অসমৰ থলুৱা ব্যৱসায়ীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বান
অৰ্থনীতি


উত্তৰ-পূব ভাৰতৰ এক উদীয়মান ৰাজ্য অসম। এই ৰাজ্যখনৰ অৰ্থনৈতিক গাঁঠনি মূলত কৃষি-ভিত্তিক। তাৰ উপৰিও ইয়াৰ মানুহখিনি উদ্যোগ আৰু সৰু-সুৰা ব্যৱসায়ৰ ওপৰতো নিৰ্ভৰশীল। বিশেষকৈ অসমৰ গ্ৰাম্য অৰ্থনীতিত থলুৱা ব্যৱসায়ীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু বিগত কেইবছৰত আমাৰ দেশত যি ধৰণৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিৱর্তন সংঘটিত হৈছে তাৰ ফলত এই থলুৱা ব্যৱসায়ীসকল এশ এবুৰি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আজিৰ দিনত তেওঁলোকে লাভৰ স্বপ্নত বিভোৰ হৈ ব্যৱসায় আৰম্ভ নকৰে, বৰঞ্চ নিজৰ পৰম্পৰাগত ব্যৱসায়টো কোনোমতে ধৰি ৰাখিব পাৰিব নে নাই সেই চিন্তাইহে তেওঁলোকক সদায় উদ্বিগ্ন কৰে।
বিশ্বায়নৰ যুগত বজাৰখন সকলোৰে বাবে মুক্ত। কিন্তু ইয়াৰ সুবিধা সকলো স্তৰৰ লোকেই সমানে লাভ কৰিব পাৰে নে নাই সেইটোহে লাখটকীয়া প্ৰশ্ন। বহুজাতিক কোম্পানী তথা বৃহৎ পুঁজিপতি গোষ্ঠীসমূহে বিশ্ব-বজাৰত নিজৰ আধিপত্য বিস্তাৰ কৰিছে। ফলত আমাৰ দেশৰ অন্য ঠাইৰ দৰে অসমৰ বজাৰ ব্যৱস্থাও এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে। আজিকালি সকলো পণ্য এমাজন, ফ্লিপ্কাৰ্ট, মিণ্ট্ৰা আদিৰ পৰা সহজে ঘৰতে বহি কিনিব পাৰি। আনহাতে বজাৰত দোকান খুলি বহি থকা থলুৱা ব্যৱসায়ী এজনে নিজৰ পুঁজিৰ সীমা, ক্ৰেতাৰ অভাৱ, আৰু এই বহুজাতিক কোম্পানীৰ পৰা তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হৈ কঠোৰ দিন পাৰ কৰিবলগীয়া হৈছে। উল্লেখযোগ্য যে এই ব্যৱসায়ীসকলৰ বহুতে বিভিন্ন কৰ্মচাৰীও নিয়োগ কৰি থৈছে । সেয়ে এনে দোকান এখন বন্ধ হ’লে মালিকজনৰ লগতে এই কৰ্মচাৰীসকলো সংকটত পৰিব।
আগৰ দিনত ছাত্ৰ-ছাত্ৰীয়ে পঢ়াশালীৰ পৰা আহি নিজৰ পৰিয়ালৰ ব্যৱসায়ত সহায় কৰিছিল। পাছলৈ বহুতে সেই ব্যৱসায়কে আগবঢ়াই নি এক সুনিশ্চিত ভৱিষ্যতৰ পথত ভৰি দিছিল। কিন্তু বৰ্তমান শিক্ষাৰ প্ৰসাৰ, সামাজিক চাহিদা, আৰু অধিক লাভজনক চাকৰিৰ আকর্ষণৰ হেতু নতুন প্ৰজন্মৰ দৃষ্টিভংগী সম্পূৰ্ণভাৱে সলনি হৈছে। পৰম্পৰাগত ব্যৱসায়ক তেওঁলোকে পিছপৰা বুলি ভাবিবলৈ লৈছে। ইচ্ছা নাই সম্প্ৰসাৰণৰ, নাই বা আধুনিকীকৰণৰ। লগতে, ব্যৱসায় আৰম্ভ কৰিবলৈ পুঁজি, বজাৰ অধ্যয়ন, আৰু ধৈৰ্যৰ প্ৰয়োজন — যি সকলোৰে বাবে সহজ নহয়।
ফলস্বৰূপে বহু ঠাইত দেখা গৈছে যে পুত্ৰই পিতৃৰ ২০–৩০ বছৰীয়া দোকানখন বন্ধ কৰি তাত অন্য কিবা এটা গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তবোৰে সমাজক আত্মনির্ভৰশীলতাৰ বাট দেখুওৱা নাই। বৰং তাক লৈ গৈছে এক ‘চাকৰি-নির্ভৰশীল’ অৱস্থালৈ।
চৰকাৰৰ আশা-ব্যঞ্জক বক্তৃতা, ঘোষণা আদিৰ বিপৰীতে বাস্তৱত থলুৱা ব্যৱসায়ৰ প্ৰতি এক উপেক্ষাহে যেন চকুত পৰে। চেল্ফ্ ৰিলায়েণ্ট ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আদিৰ প্ৰসংগত ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰাৰ কথা কোৱা হয় যদিও বাস্তৱত এনে ব্যৱসায়ক সহজে ঋণ প্ৰদান কৰি, নীতি-নিয়মৰ সৰলীকৰণ কৰি এক সুচল ব্যৱসায়িক পৰিৱেশৰ সৃষ্টি নকৰিলে এনে ধাৰণা কেৱল কাগজতে সীমাবদ্ধ হৈ থাকিব।
এজন ব্যৱসায়ীয়ে কোনো সমস্যাৰ সম্মুখীন হ’লে সহায় ল’বলৈ কাৰ ওচৰলৈ যাব? — এই প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ নাই। বহু পুঁজিবিহীন থলুৱা ব্যৱসায়ীয়ে বেংকৰ ওপৰতে ভৰসা কৰি থাকে, কিন্তু বেংকে বান্ধি দিয়া কিছুমান নিয়ম সকলোৰে বাবে প্ৰযোজ্য নহয় বাবে তেওঁলোকে বেংকৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম নহয় ।
অসম এখন ব্যৱসায়িক সম্ভাৱনাপূৰ্ণ ৰাজ্য। ইয়াৰ সামগ্ৰীক সমৃদ্ধি তেতিয়াহে হ'ব যেতিয়া ইয়াৰ থলুৱা ব্যৱসায়বোৰ সমৃদ্ধ হ’ব, যেতিয়া নৱপ্ৰজন্ম সেই ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হ’ব, আৰু চৰকাৰেও বাস্তৱিক সহায়-সহযোগিতা আগবঢ়াব।
বৃহৎ পুঁজিপতিৰ একাধিপত্যৰপৰা বজাৰ ৰক্ষা কৰিবলৈ হ'লে ৰাইজে নিজৰ অঞ্চলৰ দোকান, হাট-বজাৰ আদিৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। একেধৰণে, নতুন প্ৰজন্মইয়ো পৰম্পৰাগত ব্যৱসায়ক আধুনিক ধৰণে আগুৱাই নিব লাগিব।
চৰকাৰে এই ক্ষেত্ৰত বিশেষ সহায়সূচী, সহজ ঋণ ব্যৱস্থা, আৰু এক ব্যৱসায়-বান্ধৱ পৰিৱেশ সৃষ্টিৰ বাবে দৃঢ় পদক্ষেপ ল’ব লাগিব। এই সকলোবোৰ চৰ্ত পূৰণ হ'লে নিশ্চয় অসমে নিজৰ থলুৱা ব্যৱসায়ৰ জৰিয়তে আৰ্থ-সামাজিকভাৱে অধিক শক্তিশালী হৈ উঠিব।
(যুক্তি ফুকন লখিমপুৰ জিলাৰ শংকৰদেৱ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ)