যৌতুক প্ৰথা আৰু অৱহেলিত কন্যা সন্তান

সমাজ

পাপৰি দাস

যৌতুক এক সামাজিক ব্যাধি। ই এক অভিশাপ, নাৰী নিৰ্যাতনৰ এপাত অস্ত্ৰ। যৌতুক বুলি ক'লে আমি সাধাৰণতে বিয়াৰ সময়ত কইনাৰ অভিভাৱকে দৰাঘৰলৈ দিয়া টকা-পইচা বা মূল্যবান সা-সামগ্ৰীক বুজোঁ। যৌতুক হৈছে সম্পত্তিৰ হস্তান্তৰৰ এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ সমস্ত খৰচ বহন কৰে কইনাৰ পিতৃ-মাতৃয়ে। বিবাহৰ সময়ত কইনাক এইদৰে অতি মূল্যবান সা-সামগ্ৰী দিয়া প্ৰথাকে ইতিহাসে যৌতুক বুলি অভিহিত কৰি আহিছে। ইয়াৰ ফলতে লখিমী বুলি অভিহিত ছোৱালীজনী ধৰ্ষণ, শাৰিৰীক-মানসিক আতিশয্য আদিৰ বলি হয়।

এসময়ত প্ৰায়ভাগ সমাজত ছোৱালীবোৰৰ সম্পত্তিৰ উত্তৰাধিকাৰ নাছিল। সেয়ে এজনী ছোৱালীক বিয়াৰ সময়ত যৌতুক দিয়াৰ প্ৰথা গঢ় লৈ উঠিছিল। দিন বাগৰাৰ লগে লগে যৌতুক প্ৰথাটো আমাৰ সমাজত গভীৰভাৱে শিপাই পৰিল।

ইতিহাসৰ পাত লুটিয়াই চালে প্ৰাচীন কালৰে পৰাই নাৰীসকল নিৰ্যাতিতা, অৱহেলিত হোৱা দেখা যায়। আমাৰ দেশত বিভিন্ন যৌতুক-বিৰোধী আইন বলবৎ হোৱা স্বত্তেও এই ঘৃণনীয় প্ৰথা এতিয়াও বন্ধ হোৱা নাই। বৰং দিনে দিনে যৌতুকৰ বলি হোৱা নাৰীৰ সংখ্যা বাঢ়িহে গৈছে। যৌতুকৰ নামত স্বামীৰ পৰিয়ালে বহুতো মহিলাক অকথ্য নিৰ্যাতন কৰি প্ৰাণে মৰা দেখা যায়। পুৰুষ-প্ৰধান সমাজে এতিয়াও যিকোনো কথাতে নাৰীকে দোষাৰোপ কৰে। এই দোষাৰোপ ব্যাধিয়ে সমাজৰ প্ৰায় প্ৰত্যেকজনী ছোৱালীকে নিৰ্যাতিত কৰে আৰু শেষত তেওঁলোকক অৱহেলাৰ মুখলৈ ঠেলি দিয়ে। বহুতো নাৰীয়ে স্বামী গৃহত নিৰ্যাতন আৰু অৱহেলা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লয়। বহুক্ষেত্ৰত আকৌ বহুতো হত্যাকাণ্ডকো আত্মহত্যাৰ ৰূপ দিয়া হয়।

এনে নহয় যে কেৱল দুখীয়া মানুহৰ ঘৰৰ ছোৱালীয়েই যৌতুকৰ বলি হয়। বৰং মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, শিক্ষিত আৰু ধনী পৰিয়ালৰ কন্যাও এই প্ৰথাৰ চিকাৰ হয়। আজি আমাৰ সমাজৰ নাৰীসকলে নিজৰ ধৈৰ্য্য, সাহস, একাগ্ৰতা, পাৰদৰ্শিতাৰ বলত বিভিন্ন দিশত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ মাজতো সেই একেখন সমাজতে আন একাংশ লোকে কন্যা সন্তান জন্ম হোৱাটোকো অভিশাপ ৰূপে গণ্য কৰা দেখা যায়। সেয়া আমাৰ সকলোৰে বাবে এক চিন্তনীয় বিষয়।

আধুনিক শিক্ষা ব্যৱস্থাৰ দ্ৰুত উন্নয়নৰ পিছতো যদি আমি আমাৰ সমাজৰ, যৌতুকমুখী সামাজিক মানসিকতাৰ সংস্কাৰ সাধন কৰিব নোৱাৰোঁ তেন্তে আমাৰ নাৰী আৰু কন্যা সন্তানৰ ভৱিষ্যত কণ্টকময় হৈ উঠিব। আমি নাৰীসকলক পুৰুষৰ লগত সমমৰ্য্যদা আৰু সমঅধিকাৰ দি আগুৱাই লৈ যাব লাগিব।আমি প্ৰতিগৰাকী নাৰীয়ে নাৰীৰ শত্ৰু নহৈ পৰস্পৰক সন্মান কৰিব লাগিব। তেতিয়াহে হয়তো নাৰী নিৰ্যাতন আৰু অৱহেলা কিছু পৰিমাণে কমিব। এই ক্ষেত্ৰত ছোৱালীসকলৰ অভিভাৱক আৰু সমাজখনেও যথোচিত গুৰুত্ব দিয়াটো প্ৰয়োজন। তেতিয়াহে সমাজৰ প্ৰতিজনী নাৰী আৰু কন্যা-সন্তান সদায় এনেকৈয়ে নিৰ্যাতিত আৰু অৱহেলিত হৈ নাথাকিব আৰু অদূৰ ভৱিষ্যতে আমাৰ সমাজখনৰ যৌতুক-আন্ধাৰ দূৰ হ'ব।

(পাপৰি দাস বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰী)