বিহুগীত বিবিধা
১ম বছৰ, ১ম সংখ্যা
সংস্কৃতি


প্ৰতিজন অসমীয়াৰ বাপতিসাহোন উৎসৱ বিহু। এই বিহুৰ সময়ত গোৱা, পৰম্পৰাগত বিহুগীতসমূহৰ অসমীয়া সমাজ জীৱন আৰু অসমীয়া সাহিত্যত এক সুকীয়া স্থান আছে। এনে প্ৰায়ভাগ বিহুগীতেই এসময়ত মানুহৰ মুখে মুখে প্ৰচলিত আছিল। ফলত এই বিহুগীতত মানুহৰ সুখ, দুখ, আনন্দ, উল্লাস, প্ৰেম, বিৰহ, কামনা, বাসনা, ঐতিহাসিক ঘটনা ইত্যাদি সকলোবোৰে স্থান পাইছে। থোৰতে ক'বলৈ হ'লে অসমীয়া জনজীৱনৰ লগত জড়িত সকলো বিষয়েই বিহুগীতত স্থান লাভ কৰিছে।
ৰাতিবিহুৰ সময়ত বিহুৱা ডেকাই গায় —
লাই ঐ লিহিৰি হালে নো বায় হালোৱা
লাই ঐ লিহিৰি ঘৰলে ঐ নাযাবা
লাই ঐ লিহিৰি কঠিয়া ঐ বুলাব
কঠিয়ানো বুলাব আছে।
ঠিক তেনেদৰে, গৃহস্থৰ চোতালত হুঁচৰি মাৰিবলৈ উপস্থিত হৈ গোৱা হয় —
ঐ খুঁতিতে পৰিলে জিঞা
তললৈ মূৰ কৰি চাব ঐ নালাগে
দক্ষিণা উলিয়াই দিয়া।
দদাইদেউ গামোচা লাগিব
ঐ দদাইদেউ লাগিব বাকচৰ ধন।
পথাৰত গছৰ তলত বিহু মাৰোতে বিহুৱাই গীত জোৰে —
বিহুৰে বিৰিণা পাতে ঐ লাহৰী
বিহুৰে বিৰিণা পাত
গাভৰু ছোৱালী নাচে জুমে জুমে
চ'তৰ বিহু লাগিছে গাত।
চ’তৰ মাহ সোমোৱাৰ লগে লগে অসমৰ আকাশ-বতাহ বিহুনাম আৰু ঢোল-পেঁপাৰ শৱদেৰে মুখৰিত হৈ উঠে। যৌৱনৰ বলিয়া বতাহত ‘কমোৱা তুলাৰ দৰে’ উৰি ফুৰে ডেকা-গাভৰুৰ মন। এনে এক মধুৰ পৰিৱেশত অনামী শিল্পীৰ মনে পীৰিতিৰ ৰাজ্যলৈ ঈশ্বৰকো নমাই আনে —
প্রথমে ঈশ্বৰে পৃথিৱী স্ৰজিলে
লগতে স্ৰজিলে জীৱ
সেইজনা ঈশ্বৰে পীৰিতি কৰিলে
আমিনো নকৰিম কিয়।
কেৱল সেয়াই নে? স্বাধীনতা আন্দোলনৰ যুগৰ বিহুৱা প্ৰেমিকে প্ৰেমৰ স্থিতি মজবুত কৰিবলৈ প্রয়োজন সাপেক্ষে ভাৰতৰ স্বাধীনতা যুঁজৰ হোতা মহাত্মা গান্ধী, বাল গঙ্গাধৰ তিলক আদিকো বিহুনামৰ মাজলৈ টানি আনে —
গঙ্গাধৰ তিলকে পীৰিতি কৰিলে।
গান্ধীয়েও কৰিছিল প্রেম।
এনেবোৰ বিহুগীতৰ উপৰিও দীঘলীয়া জাতৰ নাচনীৰ চেওৰ গীতো আছে। এই বিহুনামবোৰ ঠাইভেদে দীঘল, ছুটি বা লেহেমীয়া হয়। তদুপৰি ঠাই অনুসৰি গীতবোৰৰ সুৰৰো পাৰ্থক্য দেখা যায়। বহাগত প্ৰকৃতিৰ পৰশত মানুহৰ বুকুত আনন্দৰ ঢৌ উঠে। তেতিয়া অসমীয়া জাতিটোৰ প্ৰাণোচ্ছলতা প্ৰকাশ পায় ডেকা-গাভৰু দৈহিক চঞ্চলতাৰ মাজেদি। ৰঙালীত মানুহৰ মন ৰঙেৰে ৰাঙলী হৈ উঠে, গা নাচি উঠে। ঢোল, টকাৰ চেৱে চেৱে এপাক নাচিবলৈ আৰু আনকো নচুৱাবলৈ মন যায়। এনে সময়ত বিহুৱা ডেকাৰ চকুত ৰচকী নাচনীজনী নতুন পোহৰেৰে উজলি উঠে —
বাৰীৰে চাপৰে কজলা উৰহী
পাতে তিৰবিৰে কৰে,
নাচনীৰ মুখলৈ চাবকে নোৱাৰি
চকু চাটে মাৰি ধৰে।
বিহুগীতসমূহৰ আদি ৰসাত্মক চৰিত্ৰৰ কথা সর্বজনবিদিত। ডেকা-গাভৰুৰ প্রাণোচ্ছল জীৱনৰ প্রেম-পিৰীতি, বিৰহ-মিলনেই ইয়াৰ ঘাই প্রতিপাদ্য। এই প্রেম অনিবার্যভাৱেই ঐহিক তথা ইন্দ্রিয়গ্রাহ্য। কিন্তু ব্যর্থ প্রেমৰ তাড়নাত কেতিয়াবা জীৱন-বিমুখ বৈৰাগ্য-দর্শনেও ইয়াত ভুমুকি নমৰাকৈ থকা নাই। ক্ষণভঙ্গুৰ জীৱনৰ অসাৰতা উপলব্ধিৰ মাজেৰে চহা কবিয়ে কেতিয়াবা দেহ-বিচাৰৰ পর্যায়ো পাইছেগৈ—
ধন গ’ল উচলি দেহা গ’ল পিছলি
লগত গ‘ল দুচলি খৰি।
এই বিহুগীতসমূহ লোকসাহিত্যৰ এক অমূল্য সম্পদ। ইয়াৰ বুকুত আছে জাতিৰ প্ৰাণ-স্পন্দন, জীৱন বুৰঞ্জী আৰু সমাজৰ প্ৰতিচ্ছবি। অতীতৰেপৰা মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহি বৰ্তমান অসমীয়া লোকসাহিত্যত এক সুকীয়া স্থান লাভ কৰিছে এই বিহুগীতে আৰু অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।
(প্ৰিয়ংকা টায়েং মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় (নগাঁও)-ৰ অসমীয়া বিভাগৰ ছাত্ৰী)
একলম
লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত
ekolom2025@gmail.com
+917575909540
© 2025. All rights reserved.
