমিব ধৰিছে।
বিহু অসমীয়া জাতীয় জীৱনৰ এৰাব নোৱাৰা সোপান। অসমীয়া সমাজৰ আৰ্থ-সামাজিক পৰিকাঠামোৰ দ্রুত পৰিৱৰ্তনৰ সমান্তৰালকৈ বাপতি সাহোন বিহুৰ পৰম্পৰাৰো পৰিৱৰ্তন, পৰিসংকোচন অথবা পৰিবর্ধন সংঘটিত হোৱা পৰিলক্ষিত হৈছে। সমাজৰ সামগ্রিক পৰিৱর্তনৰ প্রেক্ষাপটত এয়া তেনেই স্বাভাৱিক। পৰিয়ালৰ লাগতীয়াল খাদ্য-সামগ্রী আৰু আনুষঙ্গিক বয়-বস্তুৰ বাবে প্রকৃতি নির্ভৰশীল অতীতৰ স্বাৱলম্বী অসমীয়াৰ প্রতিটো বিহু অকৃত্রিম, প্রাকৃতিক আছিল। খাদ্য শস্য তথা নগদী শস্যৰ উৎস কৃষি আৰু কৃষিভিত্তিক বিহুৰ মাজেৰে সমাজখন নদন-বদন হৈ পৰাৰ হেঁপাহ, আশা-আকাংক্ষা, সম্ভাৱনীয়তা ইত্যাদিৰ প্রকাশ নানা লোক-সংস্কৃতিক পৰম্পৰাৰ মাজেৰে ফুটি উঠিছিল। সময়ৰ সোঁতত পৰিৱর্তন অপৰিহাৰ্য্য হৈ পৰাৰ দৰে পৰিৱৰ্তনৰ পৰিঘটনাত পৰম্পৰাগত লোকসংস্কৃতিৰো পৰিসংকোচন, পৰিৱর্ধন হৈ সাম্প্রতিক সময়ত অসমৰ বিহুৰো পৰিৱৰ্তন হোৱা দেখা গৈছে।
অসমীয়াৰ কেউটি বিহু বর্তমান পণ্য সামগ্রীত পৰিণত হোৱা দেখা গৈছে। চহৰীয়া মধ্যবিত্তসকলৰ জৰিয়তে বিহু বৰ্তমান পুঁজিপতি গোষ্ঠীৰ হাতলৈ গুচি গ'ল। ইয়াৰ সমান্তৰালভাৱে অসমীয়া সংস্কৃতিৰ প্রতিটো সোণসেৰীয়া উপাদানেই এতিয়া বিশ্বায়নৰ কোবাল সোঁতত উটি-ভাঁহি যাবলৈ ধৰিছে। আমি যিবিলাকক লোক-সংস্কৃতি, লোক-সংগ্রহ, লোকজীৱনৰ প্রাণ স্পন্দন বুলি ভেমজুৰি বহি আছিলোঁ সেইবিলাক এটা এটাকৈ চহৰীয়া নব্য সভ্যতাৰ গ্ৰাসত পৰিছে।
আমাৰ বিহুকেইটিৰ প্রতিটোৰে চিন্তা-চৰিত্র বেলেগ বেলেগ বুলি ইমান দিনে জানি আহিছিলোঁ। প্রতিটো বিহুৰ লগত আছে ঋতুৰ সম্পৰ্ক, চহা ৰাইজৰ পোৱা-নোপোৱা, হাঁহি-কান্দোন, দুখ-বেদনা, প্রাচুর্য, অভাৱ-অনাটন ইত্যাদিৰ আৱেগিক সম্পর্ক। সামগ্ৰিকভাৱে মাটি-পানী-বোকাৰে গঢ় লোৱা অসমীয়া মানুহৰ জীৱনধাৰা বিহু সংস্কৃতিৰ মাজত প্রতিফলিত হয়। পিচে সাম্প্রতিক প্রেক্ষাপটত বিহুকেইটিৰ পূর্বৰ এই সুকীয়া বৈশিষ্ট্য নোহোৱা হৈ আহিছে। আজিৰ সমাজত ভোগালী বিহুতো "নেপাতি কেনেকৈ থাকোঁ" বুলি বিহু জোৰে। বাঁহতল, গছতল, মেজিতল, চাংতল, চোতাল, মাৰলঘৰ, আখল ঘৰ আদি সকলোতে বহাগ বিহুৰ দৰে বিহু নাচে। ঢোল বাজে, পেঁপা বাজে — আন কথাত, মাঘৰ ঠেঁটুৱৈ ধৰা জাৰতো ৰঙালী বিহু উদ্যাপন কৰে। পার্থক্য বুলিবলৈ মাথোঁ এটাই যে ৰঙালী বিহুত বিহুৱা-বিহুৱতীৰ বাবে বিশেষভাৱে নির্মিত পোচাক পৰিধান কৰা হয় আৰু মাঘৰ বিহুত ছ্যুট-বুট, জেকেট, মাফলাৰ, টুপি, পুল-অভাৰ আদি পিন্ধি বিহু নচা হয়। নচা হয় মেজিক সাক্ষী কৰি। বিহুনাম একেখিনিয়েই, নাচো একেটাই। ঠিক একেদৰে কাতিৰ কঙালী বিহুতো সেই একে বিহুনাম-বিহুনাচ, ঢোল-তাল-পেঁপাৰে গমগমনি।
এইবোৰৰ ফলস্বৰূপে আমাৰ তিনিওটি বিহুৰ যি স্বকীয় মর্যাদা তথা পৰম্পৰা সেয়া ক্ষুণ্ণ হোৱা দেখা যায়। আমি সৰুতে মাঘ বিহু, কাতি বিহুত ঢোল বজাব নাপায় বুলিহে শুনিছিলোঁ। "নাপায়" বোলা কথাষাৰত সংস্কাৰতকৈ বৈজ্ঞানিক দৃষ্টিভংগী বেছিকৈ পৰিস্ফূত। যিহেতু আমাৰ বিহুকেইটা কৃষিভিত্তিক, গতিকে ইয়াৰ নীতি-নিয়মসমূহো অতি গুৰুত্বপূৰ্ণ।
পুৰণি কালত বিহু বুলিলে আমাৰ মন দাপোনত ভাতৃত্ববোধৰ এখনি প্রতিচ্ছবি ভাহি আহে। সাম্প্রতিক সমাজৰ ব্যক্তিকেন্দ্রিক পৰিৱেশত এনে ভাৱ পাহাৰত কাছ কণী বিচৰাৰ দৰে।
বহাগৰ বিহুত গৃহস্থক এজোলোকা আৰ্শীবাদ দিয়াৰ লগতে গৃহস্থৰ চোতাল ৰজনজনাই তোলা হুঁচৰিযোৰাৰ আজি অভাৱ দেখা যায়। বিশেষ নিমন্ত্রণ বা বিশেষ কিছুমান ধনী ব্যক্তিৰ ঘৰৰ পদূলী শুৱনি কৰাতহে আজিৰ হুঁচৰি ব্যস্ত। তেওঁলোকে ৰাতিটোৰ ভিতৰত কিমান ধন সংগ্ৰহ কৰিব তাৰ এটা টার্গেট থাকে, অর্থাৎ বিহুটিও বাণিজ্যিকীকৰণৰ লগত সুৰ মিলাই চলিবলৈ ধৰিলে। সাম্প্রতিক কালত জেং বিহু, হুঁচৰি, ৰাতি বিহু আদিৰ মাজত কোনো ভেদ নোহোৱা হ'ল। বৰং আধুনিকতাৰ চাকনৈয়াত সকলো মিশ্রিত হৈ একেলগে জাঁজ হৈ উটি যোৱাহে পৰিলক্ষিত হৈছে।
আজিকালি গাঁৱত হুঁচৰি, মুকলি বিহু নাই বুলিয়েই ক'ব পাৰি। ভাল বিহু এযোৰা চাবলৈ গাঁৱৰ মানুহে আজিকালি চহৰলৈ ঢাপলি মেলে। ই ইতিহাসৰ এটা ডাঙৰ বিড়ম্বনা। কাৰণ বিহুৰ প্ৰথম আৰু প্রধান সৃষ্টিৰ মূল হ'ল গ্রাম্য চহা জীৱন। আমি প্ৰতিগৰাকী অসমীয়াই মঞ্চবিহুক ৰঙা দলিচা পাৰি দিয়াত কিছুসংখ্যক বেপৰুৱা মনোভাৱাপন্ন ব্যক্তিয়ে যোৱা দুটা দশকত অসমৰ সাংস্কৃতিক দৃশ্যপট সলনি কৰি বিহুৰ অতীত মর্যাদা হানি কৰিলে। ফলত বিহুক বাণিজ্যই গ্ৰাস কৰিলে। বহুজাতিক কোম্পানীসমূহো স্প'ন্ছৰৰ ৰূপত বিহু বাকৰিত নামি পৰিল। চৌদিশে আৰম্ভ হ'ল কেৱল প্রতিযোগিতা আৰু প্রতিযোগিতা। হুঁচৰি প্রতিযোগিতা, বিহুৱতী প্রতিযোগিতা, পিঠা-পনা প্রতিযোগিতা, কিমান যে কি প্ৰতিযোগিতা! তাৰ ওপৰিও ইখন মঞ্চৰ লগত সিখন মঞ্চৰ অঘোষিত প্রতিযোগিতা চলিল। নামি-দামী গায়ক মাতি আনি লাখ লাখ টকাৰ বাজেটেৰে বিহুক বেপাৰত পৰিণত কৰাৰ প্ৰতিযোগিতা চলিল। এইদৰে প্ৰতিযোগিতাৰ ধামখুমীয়াত উটি হৈ চ'তৰ বিহু জেঠৰ বালিচটত লাগি ৰ'ল।
অসমীয়াৰ নানা বৈষয়িক তথা আধ্যাত্মিক-আৱেগিক আচাৰ-আচৰণেৰে পৰিপূৰ্ণ সমাজৰ চহকী সামাজিক পৰম্পৰা বিহু উৎসৱটি আজি এনেকৈয়ে পৰিৱৰ্তনৰ ধামখুমীয়াত উটি যাব ধৰিছে। পৰিৱৰ্তনৰ কৰাল গ্রাসত পৰা বিহুৰ পৰম্পৰা, আচাৰ-আচৰণসমূহ বৰ্তমান কেৱল প্রতীকী ৰূপতহে চলিব ধৰিছে। সমাজত শিক্ষাৰ প্রসাৰ, ভিন্নমুখী বৃত্তিত জড়িত আৰু বৃত্তিৰ ভিন্নমুখিতাৰ বৃদ্ধি, বিশ্বায়ণৰ বজাৰীকৰণ আৰু বিস্তাৰ, অতি-বস্তুবাদিতা আদিয়ে কৃষিজীৱী অসমীয়া সমাজৰ কৃষিজীৱী প্রতিটো পৰিয়ালক জোঁকাৰি গৈছে।
এনেদৰেই সাম্প্রতিক অসমৰ প্ৰেক্ষাপটত অসমীয়াৰ হিয়াৰ আমঠু বিহুকেইটিয়ে পৰিৱৰ্তন বাটেৰে আগবাঢ়ি গৈও, নিজৰ ঐতিহ্যৰ ক্ষেত্ৰত প্রশ্নৰ সন্মুখীন হৈও অসমীয়াৰ আৱেগত বিশেষ স্থান দখল কৰি আছে।
(বসন্ত বৰা গোলাঘাটৰ কমাৰবন্ধা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতক মহলাৰ ছাত্ৰ।)