গছৰ তলৰপৰা মঞ্চলৈ ৰঙালী বিহু
১ম বছৰ, ১ম সংখ্যা
সংস্কৃতি


'বহাগ মাথোঁ এটি ঋতু নহয়
নহয় বহাগ এটি মাহ,
অসমীয়া জাতিৰ ই আয়ুস ৰেখা,
গণজীৱনৰ ই সাহ।'
— ড০ ভূপেন হাজৰিকা
বহাগ মানেই এক মিঠা আমেজ।পদূলিৰ নাহৰজোপা ফুলি সৌন্দৰ্য্য বিলায়। তগৰ, কেতেকী ফুলৰ গোন্ধই মলেমলায়। লগতে কপৌজোপাও ফুলি শোভা বঢ়ায়। বহাগ বুলি ক'লেই ডেকা-গাভৰুৰ মন হৈ পৰে চঞ্চল।বসন্তৰ আৰম্ভণিতেই ৰঙালী বিহু উদযাপন কৰা হয়। চ'তৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনাৰে পৰাই সাদিনীয়া বহাগ বিহু আৰম্ভ হয়। বহাগ বুলি ক'লেই কুলিৰ মাত, ঢোল-পেপা-গগনাৰ সুৰধ্বনি। সমগ্ৰ অসমবাসীৰ মন ৰঙালী বিহুৰ আনন্দত মন মতলীয়া হৈ উঠে।ঢুলীয়া-বিহুৱতীৰ গাত তত্ নাইকিয়া হয়।
বিহু মূলত কৃষিভিত্তিক। খেতিক লৈ শুনা যায় নানান বিহুনাম—
শাওণৰ পথাৰত হালে বাই আছিলোঁ
শলমাৰি সুলকি গ'লে অ' হেৰেপী
বুঢ়া গৰু বোকাতে ৰ'লে অ' হেৰেপী
নাঙলে মেলিলে ফালে অ' হেৰেপী
অসময়ত আহিলি তয়ে অ' হেৰেপী
সেইখিনিতে থিয় হৈ থাক।
এনেকৈ অনেক বিহুনামত ফুটি উঠিছিল খেতি কৰা সঁজুলি, পদ্ধতি আদিৰ এখন ছবি।
ফাগুন গৈ চ’ত সোমোৱাৰ লগে লগে ঢোলৰ ছেও-চাপৰেৰে চোতাল গমগমাবলৈ ধৰে। বহাগ বুলি ক'লেই কাণত বাজি উঠে তাঁতশালৰ খিটিক্ খিটিক্ শব্দ।বিহুৰ এমাহমান আগৰেপৰাই গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে তাঁতশালত গামোছা বয়। প্ৰিয়জনলৈ বুলি গামোছাত ফুল বাচে।বহাগ বিহুতেই গাভৰুৱে জেতুকাবুলীয়া দুহাতেৰে প্ৰিয়জনক মৰমৰ বিহুৱান যাঁচে।বোৱাৰীসকলে নিজ হাতে বোৱা গামোছাখন ডাঙৰক দি সেৱা এটি কৰে। বহাগৰ মাহটোতে আলহী-কুটুম আহিলে গামোছা এখন উপহাৰ স্বৰূপে আগবঢ়ায়। চেনাইলৈ বুলি চেনেহীয়ে বিহুৱান বোৱাৰ লগে লগে বিহুগীত জোৰে—
ৰাতি দুপৰলৈ কাটি সূতালাহী
ধনলৈ বিহুৱান ব’লোঁ,
ৰঙাকৈ আঁচুৰে বাছি পানে বটা
টিপতে লুকুৱাই থ’লো।
আধুনিকতাৰ মেৰপেচত, যান্ত্ৰিকতাৰ ধামখুমীয়াত বিহুৰ মাদকতা হেৰাই থাকিল।এই যে বহাগ বুলি ক'লেই গা সাতখন-আঠখন, চেনাইৰ ঢোলৰ চেওত নাচনীৰ লাহি কঁকাল ভাঙে — সেইবোৰ হেৰাই গ'ল। আগতে বহাগ বিহুৰ এসপ্তাহমান আগৰে পৰাই পথাৰৰ মাজত সৰু সৰু ল'ৰা-ছোৱালীয়ে বিহুৰ আখৰা কৰিছিল।বিহুৰ কেইদিনত ঘৰে ঘৰে হুচৰি, বিহু গীত গাই নাচিছিল। এতিয়া পথাৰৰ মাজত বিহুৰ আখৰা কৰিবলৈ ল'ৰা-ছোৱালী নাযায়।তাৰ সলনি বিভিন্ন ঠাইত অনুষ্ঠিত কৰা বিহু কৰ্মশালালৈহে যায়।সন্ধিয়া ঘৰে ঘৰে জাকে জাকে বিহু মাৰিবলৈ ডেকা-গাভৰু,সৰু ল'ৰা-ছোৱালী নাহে ।বিভিন্ন ঠাইত অনুষ্ঠিত কৰা প্ৰতিযোগিতামূলক সাংস্কৃতিক সন্ধিয়াতে ভিৰ কৰে।
বিহু বুলিলেই হোৱা আগৰ দিনৰ দৰে এতিয়া আনন্দ-ফুৰ্তি নাই। আমি সৰু থাকোঁতে বিহুৰ এসপ্তাহমান আগৰেপৰাই পথাৰৰ মাজত বিহুৰ আখৰা কৰিবলৈ গৈছিলোঁ। ল'ৰাবোৰে ডাঙৰ ভলুকা বাঁহ কাটি তাৰে এটা টুকুৰা লৈ দুই মূৰে ঢকুৱাৰ ডাঠ ছাল বান্ধি তাৰেই ঢোল বনাই বজাইছিল। কিবা এক অপৰিসীম আনন্দ লুকাই আছিল তাত। আকৌ বিহুৰকেইদিনত ঘৰে ঘৰে গৈ বিহু মাৰিছিলোঁ। বেছিৰভাগ কৃষিৰ লগত মানুহ জড়িত আছিল বাবেই হয়তো প্ৰকৃতিৰ লগত সময় কটাইও ভাল পাইছিল। কঁহুৱা-বিৰিণাৰ লয়লাস নৃত্যত মন্ত্ৰমুগ্ধ হৈ পৰিছিল। নৈ-নিজৰা, ফুল, চৰাই-চিৰিকটিৰ সৈতে বাৰ্তালাপ কৰি যেন সকলোৱে ভাল পাইছিল — ককা-আইতাৰ মুখত তাহানিৰ কথাবোৰ শুনিলে মোৰ তেনে ভাব হয়।
সৰুতে হাতত জেতুকাৰ ৰং বোলাবলৈকে ইঘৰে সিঘৰে জেতুকাৰ পাত বিচাৰি আনি জেতুকা পিচি হাতৰ তলুৱাত লগাইছিলোঁ। দুহাত ৰঙীন কৰি লৈ বিহু মাৰিবলৈ গৈছিলোঁ।সেইকেইদিন যে কিমান ফুৰ্তি মনত! আমাৰ সময়বোৰ বেলেগ আছিল।সৰু সৰু কিছুমান কথাতেই লুকাই আছিল সুখ, আনন্দ, ফুৰ্তি। সময়ৰ ধামখুমীয়াত এইবোৰৰ পৰিবৰ্তন হ'ল। এতিয়াৰ ল'ৰা-ছোৱালীয়ে পথাৰৰ মাজত আঁহতৰ তলত বিহুৰ আখৰা কৰাৰ আমেজ কি নুবুজিব।বিহুৰ সময়ত গোৱা যোজনা —
অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাঁকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নাপাতি কেনেকৈ থাকোঁ।
সময় গতিশীল। সময়ৰ লগে লগে গছৰ তলৰ বিহু মঞ্চ পালেহি। অৱশ্যে আগৰ দৰে খেতি-মাটিও সিমান নাই। খেতি কৰা মানুহো কম। প্ৰায়ভাগেই চাকৰিৰ লগতে উদ্যোগ, ব্যৱসায়-বাণিজ্য আদি বিভিন্ন কৰ্মত নিয়োজিত। গ্ৰামাঞ্চলতো কৃষকৰ সংখ্যা কমি আহিছে। এতিয়াৰ ল'ৰা-ছোৱালীয়ে পথাৰৰ বোকা গচকি পোৱাৰ সম্ভাৱনাও অতি কম। সেইকাৰণেই আজি কোনেও পথাৰৰ মাজত বিহুৰ আখৰা কৰা নতুবা নাঙল-যুঁৱলীক লৈ বিহুনাম গোৱা পৰিলক্ষিত নহয়। এইদৰে গছৰ তলৰ বিহু বা চোতালত নচা বিহুৰ যি সুকীয়া মাদকতা সেয়া মঞ্চ বিহু বা আধুনিকতাৰ পৰশ লগা বিহুত আমি দেখা নাপাওঁ।
আমি আধুনিকতাৰ মাজতো বিহুক জীয়াই ৰাখিব লাগিব, সেয়া পথাৰৰ মাজত, আহঁতৰ তলতে হওক বা বিহুমঞ্চ-কৰ্মশালাতে হওক। অসমীয়া কৃষ্টি সংস্কৃতি, ঐতিহ্য, পৰম্পৰাক আমিয়েই জীয়াই ৰাখিব লাগিব। বিহুৰ জৰিয়তেই মানুহৰ মাজত মিলনৰ সেতু গঢ়ি তুলিব পাৰিব লাগিব।
(লভিতা চহৰীয়া নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ ছাত্ৰী)
একলম
লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰপৰা প্ৰকাশিত
ekolom2025@gmail.com
+917575909540
© 2025. All rights reserved.
