কৃত্ৰিম বুদ্ধিমত্তা: আশীৰ্বাদ নে অভিশাপ?

জ্যোতিস্না কোঁৱৰ

কৃত্ৰিম বুদ্ধিমত্তা : বৰ্তমান সময়ত প্ৰায় সকলোৰে এটা চিনাকি শব্দ। ইংৰাজীত 'Artificial Intelligence'। মানুহে প্ৰাথমিক বুদ্ধিমত্তাৰে কৰিব পৰা কেতবোৰ কাম যেতিয়া ডিজিটেল কম্পিউটাৰ নাইবা কম্পিউটাৰ নিয়ন্ত্ৰিত যন্ত্ৰমানৱে সম্পন্ন কৰে, তেতিয়া তাকে কৃত্ৰিম বুদ্ধিমত্তা বোলা হয়। মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰিব পৰা প্ৰযুক্তিয়েই হৈছে কৃত্ৰিম বুদ্ধিমত্তা।

কৃত্ৰিম বুদ্ধিমত্তা আশীৰ্বাদ নে অভিশাপ — এই প্ৰশ্নটো বৰ বিতৰ্কিত। কৃত্ৰিম বুদ্ধিমত্তাই সমাজ, অৰ্থনীতি আৰু দৈনন্দিন জীৱনলৈ বিপ্লৱ কঢ়িয়াই আনিছে। যেনেকৈ ই বহুতো সুবিধাৰ সৃষ্টি কৰিছে, তেনেকৈ অনেক আশংকাৰো জন্ম দিছে।

আশীৰ্বাদ হিচাপে চালে কৃত্ৰিম বুদ্ধিমত্তাই আমাক বিভিন্ন ধৰণে সহায় কৰিছে। শিক্ষা, চিকিৎসা, বৈজ্ঞানিক গৱেষণাত ই দ্ৰুত আৰু তথ্যভিত্তিক সিদ্ধান্ত লʼব পৰা হৈছে। বিপদজনক কাম-কাজত মানুহৰ ঠাইত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে মানৱ জীৱন ৰক্ষা কৰাৰ সম্ভাৱনা দেখুৱাইছে। ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা এক অমূল্য সহায়।

কৃত্ৰিম বুদ্ধিমত্তাৰ এনে সুফলৰ লগতে অনেক কুফলো নথকা নহয়। কৃত্ৰিম বুদ্ধিমত্তাৰ তেনে কেতবোৰ ক্ষতিসাধ্য সম্ভাৱনা হʼল: মানৱ শ্ৰমৰ বিকল্প হিচাবে কৃত্ৰিম বুদ্ধিমত্তাৰ বহুল ব্যৱহাৰৰ ফলত অনেক লোকে জীৱিকা হেৰুৱাব পাৰে। অত্যধিক অটোমেশ্যনে মানৱ নিয়ন্ত্ৰণৰ বাহিৰলৈ গ'লে বিভিন্ন বিপদৰ সৃষ্টি কৰিব পাৰে। তাৰোপৰি কৃত্ৰিম বুদ্ধিমত্তাই মানৱীয় সম্পৰ্ক আৰু অনুভুতি বুজি নাপায়, যি এক সমস্যাৰ সৃষ্টি কৰিব পাৰে।

সেইবাবেই ক'ব পাৰি যে কৃত্ৰিম বুদ্ধিমত্তা একাধাৰে আশীৰ্বাদো আৰু অভিশাপো। জীৱ শ্ৰেষ্ঠ বুলি দাবী কৰা মানুহে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰত অনুকৃত কৰি চমকপ্ৰদ উন্নতি সাধিছে সঁচা, কিন্তু একেসময়তে সেই চিন্তাশক্তিৰ লেগাম ধৰিব নোৱাৰিলে অদূৰ ভৱিষ্যতে যে কোনো অস্বাভাৱিক, বিপদজনক পৰিস্থিতিয়ে দেখা দিব তাত সন্দেহ নাই।

(জ্যোতিস্না কোঁৱৰ শিৱসাগৰ জিলাৰ জাঁজী হেমনাথ শৰ্মা কলেজৰ শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰী)