"একলম" সম্পৰ্কে একলম


সকলো সমাজতে, সকলো যুগতে একাণপতীয়াকৈ লিখা-মেলা কৰা মানুহখিনি সদায়ে সংখ্যালঘু। সেয়েহে তেওঁলোকক প্ৰয়োজন এক উমৈহতীয়া বৌদ্ধিক মঞ্চৰ। এই কথা নতুন প্ৰজন্মৰ ক্ষেত্ৰত বিশেষকৈ প্ৰযোজ্য। আজিৰ তৰুণ-তৰুণীসকলে মাৰ বান্ধিব লাগিব বৌদ্ধিক এলাহ আৰু অজ্ঞতাৰ বিৰুদ্ধে, একগোট হ'ব লাগিব ইজনে সিজনক আগুৱাই নিয়াৰ উদ্দেশ্যে। এনে এক লক্ষ্য আগত ৰাখিয়ে একলম আলোচনীখনৰ জন্ম।
বৰ্তমান কলেজ-ইউনিভাৰ্চিটিসমূহত অধ্যয়নৰত তৰণ-তৰুণীসকলৰ মাজত ভাষা-সাহিত্যৰ চৰ্চা কমা নাই, বৰং ডিজিটেল প্ৰযুক্তিৰ সুবাদতে সেয়া হয়তো বাঢ়িছেহে। আজিকালি এগৰাকী শিক্ষাৰ্থীয়ে লেখা এটা প্ৰকাশ কৰিবলৈ বাতৰি কাকত বা আলোচনীৰ সম্পাদনা কক্ষৰ মুখত অপেক্ষা কৰিব নালাগে, বৰং নিজৰ ছ'চিয়েল মিডিয়াৰ দেৱালতে তাক প্ৰকাশ কৰিব পাৰে, তাৎক্ষণিকভাৱে। তেনেকৈ লিখা-মেলা কৰি অনেকে জনপ্ৰিয়তাও আৰ্জিছে, ছ'চিয়েল মিডিয়াৰ তেনে বহুতো লেখা কিতাপ আকাৰেও প্ৰকাশ পাইছে।
কিন্তু এনেদৰে সামাজিক মাধ্যমত লিখাৰ এক সীমবদ্ধতা আছে। সাধুকথাৰ সিংহই কুঁৱাৰ পানীত নিজৰেই প্ৰতিচ্ছবি দেখি আৰু কুঁৱাৰ ভিতৰত মাথোঁ নিজৰেই মাতৰ প্ৰতিধ্বনি শুনি ভুল বাটে পৰিচালিত হোৱাৰ দৰে কেৱল সামাজিক মাধ্যমতে লিখা-মেলা কৰা লিখকৰ বাবে আত্ম-সমালোচনাৰ সুযোগো ক্ষীণ হৈ পৰে। কাৰণ ছ'চিয়েল মিডিয়াত তেওঁলোকে লেখাসমূহ প্ৰকাশ পায় অসম্পাদিত ৰূপত, কাৰো হস্তক্ষেপ বা মধ্যস্থতা নোহোৱাকৈ। এফালে সি ছপাৰ বাটৰ হেঙাৰ দূৰ কৰে হয়, কিন্তু আনফালে বহু সময়ত সি আনৰপৰা শিকাৰ বাটো বন্ধ কৰে।
ইয়াৰ পৰিৱৰ্তে যেতিয়া তৰুণ লেখকসকলে তৃতীয় পক্ষই গঢ়ি দিয়া এখন উমৈহতীয়া মঞ্চত একগোট হয়, তেতিয়া তেওঁলোকে সামাজিক মাধ্যমৰ দাপোন-গৃহৰপৰা ওলাই আহি নিজৰ সতীৰ্থসকলৰপৰা শিকাৰ, প্ৰেৰণা লভাৰ সুযোগ পায়। তাৰোপৰি সেই মঞ্চৰ সম্পাদকীয় মধ্যস্থতা শক্তিশালী হ'লে সিও তেওঁলোকক বহু ক্ষেত্ৰত সহায় কৰিব পাৰে।
ছাত্ৰ-ছাত্ৰীসকলে নিজৰ লেখা, ফটোগ্ৰাফ, চিত্ৰকলা আদি প্ৰকাশ কৰাৰ লগতে পৰস্পৰৰ মাজত নিজ কৰ্মৰ আদান-প্ৰদান কৰা আৰু পৰস্পৰৰপৰা শিকা — এনে এখন মঞ্চ গঢ়ায়ে হৈছে একলম আলোচনীৰ লক্ষ্য। বৰ্তমান সময়ত অসমীয়া ভাষাত বহুতো অনলাইন আলোচনী আছে যদিও কেৱল ছাত্ৰৰ উদ্দেশ্যেৰে প্ৰকাশিত আলোচনীৰ সংখ্যা বেছি নহয়। তাৰোপৰি সুপ্ৰতিষ্ঠিত ছপা আলোচনীসমূহত সকলো ছাত্ৰৰ বাবে লেখা প্ৰকাশ কৰাটো সম্ভৱ নহয়, কাৰণ তাৰ বাবে লাগে যথেষ্ট আখৰা। একলম আলোচনীখনে তেনে এক আখৰাথলীৰে সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে।
এই আলোচনীখনৰ এক ডাঙৰ শক্তি হৈছে ইয়াৰ আঁৰত থকা মানুহখিনি। এই আটাইখিনি মানুহ হৈছে অসমৰ বিভিন্ন কলেজ, ইউনিভাৰ্চিটি, আই.আই.টি. আদিৰ অধ্যাপক। তাৰে প্ৰায়সকলেই প্ৰতিষ্ঠিত গণিতজ্ঞ, সাহিত্যিক, সমাজ বিজ্ঞানী, অথবা শিল্পী। তাৰোপৰি দেশৰ ছাত্ৰ সমাজৰ সৈতে তেওঁলোকৰ আছে পোনপটীয়া সম্পৰ্ক। এই কথাই অনাগত দিনবোৰত আলোচনীখনৰ অৱস্থান অধিক শক্তিশালী কৰি তুলিব বুলি আমাৰ দৃঢ় বিশ্বাস।
তাৰোপৰি আলোচনীখনৰ প্ৰস্তুতিৰ সময়ত লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰপৰাও লাভ কৰিছিলোঁ অতি উৎসাহপূৰ্ণ সঁহাৰি। এইটো সংখ্যাৰ লেখাসমূহত ব্যৱহৃত প্ৰায়ভাগ ফটোগ্ৰাফেই আমাৰ ছাত্ৰী-শিক্ষকসকলে লোৱা। অনাগত দিনবোৰত যে তেওঁলোকৰপৰা অধিক সহায়-সহযোগিতা লাভ কৰিম সি নিশ্চিত।
এনে এখন আলোচনী আৰম্ভ কৰাৰ কথাটো মনলৈ আহিছিল চলিত বছৰৰ ৩০ মাৰ্চ তাৰিখে। লগে লগে সিদ্ধান্ত লৈছিলোঁ যে আলোচনীখন উন্মোচিত হ'ব একে বছৰৰে ১৫ এপ্ৰিল তাৰিখে, অসমীয়া নতুন বছৰৰ প্ৰথমটো দিনত। মাথোঁ পোন্ধৰ দিনৰ ভিতৰতে আলোচনী এখনৰ সমল গোটাই, সম্পাদনা কৰি, ৱেবচাইট ডিজাইন কৰি সকলো বস্তু আপলোড কৰাটো বৰ সহজ কাম নাছিল। তথাপিতো এই কাম সম্ভৱ হৈ উঠিল অসমৰ বিভিন্ন প্ৰান্তৰ চিনাকি-অচিনাকি শিক্ষক আৰু শিক্ষাৰ্থীৰ অকুণ্ঠ সহাঁৰিত। তাৰোপৰি আলোচনীখনৰ তত্ত্বাৱধানৰ দায়িত্বত থকা লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ সকলো শিক্ষকৰপৰাও লাভ কৰিলোঁ অক্লান্ত সহযোগিতা। এইক্ষেত্ৰত লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ডº সুৰজিত ভূঞা ডাঙৰীয়াৰ উৎসাহ-অনুপ্ৰেৰণা বিশেষভাৱে উল্লেখযোগ্য। এই সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ ৰ'ল।
আলোচনীখনৰ কাম আৰম্ভ কৰিবলৈ লোৱা সময়ত অসমৰ কলেজ-ইউনিভাৰ্চিটিসমূহত চলিছিল চেমেষ্টাৰ পৰীক্ষাৰ যো-জা। তাৰ মাজতো সকলোৰেপৰা যিধৰণৰ সঁহাৰি পালোঁ সি আছিল অতি উৎসাহজনক। সেই সঁহাৰিয়েই কয় যে এনে এখন আলোচনীৰ প্ৰয়োজনীয়তা কিমান বেছি।
ইমান খৰখেদাকৈ উলিওৱা আলোচনী এখনত কাজেই অনেক ভুল-ভ্ৰান্তি ৰৈ যোৱাটো স্বাভাৱিক। সদাশয় পাঠকে চকুত পৰা আসোঁৱাহবোৰ আঙুলিয়াই দিলে আমি অনতিপলমে সেইবোৰ দূৰ কৰাৰ ব্যৱস্থা ল'ম। আশা কৰিছোঁ অসমৰ সকলো শিক্ষকেই আমাৰ এই যাত্ৰাৰ অংশীদাৰ হ'ব আৰু নিজ নিজ ছাত্ৰসকলক একলম লিখিবলৈ উৎসাহ যোগাব।
শেষত সকলোলৈ বসন্তৰ আৰু ৰঙালী বিহুৰ শুভকামনা জনাই আমাৰ এই কলমত সাঁফৰ মাৰিলোঁ।
(ডº পৰাগ কুমাৰ ডেকা লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ শিক্ষক।)